লোভনীয় চাকৰি এৰি খড়গপুৰ আইআইটিৰ স্নাতকে শিক্ষাৰ পোহৰ বিলাইছে মাজুলীত

images-2-554x430

নিজ বিদ্যালয়ৰ শিশুসকলৰ সৈতে বিপিন ধানে। ফটো উৎস: টুইটাৰ

বৰ্তমান বাণিজ্যিক বিশ্বৰ লোভনীয় হাত বাউলিক বিদায় দি আই আই টি খড়গপুৰৰ এগৰাকী স্নাতকে শিক্ষাৰ পোহৰ বিলাবলৈ আহি উপস্থিত হৈছে অসমৰ দুৰ্গম অঞ্চল মাজুলীত। ছিংগাপুৰৰ এটা বহুজাতিক কোম্পানীৰ আকৰ্ষণীয় চাকৰি বাদ দি তেওঁ দৰিদ্ৰ শ্ৰেণীৰ শিশুসকলক সেৱা আগবঢ়াবলৈ অসমলৈ আহিছে।

মহাৰাষ্ট্ৰৰ ছাটাৰাৰ বিপিন ধানে ২০১৫ চনৰ অক্টোবৰত লোভনীয় চাকৰি ত্যাগ কৰি তেওঁৰ সপোন লৈ মাজুলীলৈ আহে। তেওঁ এতিয়া কুলামু গাঁৱৰ পিছপৰা মিচিং সম্প্ৰদায়ৰ শিশুসকলৰ বাবে হামিংবাৰ্ড স্কুল নামৰ এখন সহ পাঠ্যক্ৰমৰ বিদ্যালয় চলাই আছে।

বৰ্তমান পঞ্চম শ্ৰেণীলৈকে থকা বিদ্যালয়খনত মুঠতে ২৪০জন ছাত্ৰ-ছাত্ৰী আছে। বৰ্তমানলৈ বিদ্যালয়খন কোনো শিক্ষা পৰিষদৰ অধীনতলৈ যোৱা নাই। তদুপৰি, শিশুসকলক নিৰ্দিষ্ট পাঠক্ৰমতে আবদ্ধ কৰি ৰখাৰ বিপৰীতে স্থানীয় বিষয়ৰ ওপৰত ভিত্তি কৰি শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হয়।

জীৱন সংগ্ৰামত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰয়োজনীয় দক্ষতাৰ শিক্ষা তথা কৃষি বিষয়ক শিক্ষাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হৈছে। শিশুসকলে যাতে অতিৰিক্ত পাঠ্যক্ৰম (খেল-ধেমালিকে ধৰি অন্যান্য জীৱনাদীপ্ত ক্ৰীড়াসমূহ আৰু সৃষ্টিমূলক কাম)ৰ অনুশীলন কোনো কাৰণতে পাহৰি নাযায় তালৈ ধানে অত্যন্ত খেয়াল ৰাখে।

বিদ্যালয়খনে নিজেই ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ সমস্ত খৰচ বহন কৰে। শিশুসকলৰ মনোযোগ ধৰি ৰখাৰ বাবে সকলো পৰ্যায়তে আকৰ্ষণীয় শিক্ষণ পদ্ধতিৰ প্ৰয়োগ কৰা হয়।

উল্লেখযোগ্য যে বিদ্যালয়খন সুকলমে পৰিচালনাৰ বাবে স্থানীয় সম্প্ৰদায়টোৱে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে। সম্প্ৰদায়টোৰ মাজৰ পৰাই শিক্ষক নিৰ্বাচন কৰাৰ লগতে বিদ্যালয়খনৰ ভূমি দান কৰাকে আদি কৰি ঘৰ সজাসৈকে সকলো কামতে তেওঁলোকে যোগাইছে অনবদ্য অৰিহনা।

আই আই টিৰ স্নাতক ডিগ্ৰীধাৰী উচ্চ শিক্ষিত বিপিন ধানে এনে এটা কাম বাচি লৈছে য’ত অৰ্থকৰী চিন্তাৰ অৱকাশ নাই, আছে মাথোঁ জীৱনৰ উদ্দেশ্য বিচাৰি পোৱাৰ মানসিক তাড়না।