হিন্দী ভাষা দেশজুৰি জাপি দিয়াৰ ইংগিত বহন কৰা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ মন্তব্যটোৱে দক্ষিণ আৰু উত্তৰ-পূব ভাৰতত সৃষ্টি কৰা আলোড়ন অব্যাহত আছে।
দল-সংগঠনৰ আন্দোলনৰ ভাবুকিৰ পৰা আৰম্ভ কৰি ছ’চিয়েল মিডিয়া য়ুজাৰৰ তীব্ৰ বিৰোধিতাৰ পোষ্টলৈকে -এই আলোড়ন ভিন্ন ৰূপত দেখা গৈছে।
অমিত শ্বাহে যোৱা ১৪ ছেপ্টেম্বৰত নতুন দিল্লীত ৰাষ্ট্ৰীয় হিন্দী দিৱসত আৰ এছ এছৰ সুৰত মন্তব্য কৰিছিল যে হিন্দীক ভাৰতৰ উমৈহতীয়া ভাষা কৰিব লাগে। হিন্দী দেশখনক ঐক্যবদ্ধ কৰাৰ ভাষা হ’ব পাৰে। তেওঁ লগতে উত্তৰ-পূব বাসীক হিন্দী শিকোৱা হ’ব বুলিও কৈছিল।
কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনৰ মন্তব্যটো বিজেপিৰ ‘এক দেশ, এক জাতি, এক ভাষা’ৰ গোপন অভিসন্ধিৰ প্ৰতিফলন বুলি দাবী কৰি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে দক্ষিণ ভাৰত, পশ্চিম বংগ আৰু উত্তৰ-পূবৰ জনগণ, ব্যক্তি, দল-সংগঠনে। বিৰোধিতা কৰা পক্ষবোৰৰ দাবী, ‘ভাষা, সংস্কৃতি, ধৰ্মৰ বৈচিত্ৰ্যৰে অনৈক্যৰ মাজত ঐক্যৰ নিদৰ্শন হৈ থকা ভাৰতত এই সূত্ৰই ভিন ভিন জাতি-জনগোষ্ঠীৰ স্বকীয়তাত আঘাত হানিব পাৰে’।
বিশেষকৈ ক্ষতিগ্ৰস্ত হোৱাৰ শংকাই দেখা দিছে উত্তৰ-পূবৰ থলুৱা ভাষাবোৰ, যেনে- অসমীয়া, মণিপুৰী, ককবৰক, বড়ো, খাচি আদি।
এইবোৰ ভাষা কোৱা মানুহৰ সংখ্যা ভাৰতবৰ্ষৰ আন ভাষাসমূহ কোৱা মানুহৰ সংখ্যাতকৈ যথেষ্ট কম। এই সংখ্যা দিনক দিনে কমিও আহিছে। তাৰ ঠাইত হিন্দী ভাষাৰ প্ৰসাৰ উত্তৰ-পূবত যথেষ্ট ঘটিছে। সেয়া শেহতীয়া লোকপিয়লৰ তথ্যতে দেখা যায়। উত্তৰ-পূবৰ বিভিন্ন স্থান, বিশেষকৈ অৰুণাচল প্ৰদেশ, অসমৰ ডিমা হাচাও আদি ঠাইত হিন্দী হৈ পৰিছে অঘোষিত মূল ভাষা।
যোৱা ১৪ এইক্ষেত্ৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।
“ভাষাএটা স্পৰ্শকাতৰ বিষয়। কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ হাতত সংখ্যা আছে বাবেই যিকোনো সিদ্ধান্ত জনসাধাৰণৰ ওপৰত জাপি দিব, সেয়া কেতিয়াও গ্ৰহণযোগ্য বা গণতান্ত্ৰিক হ’ব নোৱাৰে। গতিকে এইদৰে সিদ্ধান্ত ৰাইজৰ ওপৰত জাপি নিদিবলৈ আমি চৰকাৰক সতৰ্ক কৰি দিছো”, ড০ সমুজ্বল ভট্টাচাৰ্য্যৰ মন্তব্য।
