প্ৰয়োজনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ম : ৰঞ্জিত দাস

শনিবাৰে মাজুলীত অনুষ্ঠিত এখন দলীয় সভাত অংশ গ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কয় যে, ‘প্ৰয়োজনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ম।’

মন কৰিবলগীয়া যে সভাপতি গৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰাৰ কথা কোৱা নাই ইয়াৰ বিপৰীতে তেওঁ এই বিধেয়কখনে অসমৰ একো ক্ষতি নকৰে বুলিহে কয়।

লগতে যদিহে এই নাগৰিকত্ব সংশোধনী বিধেয়কখনে অসমৰ ক্ষতি কৰে তেন্তে অসমৰ ৰাইজৰ স্বাৰ্থত তেওঁ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি জনায়।

শনিবাৰে বিজেপিৰ নিৰ্দেশত সমগ্ৰ ভাৰতৰ লগতে মাজুলীতো ৰঞ্জিত দাসৰ উপস্থিতিত বিস্তাৰকসকলৰ নিযুক্তিপত্ৰ বিতৰণ কাৰ্যসূচী আৰম্ভ হয়।

ইফালে বিজেপি দলৰ অসম বিৰোধী কাৰ্যকলাপ তথা নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ যি কাৰ্যপন্থা হাতত লৈছে সেই লৈ বৰ্তমান অসমৰ জনসাধাৰণ ক্ষুব্ধ হৈ থকাৰ সময়তে বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীৰ এনে মন্তব্যৰ পিছতে বিজেপিৰ ভিতৰচ’ৰাত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে।

আনহাতে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে এনে ধৰণৰ পন্থা অৱলম্বন কৰিব পাৰে বুলিও একাংশ সচেতন মহলে মন্তব্য কৰিছে।