NORTHEAST NOW (Assamese)

ফেল’শ্বিপ বৃদ্ধিৰ দাবীত আইআইটি গুৱাহাটীৰ গৱেষকৰ ধৰ্মঘট অব্যাহত

January 18, 2019 9:10 pm ·

মানৱ সম্পদ উন্নয়ন মন্ত্ৰ্যালয়ে  সমগ্ৰ দেশৰ গৱেষকসকলৰ দাবীৰ প্ৰতি নিষ্পৃহ হৈ থকাৰ প্ৰতিবাদত গুৱাহাটীস্থ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ গৱেষকসকলে অনুষ্ঠিত কৰা দুদিনীয়া ধৰ্মঘটে আজি ২ দিনত ভৰি দিছে। গৱেষকসকলে তেওঁলোকৰ ফেল’শ্বিপ বৃদ্ধি কৰাৰ বাবে দাবী তুলি এই ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে। প্ৰতিবাদকাৰীসকলে ‘ফাইট ফ’ৰ ৰাইট’, ‘এমএইচ্চআৰডি হায় হায়’, ‘নো হাইক, ‘নো ৰিছাৰ্চ’ ইত্যাদি শ্লোগান দিয়ে।

সংবাদ মাধ্যমত প্ৰকাশিত এটা প্ৰৱন্ধত প্ৰকাশিত হৈছে যে ফেল’শ্বিপ বৃদ্ধি কৰাৰ প্ৰস্তাৱটো বিত্ত মন্ত্ৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল কিন্তু বিত্ত মন্ত্ৰ্যালয়ে সেয়া নিশ্চিত কৰা নাই।

গুৱাহাটী আইআইটিৰ প্ৰতিনিধিসকলে দৃঢ়ভাৱে জনাইছে যে ভাৰত চৰকাৰে ফেল’শ্বিপ বৃদ্ধি নকৰা পৰ্যন্ত তেওঁলোকে তেওঁলোকৰ আন্দোলন চলাই যাব।

প্ৰতিবাদী সমদলটো আৰু সভাখন দৈনিক ভিত্তিত আয়োজন কৰা হৈছিল। ইয়াৰ ফলত উচ্চ শিক্ষাৰ এই প্ৰতিষ্ঠানটোত স্বাভাৱিক পাঠদান বিঘ্নিত হ’ব।

তাৰোপৰি, যদিহে চৰকাৰে যদিহে চৰকাৰীভাৱে ফেল’শ্বিপ বৃদ্ধি নকৰে তেন্তে পৰৱৰ্তী সময়ত সমগ্ৰ দেশজুৰি সকলো গৱেষণাগাৰ বন্ধ কৰা আৰু সকলো ধৰণৰ শৈক্ষিক সহায়তা আদি বৰ্জন কৰাৰ ভাবুকি দিছে।

সকলো আইআইটি, এনআইটি আৰু গৱেষণাগাৰৰৰ প্ৰশাসনসমূহক প্ৰৱল চাপৰ মাজত ৰখা হৈছে।এয়া স্পষ্ট যে যদিহে সকলো গৱেষকে নিৰৱে গৱেষণাগাৰত থকাৰ পৰিৱৰ্তে গৱেষণা বৰ্জন কৰিবলৈ লয় আৰু দাবীৰে পথলৈ ওলাই আহে, তেন্তে এটাও পাঠদান কৰাতো সম্ভৱপৰ হৈ নুঠিব।

Related News