একেদৰে, গৃহ মন্ত্ৰী অমিত শ্বাহৰ এই মন্তব্যক কঠোৰ ভাষাৰে সমালোচনা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে। অমিত শ্বাহৰ মন্তব্যৰ দুদিন পাছত ১৬ ছেপ্টেম্বৰত গুৱাহাটীত এখন সংবাদমেলত অখিল গগৈয়ে চৰকাৰে উত্তৰ-পূবৰ ৰাইজৰ ওপৰত হিন্দী জাপি দিব বিচৰা কাৰ্য্যৰ তীব্ৰ বিৰোধিতা কৰি ইয়াৰ বিৰুদ্ধে প্ৰৱল আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।
“ভাৰতবৰ্ষ এখন বহুজাতিক আৰু বৈচিত্ৰ্যপূৰ্ণ দেশ। ইয়াত বেলেগ বেলেগ মানুহে বেলেগ বেলেগ ভাষা কয়। যদি বিজেপিয়ে ‘এক দেশ, এক ভাষা’ কৰিবলৈ যায় তেনেহ’লে ভাৰতে দক্ষিণ ভাৰত আৰু উত্তৰ-পূবক লগত ৰাখিব নোৱাৰিব। কোনো প্ৰকৃত অসমীয়াই বিজেপি আৰ এছ এছৰ এই নীতি মানি ল’ব নোৱাৰে”, সংবাদমেলত অখিল গগৈয়ে কয়।
ইপিনে, এই বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে কয় যে গৃহ মন্ত্ৰীয়ে ‘এক দেশ, এক ভাষা’ সূত্ৰ কি ধৰণে বিচাৰে সেই কথা স্পষ্ট হোৱা নাই। তেওঁ লগতে কয় যে প্ৰথম ভাষা কিন্তু মাতৃভাষা বা আঞ্চলিক ভাষাই হ’ব লাগিব।
“গৃহ মন্ত্ৰীয়ে হয়তো প্ৰথম ভাষা হিচাপে হিন্দী প্ৰচলনৰ কথা কোৱা নাই। যদি প্ৰথম ভাষা হিচাপে হিন্দী জাপি দিব বিচাৰে সেয়া অবান্তৰ হ’ব। মাতৃভাষাক প্ৰথম ভাষা হিচাপে লৈ দ্বিতীয় বা তৃতীয় স্থানতহে আমি হিন্দী, ইংৰাজী ভাষাক গুৰুত্ব দিম। ভাষাৰ ভিত্তিতেই ভাৰতৰ বহু ৰাজ্য গঠন হৈছে, এই কথা গৃহ মন্ত্ৰীয়ে হয়তো জানে”, বিজেপিৰ ‘এক দেশ, এক ভাষা’ সূত্ৰ মাতৃভাষাৰ ক্ষেত্ৰত হ’ব নে সংযোগী ভাষাৰ ক্ষেত্ৰত হ’ব সেয়া এতিয়াও অস্পষ্ট বুলি কৈ নৰ্থ-ইষ্ট নাওৰ আগত ৰাজবংশীৰ মন্তব্য।
উল্লেখযোগ্য যে, চৰকাৰী পাঠ্যক্ৰমত উচ্চ প্ৰাথমিক পৰ্য্যায়ত হিন্দী ভাষাৰ পাঠ বাধ্যতামূলকভাৱে পূৰ্বৰে পৰা পঢ়োৱা হয়।
কিন্তু গৃহ মন্ত্ৰীজনৰ মন্তব্যত ইয়াক আৰু বহুলভাৱে বাধ্যতামূলক কৰাৰ ইংগিত দেখা পোৱা যায়, যাৰ বাবে ক্ষুদ্ৰ আৰু প্ৰান্তীয় ভাষিক গোষ্ঠীবোৰ শংকিত হৈ পৰিছে।