NORTHEAST NOW (Assamese)

বিশ্বৰ শীৰ্ষ বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ আই আই টি, গুৱাহাটীৰ

March 27, 2023 6:45 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 27, 2023 6:17 pm

আই আই টি গুৱাহাটীয়ে ১৪ টা বিষয়ৰ অধ্যয়নৰ বাবে বিশ্বৰ অন্যতম শীৰ্ষ বিশ্ববিদ্যালয় হিচাপে স্থান লাভ কৰিছে। এই কথা ঘোষণা কৰিছে বিশ্বৰ প্ৰসিদ্ধ উচ্চ শিক্ষাৰ বিশ্লেষক QS Quacquarelli Symonds-

QS Quacquarelli Symonds ৰ দ্বাৰা প্ৰকাশিত QS World University Rankings by Subject ৰ ২০২৩ চনৰ সংস্কৰণত ৫৪ টা শৈক্ষিক শাখাৰ অধ্যয়নৰ বাবে বিশ্বৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ নাম ঘোষণা কৰা হৈছে।

খবৰ অনুসৰি আই আই টি গুৱাহাটীয়ে পেট্ৰলিয়াম ইঞ্জিনিয়াৰিঙত সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়াইছে, য’ত বিশ্বজুৰি ৫১১০০ আৰু ভাৰতৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছে।

বিগত বৰ্ষৰ তুলনাত এই প্ৰতিষ্ঠানটোৱে অতিৰিক্ত দুটা বিষয়ত স্থান লাভ কৰিছে।

আই আই টিয়ে শ্ৰেষ্ঠ অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা শাখাত বিশ্বৰ ভিতৰতে ২২২ নম্বৰত স্থান লাভ কৰিছে। কেমিকেল ইঞ্জিনিয়াৰিং, মেকানিকেল, এৰোনটিকেল এণ্ড মেনুফেকচাৰিং ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিকছ ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰতো ২০১২৫০ নম্বৰৰ ভিতৰত স্থান লাভ কৰিছে প্ৰতিষ্ঠানটোৱে।

‘কিউ এছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিংছ’ত আই আই টি গুৱাহাটীৰ এই সফলতাৰ বিষয়ে আই আই টি গুৱাহাটীৰ অফিচিয়েটিং ডাইৰেক্টৰ অধ্যাপক পৰমেশ্বৰ কে আয়াৰে কয় যে আই আই টি গুৱাহাটীয়ে গুণগত শিক্ষা প্ৰদানৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আহিছে। প্ৰতিষ্ঠানটোৱে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ সৈতে সংগতি ৰাখি ‘বহুবিষয়ক বিষয়’(multidisciplinary subjects)ত গৱেষণা কৰি আছে। অধ্যাপকসকল আৰু ছাত্ৰছাত্ৰীৰ সামূহিক প্ৰচেষ্টাৰ জৰিয়তে এইটো সম্ভৱ হৈছে।

উল্লেখ্য যে এইবাৰ কিউএছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিঙত তিনিটা নতুন শৈক্ষিক শাখা অন্তৰ্ভুক্ত কৰা হৈছে। সেইকেইটা হ’ল ডাটা চাইন্স, মাৰ্কেটিং আৰু হিষ্ট্ৰী অৱ আৰ্ট।

ইয়াৰ উপৰিও আই আই টি গুৱাহাটীয়ে গণিতত সৰ্বোত্তম ফলাফল প্ৰদৰ্শন কৰিছে, য’ত প্ৰতিষ্ঠানটোৱে ৬৭.৫ সংখ্যক স্থান লাভ কৰিছে।

Related News