ৰাজ্যখনত ম’বাইল ইণ্টাৰনেট সেৱাত আৰোপ কৰি থোৱা “বন্ধ” আজি বিয়লি ৩ বজাৰ পৰা প্ৰত্যাহাৰ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ সত্ত্বেও ৰাজ্য চৰকাৰে অহা ১৯ ডিচেম্বৰলৈকে ইয়াক বাহাল ৰখাৰ সিদ্ধান্ত লৈছে।
যোৱা ৬দিন ধৰি ইণ্টাৰনেট সেৱা বন্ধ ৰাখি নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে বুলি এজন লোকে দিয়া আৱেদনৰ শুনানি লৈ আজি ন্যায়ালয়ে চৰকাৰক পৰিস্থিতি পৰ্য্যালোচনাৰ ভিত্তিত ইয়াক প্ৰত্যাহাৰ কৰিবলৈ কৈছিল।
মুখ্য ন্যায়াধীশ অজয় লাম্বা আৰু ন্যায়াধীশ অচিন্ত্য মল্ল বুজৰ বৰুৱাৰে গঠিত এখন বিচাৰপীঠে আৱেদনখনৰ শুনানি লৈছিল।
“গুৱাহাটী উচ্চ ন্যায়ালয়ে ম’বাইল ইণ্টাৰনেট সেৱাত বন্ধ প্ৰত্যাহাৰ কৰিবলৈ এটা নিৰ্দেশ দিছিল। কিন্তু আমাৰ নিৰাপত্তা এজেন্সিবোৰে পৰামৰ্শ দিছে যে পৰিস্থিতি অধিক উন্নত নোহোৱালৈকে ইয়াক প্ৰত্যাহাৰ কৰিব নালাগে”, এখন সংবাদমেলত বিত্ত মন্ত্ৰী হিমন্ত বিশ্বই কয়।
তেওঁ মুখ্য মন্ত্ৰীয়ে প্ৰতি সন্ধিয়া শীৰ্ষ আৰক্ষী বিষয়াসকল আৰু অসামৰিক প্ৰশাসনিক বিষয়াসকলৰ পৰা ৰাজ্যৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ বুজ লৈ আছে বুলি মন্ত্ৰীজনৰ দাবী।
চৰকাৰে শুকুৰবাৰে পৰিস্থিতিৰ পুনৰ পৰ্য্যালোচনা কৰিব আৰু তাৰ পিছত ম’বাইল ইণ্টাৰনেট সেৱাত বন্ধ প্ৰত্যাহাৰৰ বিষয়টোত সিদ্ধান্ত ল’ব, মন্ত্ৰীজনে কয়।