বদলিৰ আদেশ অমান্য : নিলম্বন হ’ল আই এফ এছ বিষয়া মুয়ানথাং টুংনুং

চৰকাৰৰ বদলিৰ নিৰ্দেশ অমান্য কৰাৰ বাবে নিলম্বন হ’ল ভাৰতীয় বন সেৱাৰ ২০০০ বেটচৰ বিষয়া মুয়ানথাং টুংনুং।

জানিব পৰা মতে, ডিমা হাছাও জিলাৰ মুখ্য বন সংৰক্ষক (চিচিএফ) হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা টুংনুঙক ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত মানস ৰাষ্ট্ৰীয় ক্ষেত্ৰ সঞ্চালক পদলৈ বদলিৰ নিৰ্দেশ দিয়া হৈছিল।

অৱশ্যে এই নতুন পদটো গ্ৰহণ কৰা নাছিল বিষয়াগৰাকীয়ে।

ইয়াৰ পাছতে ২০২৪ চনৰ মাৰ্চ মাহত ডিমা হাছাওৰ চিচিএফৰ দায়িত্বৰ পৰা অব্যাহতি লাভ কৰাৰ লগতে উজনি অসম চক্ৰৰ চিচিএফৰ অতিৰিক্ত দায়িত্বৰ পৰাও অব্যাহতি লাভ কৰে টুংনুঙে।

জানিব পৰা মতে, টুংনুঙে চৰকাৰী নিৰ্দেশনা উলংঘা কৰিছিল। নিয়ম মতে,  বিষয়াসকলে বদলিৰ আদেশ লাভ কৰাৰ এসপ্তাহৰ ভিতৰত নতুন পদত যোগদান কৰিব লাগে। কিন্তু টুংনুঙে নতুন দায়িত্বত যোগদান কৰা নাছিল।

অনুচিত আচৰণ আৰু সৰ্বভাৰতীয় সেৱা নিয়ম, ১৯৬৮ উলংঘাৰ উল্লেখ কৰি সৰ্বভাৰতীয় সেৱা (অনুশাসন আৰু আপীল) নিয়ম, ১৯৬৯ৰ অধীনত টুংনুঙক নিলম্বন কৰা হৈছে।