আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁৰ মিত্ৰ তথা ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ ওপৰত চৰম ক্ষোভ প্ৰকাশ কৰিছে। শেহতীয়াকৈ দুয়োগৰাকী নেতাৰ মাজত হোৱা এক টেলিফোনিক বাৰ্তালাপত ট্ৰাম্পে ইজৰাইলী প্ৰধানমন্ত্ৰীগৰাকীক কঠোৰ ভাষাৰে ভৰ্ৎসনা কৰে। আনকি ট্ৰাম্পে নেতান্যাহুক ‘পাগল’ আখ্যা দিয়াৰ লগতে পৰিণতিৰ বিষয়ে ভ্ৰূক্ষেপ নকৰাকৈ কাম কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে। লেবাননত ইজৰাইলৰ ক্ৰমবৰ্ধমান সামৰিক অভিযানক লৈয়েই ৰাষ্ট্ৰপতি ট্ৰাম্পে এইদৰে মেজাজ হেৰুৱাই পেলোৱা বুলি জানিব পৰা গৈছে।
ইফালে, এই সামৰিক সংঘাতে যাতে ইৰানৰ সৈতে চলি থকা স্পৰ্শকাতৰ কূটনৈতিক আলোচনাত কোনো ব্যাঘাত জন্মাব নোৱাৰে, তাৰ বাবে ৱাশ্বিংটনে অহোপুৰুষাৰ্থ কৰিছে। বৈৰুতৰ দক্ষিণ প্ৰান্তত অৱস্থিত হিজবুল্লাহৰ ঘাটিত আক্ৰমণ চলোৱাৰ লগতে দক্ষিণ লেবাননত স্থল অভিযান সম্প্ৰসাৰণৰ নিৰ্দেশ দিয়াৰ পাছতেই দুয়োখন দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ মাজত এই অভূতপূৰ্ব তৰ্কযুদ্ধৰ সৃষ্টি হয়। ইজৰাইলৰ এনে আগ্ৰাসী পদক্ষেপে সমগ্ৰ মধ্যপ্ৰাচ্যত এক বৃহৎ আঞ্চলিক যুদ্ধৰ আশংকা বৃদ্ধি কৰাৰ সমান্তৰালকৈ তেহৰাণকো নতুনকৈ সতৰ্কবাণী জাৰি কৰিবলৈ বাধ্য কৰাইছে।
‘এক্সিঅ’চ’ নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ এক প্ৰতিবেদন অনুসৰি, ট্ৰাম্পে নেতান্যাহুৰ বিৰুদ্ধে ইজৰাইলক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অকলশৰীয়া কৰি পেলোৱাৰ অভিযোগ উত্থাপন কৰিছে। এইক্ষেত্ৰত আমেৰিকাৰ দুজন উচ্চপদস্থ বিষয়া আৰু আন এক নিৰ্ভৰযোগ্য সূত্ৰই প্ৰকাশ কৰা মতে, ট্ৰাম্পে ইজৰাইলী নেতাজনে কোনো ভৱিষ্যত পৰিণামৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ হঠকাৰী সিদ্ধান্ত লোৱা বুলি দাবী কৰিছে। এজন আমেৰিকান বিষয়াৰ উদ্ধৃতিৰে প্ৰকাশিত প্ৰতিবেদনখনত উল্লেখ থকা অনুসৰি, ট্ৰাম্পে নেতান্যাহুক স্পষ্টভাৱে কৈছিল যে তেওঁ এজন সম্পূৰ্ণ মানসিক ভাৰসাম্যহীন লোক। ট্ৰাম্পে দাবী কৰে যে তেওঁ নথকাহেঁতেন নেতান্যাহু আজিলৈকে কাৰাগাৰত আৱদ্ধ হৈ থাকিব লগা হ’লহেঁতেন। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে তেওঁ নেতান্যাহুৰ জীৱন ৰক্ষা কৰি আহিছে, কিন্তু বৰ্তমান সকলোৱে নেতান্যাহুক বেয়া পাবলৈ লোৱাৰ বাবেই সমগ্ৰ বিশ্বই ইজৰাইলকো ঘৃণাৰ চকুৰে চাবলৈ আৰম্ভ কৰিছে। আন এক সূত্ৰই প্ৰকাশ কৰা মতে, ফোনত কথা পাতি থকাৰ সময়তে খঙত অগ্নিশৰ্মা হৈ পৰা ট্ৰাম্পে চিঞৰি উঠি প্ৰশ্ন কৰিছিল যে ইজৰাইলে প্ৰকৃততে কি কৰিবলৈ ওলাইছে।
যোৱা সোমবাৰে নেতান্যাহু আৰু প্ৰতিৰক্ষামন্ত্ৰী ইজৰাইল কাটজে বৈৰুতৰ দাহিয়া জিলাৰ হিজবুল্লাহ নিয়ন্ত্ৰিত অঞ্চলসমূহত আক্ৰমণৰ নিৰ্দেশ দিয়াৰ পাছতেই এই সাম্প্ৰতিক সংঘাতৰ সূত্ৰপাত ঘটে। হিজবুল্লাহৰ ধাৰাবাহিক যুদ্ধবিৰতি উলংঘন আৰু ইজৰাইলৰ ভূখণ্ডত চলোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ স্বৰূপেই এই নিৰ্দেশ দিয়া হৈছিল বুলি ইজৰাইলে স্পষ্টীকৰণ দিছে। ইয়াৰ পাছতেই ব্যাপক বিমান আক্ৰমণৰ আশংকাত লেবাননৰ ৰাজধানী চহৰখনৰ দক্ষিণাঞ্চলৰ পৰা সাধাৰণ নাগৰিকসকলে প্ৰাণৰ মমতাত পলায়ন কৰিবলৈ আৰম্ভ কৰে।
