IIT Guwahati: প্ৰতিষ্ঠান চৌহদৰ ভিতৰৰ কোৱাৰ্টাৰত উদ্ধাৰ আইআইটি গুৱাহাটীৰ অধ্যাপকৰ মৃতদেহ

Faculty member of IIT Guwahati was found dead আইআইটি গুৱাহাটীত প্ৰতিষ্ঠানটোৰ চৌহদৰ ভিতৰত নিজৰ কোৱাৰ্টাৰত এগৰাকী অধ্যাপকৰ মৃতদেহ উদ্ধাৰ হৈছে। শনিবাৰে অসম আৰক্ষীয়ে এইকথা জনায়।

মৃত ব্যক্তিজনক আইআইটি গুৱাহাটীৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক ড০ সমীৰ কমল (৪৭) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাথমিক তদন্ত অনুসৰি, আইআইটি গুৱাহাটীৰ অধ্যাপকগৰাকীৰ মৃত্যু আত্মহত্যাৰ ঘটনা বুলি অনুমান কৰা হৈছে।

লগতে পঢ়ক: FIFA World Cup 2022: ফৰাচী যোদ্ধাৰ আগত নতশিৰ ব্ৰিটিছ বাহিনী! ইংলেণ্ডৰ সপোন চূৰ্ণ কৰি ছেমি ফাইনেলত ফ্ৰান্স

ড০ কমলৰ কোৱাৰ্টাৰৰ পৰা দুৰ্গন্ধ ওলাই অহাৰ তথ্য পোৱাৰ পিছত আৰক্ষীয়ে আই আই টি গুৱাহাটীৰ মৃত অধ্যাপকৰ কোৱাৰ্টাৰত উপস্থিত হৈছিল।

ড০ সমীৰ কমলৰ বাসগৃহত প্ৰৱেশ কৰাৰ পিছত আৰক্ষীয়ে আইআইটি গুৱাহাটী অধ্যাপকগৰাকীক চিলিং ফেনত ওলমি থকা অৱস্থাত পায়।

আইআইটি গুৱাহাটীৰ অধ্যাপকগৰাকীয়ে দুই-তিনিদিন পূৰ্বে আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছে  ।

লগতে পঢ়ক: FIFA WC 2022: পৰ্তুগালৰ বিদায়! ইতিহাস গঢ়ি বিশ্বকাপ ফুটবলৰ ছেমি ফাইনেলত মৰক্কো

আইআইটি গুৱাহাটীয়ে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে, “প্ৰতিষ্ঠানটোৱে মৃতকৰ পৰিয়ালৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰি আছে। গভীৰ শোকৰ এই সময়ত আইআইটি গুৱাহাটীয়ে পৰিয়ালটোৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে। আমি আৰক্ষীৰ তদন্তত সহযোগিতা কৰিম আৰু এই সন্দৰ্ভত আভ্যন্তৰীণ তদন্তও আৰম্ভ কৰা হ’ব।‘’