লকডাউনত ইলিয়াচ উদ্দিন চৌধুৰীয়ে ঘৰতে আৱিস্কাৰ কৰিলে তিনি প্ৰকাৰৰ বৈদ্যুতিক বাল্ব

ফটো : নৰ্থ-ইষ্ট নাও

সমগ্ৰ বিশ্বক জোকাৰি যোৱা মহাসংক্ৰমক ক’ৰ’নাৰ বাবে সকলো দিশতে থমকি ৰ’ব লগা হৈছে বিশ্ব। বিশ্বৰ প্ৰায়বোৰ দেশত ঘোষণা কৰা হৈছে এবাৰৰ পিছত এবাৰকৈ লকডাউন।

স্তব্ধ হৈ পৰিছে জন জীৱন। দেশ-বিদেশলৈ পঢ়িবলৈ যোৱা ছাত্ৰ-ছাত্ৰী সকল উভতি আহি ঘৰতে আবদ্ধ হৈ থাকিব লগা হৈছে।

এই সময়ছোৱাত সলনি কৰি দিলে বহুতৰে চিন্তা ধাাৰা তথা জীৱন ধাৰণৰ পথ।

বহু ছাত্ৰ-ছাত্ৰীয়ে বহুত কিবা আৱিস্কাৰ কৰিলে লকডাউনৰ সময়ত। তেনে এক উদাহৰণ হ’ল হোজাই জিলাৰ মোৰাঝাৰৰ যুৱক ইলিয়াচ উদ্দিন চৌধুৰী।

চৌধুৰী হোজাই জিলাৰ ৰবিন্দ্ৰ নাথ ঠাকুৰ বিশ্ব বিদ্যালয়ত অধ্যয়নৰত বাণিজ্যিক বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ।

লকডাউনৰ সময়ত আন আন সকলৰ দৰে ঘৰতে বহি সময় অপচয় নকৰি সময়ক সঠিক ব্যৱহাৰ কৰি সাফল্যৰ চাবি কাঠি উলিয়াই লৈছে।

যি সময়ত বজাৰত চীনা সামগ্ৰীয়ে বজাৰ দখল কৰি আছে তেনে সময়ত চৌধুৰীয়ে ঘৰতে বহি বৈদ্যুতিক বাল্ব তৈয়াৰ কৰি বজাৰত এৰি দিবলৈ সক্ষম হৈছে।

চৌধুৰীয়ে কম খৰছত আৱিস্কাৰ কৰি উলিয়াইছে বৈদ্যুতিক বাল্ব।

মধ্যবিত্ত পৰিয়ালৰ চৌধুৰীয়ে ক’ৰ’নাৰ বাবে দিয়া লকডাউনৰ সময়ত সময়ক নিজৰ মতে ব্যৱহাৰ কৰি আজি নিজে আৱিস্কাৰ কৰা সামগ্ৰীৰে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে লগতে তেওঁৰ লগত আৰু দুজন ব্যক্তিক কৰ্ম সংস্থাপন দিয়াৰ সুবিধা কৰিছে।

অনাগত দিনত আৰু নিৱনুৱা যুৱক-যুৱতীক কৰ্ম সংস্থাপন দিয়াৰ মন মেলিছে চৌধুৰীয়ে। চৌধুৰীয়ে আৱিস্কাৰ কৰা বাল্বৰ তথা কোম্পানীৰ নাম দিছে চৌধুৰী বাল্ব।

ইফালে বৰ্তমান বজাৰত চাহিদা লাভ কৰিছে এক প্ৰকাৰৰ মহ আতঁৰোৱা কেমিকেল যুক্ত বাল্বে। চৌধুৰীয়ে জানিব দিয়া মতে এই বাল্ব ল’ৰা-ছোৱালীৰ বাবে ক্ষতিকাৰক।

সেই কথা চিন্তা কৰি চৌধুৰীয়ে আন এটা বাল্ব আৱিস্কাৰ কৰিছে য’ত কোনো ধৰণৰ কেমিকেল ব্যৱহাৰ কৰা হোৱা নাই।

কিন্তু সেই কেমিকেল বিহীন বাল্বটো জ্বলালে স্বয়ংক্ৰিয় ভাবে মহ গুছি যায় আৰু তাৰ পৰা কোনো ধৰণৰ ক্ষতি নহয় মানৱ দেহৰ।

চৌধুৰীৰ তৃতীয়টো বাল্বৰ কাম হৈছে বিদ্যুৎ নাথাকিলেওঁ তিনি ঘন্টা লৈ জ্বলি থাকিব। বৰ্তমান বজাৰত উপলব্ধ চৌধুৰী বাল্ব।

কিন্তু আৰ্থিক সমস্যাৰ বাবে বহল ভিত্তিত আগবঢ়াই নিব পৰা নাই ব্যৱসায়।

চৌধুৰীৰ লগত ফোনযোগে হোৱা এক সাক্ষাৎকাৰত কৈছে যে ‘সময়ক সঠিক ৰূপত ব্যৱহাৰ কৰিব পাৰিলে সাফল্য নিশ্চিত।

এতিয়া কথা হ ল যে গ্ৰাহকে চীনা বাল্বৰ পৰিৱৰ্তে দেশীয় ভাৱে তৈয়াৰ কৰা চৌধুৰী বাল্বক কিমান আদৰি লয় সেয়া হ’ব লক্ষণীয়।