হিজবুল্লাহক মুকলি সমৰ্থন আগবঢ়োৱা ইৰানে ইতিমধ্যে সকীয়াই দিছে যে লেবাননত ইজৰাইলৰ ধাৰাবাহিক আক্ৰমণে আমেৰিকাৰ সৈতে চলি থকা শান্তি প্ৰতিষ্ঠাৰ প্ৰচেষ্টাত বিধি পথালি দিব পাৰে। ইৰানৰ বিষয়াসকলে বাৰে বাৰে স্পষ্ট কৰি দিছে যে আমেৰিকাৰ সৈতে যিকোনো বুজাবুজিৰ প্ৰাথমিক চৰ্তই হৈছে লেবাননত শীঘ্ৰেই যুদ্ধবিৰতি ঘোষণা কৰা। আমেৰিকান বিষয়াসকলে প্ৰকাশ কৰা মতে, হিজবুল্লাহৰ ৰকেট আৰু ড্ৰোন আক্ৰমণৰ প্ৰত্যুত্তৰত ইজৰাইলে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি ট্ৰাম্পৰ পূৰ্ণ সমৰ্থন আছিল যদিও নেতান্যাহুৱে অপ্ৰয়োজনীয়ভাৱে সংঘাত বৃদ্ধি কৰা বুলি তেওঁ অনুভৱ কৰিছে। বিশেষকৈ লেবাননত নিৰীহ নাগৰিকৰ মৃত্যুৰ ঘটনাক লৈ ট্ৰাম্প বাৰুকৈয়ে চিন্তিত হৈ পৰিছিল আৰু হিজবুল্লাহৰ কমাণ্ডাৰসকলক লক্ষ্য কৰি চলোৱা এনে বৃহৎ পৰিসৰৰ আক্ৰমণৰ তেওঁ ঘোৰ বিৰোধিতা কৰিছিল।
এই টেলিফোনিক বাৰ্তালাপৰ পাছতেই ইয়াৰ তাৎক্ষণিক প্ৰভাৱ পৰিলক্ষিত হৈছে। এজন ইজৰাইলী বিষয়াই জানিবলৈ দিয়া মতে, ইজৰাইলে এতিয়া বৈৰুতত হিজবুল্লাহৰ লক্ষ্যবস্তুত আক্ৰমণ চলোৱাৰ পৰিকল্পনা স্থগিত ৰাখিছে। পৰৱৰ্তী সময়ত ট্ৰাম্পেও জানিবলৈ দিয়ে যে তেওঁ নেতান্যাহুৰ সৈতে কথা পতাৰ পাছতেই বৈৰুতৰ দিশে অগ্ৰসৰ হোৱা ইজৰাইলী সৈন্যসকলক ঘূৰাই অনা হৈছে। তেওঁ লগতে দাবী কৰে যে মধ্যস্থতাকাৰীৰ জৰিয়তে হিজবুল্লাহো ইজৰাইলৰ ওপৰত আক্ৰমণ বন্ধ কৰিবলৈ সন্মত হৈছে। ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছ’চিয়েল’ত উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নেতান্যাহুৰ সৈতে তেওঁৰ অতি ফলপ্ৰসূ আলোচনা হৈছে আৰু বৈৰুতলৈ কোনো সামৰিক বাহিনী প্ৰেৰণ কৰা নহ’ব।
অৱশ্যে ইজৰাইলৰ সামগ্ৰিক সামৰিক স্থিতিৰ কোনো পৰিৱৰ্তন হোৱা বুলি নেতান্যাহুৱে স্পষ্ট ইংগিত দিয়া নাই। বাৰ্তালাপৰ পাছত প্ৰকাশিত এক বিবৃতিত তেওঁ উল্লেখ কৰে যে ইজৰাইলে দক্ষিণ লেবাননত নিজৰ নিৰ্ধাৰিত অভিযান অব্যাহত ৰাখিব। ইয়াৰ সমান্তৰালকৈ তেওঁ সকীয়াই দিয়ে যে যদিহে হিজবুল্লাহে ইজৰাইলৰ ওপৰত গুলীবৰ্ষণ বন্ধ নকৰে, তেন্তে বৈৰুতত আক্ৰমণ চলোৱাৰ বিকল্প ইজৰাইলৰ হাতত সদায় মুকলি থাকিব।
ইৰান আৰু আঞ্চলিক নিৰাপত্তাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত দুয়োখন দেশৰ মাজত নিবিড় সমন্বয় থকাৰ পাছতো শেহতীয়া পৰিস্থিতিয়ে দুয়োগৰাকী শীৰ্ষ নেতাৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাকহে প্ৰতিফলিত কৰিছে। আমেৰিকাৰ এজন বিষয়াই এই ফোনালাপক ট্ৰাম্প পুনৰ ক্ষমতালৈ অহাৰ পাছৰে পৰা আটাইতকৈ বিতৰ্কিত বাৰ্তালাপ হিচাপে অভিহিত কৰিছে। প্ৰকাশিত তথ্য অনুসৰি, ট্ৰাম্পৰ এই তীব্ৰ ক্ষোভৰ মূল কাৰণেই আছিল লেবানন সংকটে আমেৰিকা আৰু ইৰানৰ মাজত চলি থকা আলোচনাত ব্যাঘাত জন্মোৱাৰ সম্ভাৱনা, যদিওবা ট্ৰাম্পে পৰৱৰ্তী সময়ত এই আলোচনা অতি দ্ৰুত গতিত আগবাঢ়িছে বুলি দাবী কৰিছে।





