আই আই টি-গুৱাহাটীৰ কৰ্মচাৰীৰ আলফা-স্বাধীনত ‘যোগদান’

ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি-গুৱাহাটীৰ (IIT-G) এজন কৰ্মচাৰীয়ে নিষিদ্ধ সংযুক্ত মুক্তি বাহিনী অসম-স্বাধীন (ULFA-I) ত যোগদান কৰিছে।

পৰেশ বৰুৱা নেতৃত্বাধীন আলফা-স্বাধীনত ‘যোগদান’ কৰা বুলি খৱৰ ওলোৱা আই আই টি-গুৱাহাটীৰ কৰ্মচাৰীজনৰ নাম গৌতম গগৈ।

উল্লেখ্য যে আলফাৰ আলোচনাপন্থী ফৈদ আৰু কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ মাজত ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত ৰাজ্যৰ এজন যুৱকে আলফা-স্বাধীনত যোগদান কৰাৰ এইটোৱেই প্ৰথম দৃষ্টান্ত।

লগতে পঢ়কঃAdi Kekir Ginger: অৰুণাচলৰ এই বিশেষ আদাকে ধৰি তিনিটা সামগ্ৰীয়ে পালে জি আই টেগ

বাতৰি অনুসৰি, গৌতম গগৈয়ে আই আই টি-গুৱাহাটীত কনিষ্ঠ টেকনিচিয়ান হিচাপে কৰ্মৰত আছিল।

জানিব পৰা মতে, তেওঁৰ ঘৰ ৰাজ্যখনৰ শিৱসাগৰ জিলাৰ আমগুৰিত।