NORTHEAST NOW (Assamese)

গামোচাক যদি সন্মান কৰে, তেন্তে আইনখন বাতিল কৰক: মোদীৰ প্ৰতি তৰুণ গগৈ

December 17, 2019 7:23 pm · কল্পজ্যোতি শইকীয়া
তৰুণ গগৈৰ ফাইল ছবি।

তৰুণ গগৈয়ে নাগৰিকত্ব (সংশোধন) আইন ২০১৯ বাতিল কৰাৰ বাবে মঙলবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক দাবী জনাইছে।

প্ৰাক্তন মুখ্য মন্ত্ৰীজনে কয় যে অসমৰ গামোচাক যদি তেওঁ সন্মান কৰে, তেন্তে আইনখন বাতিল কৰিব লাগে।

“প্ৰধান মন্ত্ৰীক প্ৰত্যাহ্বান জনাইছো তেওঁ কোন? প্ৰধান মন্ত্ৰী হ’ল বুলি তেওঁ অসমীয়াক অপমান কৰিবলৈ এক্তিয়াৰ ক’ত পালে? তেওঁ লণ্ডনৰ অসমীয়াক পাকিস্তানী বুলি অপমান কৰিবলৈ ক’ত অধিকাৰ পালে। তেওঁ এতিয়া ক্ষমা খুজিব লাগে। তেওঁ গামোচাখনক যদি সন্মানেই কৰিব নোখোজে তেন্তে ডিঙিত গামোচা পিন্ধি কি লাভ হ’ব? যদি গামোচাক সন্মান কৰে তেন্তে আইনখন বাতিল কৰা বুলি ঘোষণা কৰক,” গগৈয়ে কয়।

গগৈয়ে কয় যে আইনখনে অসমৰ ভাষা-সংস্কৃতি ধ্বংস কৰাৰ লগতে সকলোৰে মাজত বিভেদ আনিব।

“সকলো দেশবাসী ইয়াৰ বিৰুদ্ধে ওলাই আহিছে। বিদেশতো প্ৰতিবাদ হৈছে। তথাপি মোদীৰ গৰ্ব কমা নাই, এই বিল মংগলজনক বুলি তেওঁ ক’ব বিচাৰিছে। মোদীয়ে জিন্নাৰ পথ লৈছে। তেওঁ জিন্নাৰ ভক্ত, জিন্নাৰ আদৰ্শৰে হিন্দু ৰাষ্ট্ৰ কৰি নেহেৰু, চৰ্দাৰ পেটেলৰ আদৰ্শৰ পৰা আঁতৰি আহিছে,” তেওঁ কয়।

আনহাতে প্ৰধান মন্ত্ৰীজনে অসমৰ মানুহক তেওঁ ইতিকিং কৰিছে বুলিও গগৈয়ে মন্তব্য কৰে। “শিল্পী, বুদ্ধিজীৱী, সাংবাদিক, বৃদ্ধাক তেওঁ কংগ্ৰেছী সজাই অপমানিত কৰিছে।”

তৰুণ গগৈয়ে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো চোকা সমালোচনা কৰিছে।

“হিমন্ত এখোপ চৰা। হিমন্ত-সৰ্বানন্দ দুয়োজনেই দায়ী। হিমন্ত arms actত থকা মানুহ। সৰ্বানন্দ সোণোৱালৰো সৌৰভ হত্যাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল।…হিমন্তই সাম্প্ৰদায়িক বীজ সিঁচিব বিচাৰিছে, তেওঁ আচলতে গ্ৰেপ্তাৰ হ’ব লাগে। সৰ্ব আনন্দ হোৱা নাই, এতিয়া অসমখন সৰ্বনাশ হৈছে,” গগৈয়ে কয়।

প্ৰাক্তন মুখ্য মন্ত্ৰীজনে কয় যে কাবিৰোধী আন্দোলনৰ দুষ্কৃতিকাৰীক তেওঁ শাস্তি দিয়াটো বিচাৰে।

