শেহতীয়াকৈ আই আই টি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটিৰ এটা ভিডিঅ’ ক্লিপ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। তাত তেওঁ গোমূত্ৰৰ ঔষধি গুণৰ প্ৰশংসা কৰা শুনা যায়। সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি ভিডিঅ’টোত কামাকোটিয়ে দাবী কৰিছে যে গোমূত্ৰত এন্টিবেক্টেৰিয়েল, এন্টিফাংগেল, আৰু পাচন গুণ আছে। জনাইছে যে ই ইৰিটেবল বাৱেল চিণ্ড্ৰমৰ দৰে ৰোগ নিৰাময় কৰিব পাৰে।
চেন্নাইৰ গো সংৰক্ষণশালাত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে আই আই টি মাদ্ৰাজৰ পৰিচালকগৰাকীয়ে। তাৰেই ভিডিঅ’টো ভাইৰেল হৈ পৰিল। তাত তেওঁ এজন সন্ন্যাসীৰ বিষয়ে এটা উপাখ্যানো কয়। তীব্ৰ জ্বৰৰ সময়ত তেওঁ গোমূত্ৰ সেৱন কৰা বুলি হেনো দাবী কৰিছিছি সন্ন্যাসীয়ে।
আই আই টি মাদ্ৰাজৰ সঞ্চালকে কৰা মন্তব্যক সমালোচনা কৰিছে কংগ্ৰেছ আৰু ডি এম কেৰ প্ৰতিনিধিয়ে। কংগ্ৰেছ নেতা কাৰ্তি পি চিদাম্বৰমে এই মন্তব্যক তীব্ৰ গৰিহণা দি আই আই টি মাদ্ৰাজৰ সঞ্চালকে ভুৱা বিজ্ঞানৰ প্ৰচাৰ কৰা বুলি অভিযোগ কৰে। তেওঁ ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনক টেগ কৰি লিখিছে, “আই আই টি মাদ্ৰাজৰ সঞ্চালকে ভুৱা বিজ্ঞান বিক্ৰী কৰাটো অত্যন্ত অশোভনীয়।”
ডি এম কে নেতা টি কে এছ এলাংগোভানেও সঞ্চালকগৰাকীৰ মন্তব্যক সমালোচনা কৰি তেওঁক আন এটা প্ৰতিষ্ঠানলৈ বদলি কৰাৰ দাবী জনায়। তেওঁ কটাক্ষ কৰি কয়, “ভি কামাকোটিক আই আই টি মাদ্ৰাজৰ পৰা ভাৰত চৰকাৰৰ যিকোনো মেডিকেল কলেজলৈ বদলি কৰা উচিত। আই আই টিত তেওঁ কি কৰিব? ই অভিযান্ত্ৰিক আৰু অন্যান্য ক্ষেত্ৰৰ সৈতে জড়িত। তেওঁক এইমছৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া উচিত।”