মঙলবাৰৰ পৰা ভাৰতকে ধৰি বিশ্বৰ বহুকেইখন দেশত আৰম্ভ হ’ব ইছলাম ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ ৰমজান মাহ।
ইছলাম ধৰ্মৰ হিজৰী কেলেণ্ডাৰমতে ৩৫৪ দিনৰ মূৰে মূৰে চন্দ্ৰকলা হয় আৰু সেই উপলক্ষে ৰমজান মাহ উদযাপন কৰা হয়।
সোমবাৰে কাঁচিজোন আকাশত ভাঁহি অহাৰ লগে লগে ৰমজান মাহৰ পূৰ্বাভাষ পোৱা যাব।
চৌদী আৰৱে দেওবাৰে জনাইছে যে ১৩ এপ্ৰিলত ৰমজান মাহৰ প্ৰথম দিনটো উদযাপন কৰা হ’ব।
চৌদী আৰৱত কাঁচিজোন আকাশত ভাঁহি অহাৰ লগে লগে ভাৰত, পাকিস্তান, বাংলাদেশকে ধৰি এছিয়াৰ দেশসমূহত মঙলবাৰৰ পৰা আৰম্ভ হ’ব ৰমজান মাহ।
ইয়াৰ উপৰিও ইজিপ্ট, লেবানন, সংযুক্ত আৰৱ যুক্তৰাষ্ট্ৰ, বাহৰেইন, ইন্দোনেছিয়া, মৰক্কো, চিৰিয়া, শ্ৰীলংকা, জৰ্দান ইত্যাদি দেশসমূহতো আৰম্ভ হ’ব ৰমজান মাহ।
আনহাতে, গ্ৰেট ব্ৰিটেইন, জাৰ্মানী, ফ্ৰান্সকে ধৰি ইউৰোপীয়ান দেশসমূহৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে চৌদী আৰৱত চন্দ্ৰকলা হোৱাৰ লগে লগে ৰমজান মাহ পালন কৰিব।
উল্লেখযোগ্য যে ইছলাম ধৰ্মমতে ৰমজান মাহত ৰোজা ৰখা তথা উপবাসে থকাটো এটা অন্যতম ধৰ্মীয় নীতি।
ৰমজান মাহৰ কালছোৱাত ইছলাম ধৰ্মাৱলম্বীসকলে পুৱাৰ পৰা আবেলিলৈকে যিকোনো ধৰণৰ খাদ্য খোৱাৰ পৰা আঁতৰি থাকে।
আবেলি সময়ছোৱাত খেজুৰীৰে তেওঁলোকে উপবাসৰ অন্ত পেলায়।