“ভঙা-ছিঙাত চৰকাৰ আৰু আৰ এছ এছ জড়িত থকা বুলি ভাবো। চৰকাৰে তৃতীয় শক্তি সুমুৱাই শান্তিপূৰ্ণ আন্দোলনত ব্যাঘাত কৰিব খুজিছে। ভঙা-ছিঙা কৰা মানুহখিনিক এতিয়ালৈকে কিয় চিনাক্ত কৰিব পৰা নাই? যিকেইটা মানুহ মাৰিছে তেওঁলোক কংগ্ৰেছ নেকি?” গগৈৰ প্ৰশ্ন।

আনহাতে গগৈয়ে কয় যে আইনখনক লৈ অগপই কিমান নাটক কৰিব হিচাপ নাই। “এওঁলোকক ভণ্ডামি বুলিহে ক’লো। বিলখন ভোট দি পাছ কৰাই অবৈধ বুলি কেনেকৈ উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনালে?” গগৈৰ মন্তব্য।

গগৈয়ে অখিল গগৈক গ্ৰেপ্তাৰ কৰা ঘটনাক গৰিহণাযোগ্য বুলি অভিহিত কৰে। “তেওঁ আগতে অলপ উগ্ৰ হৈছিল, এই কেইদিনতো ইমান উগ্ৰ কোৱা নাছিল,” গগৈয়ে কয়।

আইনখনৰ বিৰুদ্ধে “তৰুণ গগৈ” হিচাপে তেওঁ ব্যক্তিগতভাৱে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ত গোচৰ দিয়া বুলি প্ৰাক্তন মুখ্য মন্ত্ৰীজনে জনায়।

আনহাতে আইনখনৰ আওতাৰ পৰা বাদ পৰা অঞ্চলসমূহতো প্ৰতিবাদ হোৱাক লৈয়ো তেওঁ মন্তব্য কৰিছে।

“য’ত ILP আছে, সেই ৰাজ্যত কিয় আন্দোলন হৈছে? তেওঁলোকে জানে যে বেক দুৱাৰেদি গৈ তেওঁলোকৰ তাত মাটি কিনিব। ট্ৰাইবেল বেল্টক বাদ দিয়া নাই কিয় এই আইনৰ পৰা?” গগৈয়ে কয়।

আইনখনে চাৰিওফালে সংঘাত লগোৱা বুলি মন্তব্য কৰি গগৈয়ে কয় যে ইয়াৰ ফলত সংখ্যালঘুসকলে নিৰপত্তাহীনতাত ভুগিছে।

“ধৰ্মৰ নামত নাগৰিকত্ব দিয়াটোৰ আমি ঘোৰ বিৰোধী,” গগৈয়ে কয়।

অসমৰ মানুহে আইনখনৰ বিৰুদ্ধে গঢ়ি তোলা আন্দোলনৰ বাবে গগৈয়ে ৰাইজক ধন্যবাদ আৰু শ্ৰদ্ধা জনায়।

“সকলোৱে এই আইনখনৰ বিৰুদ্ধে আন্দোলন কৰিছে, পৃথিৱীক দেখুৱাই দিলো আমি সাধাৰণ হ’লেও ভাষা-সংস্কৃতি ৰক্ষা কৰিবলৈ যুঁজ দিব জানো,” গগৈয়ে কয়।

গগৈয়ে নিজৰ ভাল দিন অহা বুলি মন্তব্য কৰি কয়, মোকো গালি দিছিল যদিও তেওঁৰ দৰে লেই লেই, চেই চেই কৰা নাছিল মোক।

আনহাতে কাবিৰোধী আন্দোলনৰ মাজতে শেহতীয়াকৈ চৰ্চালৈ অহা “বিকল্প ৰাজনৈতিক দল” সন্দৰ্ভত গগৈয়ে কয় যে তেওঁ সদায় ইয়াৰ আদৰণি জনাব।

“তেওঁলোক শাসনত আহিলেও আহক, বিজেপি আহিব নালাগে। ২১ত কংগ্ৰেছ আহিব বুলি ১০০ শতাংশ নিশ্চিত,” তেওঁ কয়।

Related News