NORTHEAST NOW (Assamese)

বিকল্প বালি! ঘৰ সাজিবলৈ নালাগে বালি; ভাৰতীয় বিজ্ঞানীৰ অনবদ্য আৱিষ্কাৰ

March 30, 2024 10:51 am · এন ই নাও নিউজ, গুৱাহাটী
ফটোঃ সংগ্ৰহীত।

ঘৰ সাজিবলৈ চিমেণ্ট, লোহাৰ ৰডৰ লগতে বালি অতি প্ৰয়োজনীয় সামগ্ৰী। কিন্তু, পৃথিৱীৰ বহু প্ৰাকৃতিক সম্পদৰ দৰে বালিও ইতিমধ্যে দুৰ্লভ হৈ পৰিছে। ফলত বিশ্বৰ বিজ্ঞানীসকলে বালিৰ সলনি বিকল্প নিৰ্মাণ সামগ্ৰীৰ সন্ধান কৰিছে।

ইয়াৰ মাজতে বাংগালুৰুৰ ‘ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান’ বা আই আই এছ চি (IISC)ৰ বিজ্ঞানীসকলে চমক সৃষ্টি কৰিছে। নিৰ্মাণৰ ক্ষেত্ৰত প্ৰাকৃতিক বালিৰ প্ৰয়োজনীয়তা নাইকিয়া কৰিব পৰা এক অনবদ্য সামগ্ৰী তেওঁলোকে প্ৰস্তুত কৰিছে।

আই আই এছ চিৰ চেণ্টাৰ ফৰ ছাষ্টেইনেবল টেকন’লজিজৰ (CST) গৱেষকসকলে  খনন কৰা মাটি আৰু নিৰ্মাণ আৱৰ্জনাত ইণ্ডাষ্ট্ৰিয়েল ফ্লু গেছৰ পৰা কাৰ্বন ডাই অক্সাইড জমা কৰাৰ উপায় বিচাৰিছে। প্ৰাকৃতিক বালিৰ ঠাইত এই পদাৰ্থ ব্যৱহাৰ কৰিব পৰা যাব।

লগতে পঢ়কঃ মানুহৰ গাৰ ছালেৰে বন্ধোৱা কিতাপ! অৱশেষত বাইণ্ডিং আঁতৰাই পেলোৱাৰ সিদ্ধান্ত হার্ভাৰ্ডৰ

আই আই এছ চিৰ গৱেষক দলটোৱে কয় যে, “নিৰ্মাণ সামগ্ৰীৰ ফলত হোৱা পৰিৱেশৰ ক্ষতি ইয়াৰ দ্বাৰা বহু পৰিমাণে হ্ৰাস পাব। কেৱল সেয়াই নহয়, কাৰ্বন ডাই অক্সাইড সংৰক্ষণে নিৰ্মাণ আৱৰ্জনাত এনে এক বৈশিষ্টৰ সৃষ্টি কৰিব যিয়ে নিৰ্মাণত এই আৱৰ্জনাসমূহৰ ব্যৱহাৰ বৃদ্ধি কৰিব পাৰে।”

এই গৱেষণা দলটোৰ নেতৃত্বত আছিল চি এছ টিৰ সহকাৰী অধ্যাপক সৌৰদ্বীপ গুপ্তা। তেওঁৰ গৱেষক দলটোৱে দেখুৱাইছে যে প্ৰাকৃতিক বালিৰ পৰিৱৰ্তে নিৰ্মাণত ‘কাৰ্বন ডাই অক্সাইড ট্ৰিটমেণ্ট কৰা’ নিৰ্মাণ আৱৰ্জনা ব্যৱহাৰ কৰিব পাৰি।

এই প্ৰক্ৰিয়াত নিৰ্মাণ সামগ্ৰীৰ শক্তি ২০ৰ পৰা ২২ শতাংশ বৃদ্ধি পায়। তদুপৰি, জলবায়ু পৰিৱৰ্তন নিয়ন্ত্ৰণৰ বাবে ভাৰত চৰকাৰে কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ যি লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে তাতো এই পদ্ধতি সহায়ক হব।

লগতে পঢ়কঃ  মধ্যবিত্তৰ মূৰত ৰামটাঙোন! ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব পেৰাচিটামলকে ধৰি ৮০০ বিধ ঔষধৰ দাম

গৱেষকসকলে নিৰ্মাণ স্থানত খনন কৰাৰ ফলত যি আলতীয়া মাটি উঠি আহে, তাত  কাৰ্বন ডাই অক্সাইড গেছ সুমুৱাই দিয়াৰ প্ৰভাৱো পৰীক্ষা কৰিছিল। তেওঁলোকে দেখে যে ইয়াৰ ফলত চিমেণ্ট আৰু চূণৰ উপস্থিতিত আলতীয়া মাটিখিনিয়ে আৰু অধিক স্থিতিশীলতা লাভ কৰে। আলতীয়া মাটিৰ পৃষ্ঠভাগ, ছিদ্ৰৰ আয়তন আৰু চূণৰ বিক্ৰিয়াশীলতাও বহু পৰিমাণে হ্ৰাস পায়। ইয়াৰ ফলত নিৰ্মাণ সামগ্ৰী হিচাপে উপাদানটোৰ কাৰ্য্যক্ষমতা বৃদ্ধি পায়। 

Related News