কাইলৈ ফাইনেল: ভাৰতে বিশ্বজয় কৰিলেই ১০০ কোটি টকাৰ পুৰস্কাৰ; ঘোষণা ব্যৱসায়ীৰ

World Cup final Astrotalk

কাইলৈ অনুষ্ঠিত হ’ব ক্ৰিকেট বিশ্বকাপৰ বহু প্ৰতীক্ষিত ফাইনেল। তৃতীয়বাৰৰ বাবে বিশ্বজয়ৰ লক্ষ্যৰে আহমেদাবাদত কাইলৈ কেংগাৰু বাহিনীৰ বিপক্ষে অৱতীৰ্ণ হ’ব ভাৰত। বিশ্বজয়ৰ আশাত উদগ্ৰীৱ হৈ আছে দেশবাসী।

বিশ্বকাপৰ সাফল্যৰ পিছত স্বাভাৱিকতেই ভাৰতীয় দলৰ খেলুৱৈসকললৈ পুৰস্কাৰৰ সোঁত ব’ব। ভাৰতীয় ক্ৰীড়াক্ষেত্ৰত এয়া এক সুলভ দৃশ্য। পিছে এইবাৰ কেৱল খেলুৱৈৰে নহয়, ভাৰতে বিশ্বকাপ জয় কৰিলে কঁপাল ফুলিব দেশবাশীৰো!

আহমেদাবাদত যদি কাইলৈ অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ভাৰতে বিশ্বকাপ জয় কৰিবলৈ সক্ষম হয়, দেশৰ একাংশ লোকে লাভ কৰিব এশ কোটি টকাৰ পুৰস্কাৰ। এগৰাকী ব্যৱসায়ীয়ে ঘোষণা কৰিছে এই বৃহৎ ধনৰাশিৰ পুৰস্কাৰ।

অনলাইল জ্যোতিষ এপ্লিকেচন এষ্ট্ৰ’টকৰ চিইঅ’ পুনীত গুপ্তাই কৰিছে এই ঘোষণা। গুপ্তাৰ প্ৰতিশ্ৰুতি, ভাৰতে যদি বিশ্বকাপৰ খিতাপ অৰ্জন কৰে, এষ্ট্ৰ’টক ব্যৱহাৰকাৰীসকলক তেওঁ বিতৰণ কৰিব ১০০ কোটি টকা।

লিংকডইনত এক পোষ্ট যোগে তেওঁ কৰিছে এই ঘোষণা। পোষ্টটোত তেওঁ কয় যে ২০১১ চনত ভাৰতে যেতিয়া শেষবাৰৰ বাবে বিশ্বকাপ জয় কৰিছিল, তেওঁ তেতিয়া কলেজত পঢ়ি আছিল। সেই দিনটোক তেওঁ জীৱনৰ অন্যতম সুখৰ দিন বুলি অভিহিত কৰে।

মেচখনৰ আগদিনাৰ উত্তেজনাপূৰ্ণ পৰিৱেশ স্মৰণ কৰি তেওঁ কয় যে, ফাইনেলৰ আগদিনা গোটেই ৰাতি তেওঁলোকে আলোচনা কৰিছিল ফাইনেলত ভাৰতৰ সম্ভাৱ্য কৌশলৰ বিষয়ে আৰু সেয়ে সেইদিনা ভালদৰে টোপনি অহা নাছিল তেওঁলোকৰ।

২০১১ত বিশ্বকাপ জয়ৰ সুখানুভূতিৰ বিষয়েও তেওঁ পোষ্টটোত বৰ্ণনা কৰে। বিশ্বজয়ৰ সেই সুখানুভূতি এইবাৰ এষ্ট্ৰ’টক পৰিয়ালৰ মাজলৈ লৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে গুপ্তাই। তেওঁ উল্লেখ কৰা মতে, এই পৰিকল্পনাৰ বিষয়ে তেওঁ আজি পুৱা বিত্তীয় দলৰ সৈতে আলোচনা কৰে।

নিজৰ ইচ্ছা আৰু বিত্তীয় দলৰ পৰামৰ্শ মৰ্মেই তেওঁ ভাৰতে বিশ্বকাপ জয় কৰিলে এষ্ট্ৰ’টক ব্যৱহাৰকাৰীসকলক ১০০ কোটি বিতৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া বুলি ঘোষণা কৰিছে। এই ঘোষণা কৰি তেওঁ লগতে সকলোকে ভাৰতীয় দলৰ সাফল্যৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায়।