‘অসমৰ একমাত্ৰ বৰ্ষাৰণ্য দিহিং পাটকাই অভয়াৰণ্য ধ্বংসৰ মূলতে ডিগবৈ বন সংমণ্ডলৰ প্ৰাধিকাৰী বিষয়া বিপুল বৰা’ এই মন্তব্য প্ৰাক্তন মন্ত্ৰী তথা অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি আৰু মেডিয়া চেলৰ অধ্যক্ষ প্ৰদ্যুৎ বৰদলৈৰ।
মাৰ্ঘেৰিটা ৰাজীৱ ভৱনত কালি অনুষ্ঠিত এক সংবাদমেলত মন্ত্ৰীজনে ডিগবৈ বন প্ৰাধিকাৰী বিষয়াজনক এজন মেৰুদণ্ডহীন, কাণ্ডজ্ঞানহীন আৰু নিষ্কৰ্মা বন বিষয়া বুলি উল্লেখ কৰি সংমণ্ডলটোত এনে বিষয়া থাকিলে অতি কম দিনৰ ভিতৰতে সংমণ্ডলটোৰ অধীনৰ বনাঞ্চলসমূহ উছন যাব বুলি মন্তব্য কৰে। কংগ্ৰেছ দল যদি পুনৰ ক্ষমতালৈ আহে তেনেহ’লে প্ৰকৃতিৰ ধ্বংসযজ্ঞত জড়িত থকা এনে বন বিষয়াৰ বিৰুদ্ধে উচিত তদন্ত কৰি তেওঁলোকক জেলৰ ভাত খুৱাব বুলিও প্ৰাক্তন মন্ত্ৰী বৰদলৈয়ে সাংবাদিকৰ আগত উল্লেখ কৰে।
শেহতীয়া কৈ কুখ্যাত চোৰাং কাঠ মাফিয়া, কমিছন ভোগী একাংশ বন বিষয়া তথা বেদখলকাৰীৰ কৱলত পৰি অসমৰ একমাত্ৰ বৰ্ষাৰণ্য দিহিং পাটকাই অভয়াৰণ্যত ধাৰাবাহিকভাৱে হৈ থকা বন ধ্বংসই গভীৰ আশংকা কঢ়িয়াই আনিছে। বিশেষকৈ পূব আৰু পশ্চিম মাৰ্ঘেৰিটা বন আঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ অধীনৰ দিহিং পাটকাই অভয়াৰণ্যৰ ডিৰাক, লেখাজান, মাকুমকিল্লা আৰু আগবন্ধা বনখণ্ডৰ অন্তৰ্গত ৰেলডুবি, টকৌডুবি, জংলোকুৰুকা, মিৰিকা মাজুলী, পাৱৈমুখ, টেঙাপথাৰ, আগবন্ধা, পেঙেৰী, চৰাইপুং আদি বনাঞ্চলকেইখনত বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ প্ৰত্যক্ষভাৱে জড়িত থকাৰ বাবেই দ্ৰুতগতিত ধ্বংসৰ গৰাহলৈ গতি কৰাৰ অভিযোগ উঠিছে।
ইপিনে ডিগবৈ বন সংমণ্ডলৰ অধীনৰ মাৰ্ঘেৰিটাৰ এজন বিতৰ্কিত বনখণ্ড বিষয়া জনৈক গগৈ উপাধীৰ এজন বিষয়াই বিভিন্ন পক্ষক ‘মেনেজ’ কৰি বীৰদৰ্পে বনাঞ্চল কেইখনত মাফিয়াৰাজ চলাই যোৱাৰ অভিযোগ উঠিছে। সময় বুজি মাৰ্ঘেৰিটাৰ পৰা গাড়ীয়ে গাড়ীয়ে বহু মূল্যবান চোৰাং কাঠৰ গাড়ী পাৰ কৰোৱাৰ বিপৰীতে বনাঞ্চলত তালাচীৰ নামত গৈ জংঘলত মাত্ৰ কেইডালমান কাঠ কুঠাৰেৰে বিধস্ত কৰাটো কিমান হাস্যকৰ সেইটো সহজেই অনুমেয়।
চোৰাং ব্যৱসায়ীৰে সু-সম্পৰ্ক ৰক্ষা কৰি অহা এনেধৰণৰ বিষয়াই অনাগত দিনত বনাঞ্চলক কিমান সুৰক্ষা প্ৰদান কৰিব সেয়া সহজে অনুমান কৰিব পাৰি।
আন এক ভিতৰুৱা গোপন তথ্যৰ মতে মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত ইনথেম,বৰডুমচা,কাকপথাৰ আৰু ডিৰাকৰ ১২/১৪ টা মান ঘৰচীয়া হাতীৰ সহায়ত লেখাপানী আৰু জাগুন বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনত নামফাই, নামচিক, ৱাৰা নম্বৰ এক,ৱাৰা নম্বৰ দুই, জয়ৰামপুৰ ,লালপাহাৰ, টকৌডুবি, গুলডুবি আদি অঞ্চলত জাগুনৰ প্ৰতিষ্ঠিত ব্যৱসায়ী জনৈক চেতিয়াৰ ছত্ৰছায়াত অবাধ গতিত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
ডিগবৈ বন সংমণ্ডলৰ প্ৰাধিকাৰী বিষয়া বিপুল বৰা আৰু পশ্চিম মাৰ্ঘেৰিটা বনাঞ্চলিক বিষয়া, লেখাপানী বন বিষয়া আৰু পূব মাৰ্ঘেৰিটা বনাঞ্চলিক বিষয়াৰ নেতৃত্বতে দিহিং পাটকাই বনাঞ্চল আৰু সংৰক্ষিত বনাঞ্চল সমূহৰ এফালৰ পৰা ধ্বংস হোৱা বুলি অভিযোগ উত্থাপন কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে।তেওঁ এনে কমিছনভোগী বন বিষয়াক অতি শীঘ্ৰে ডিগবৈ বন সংমণ্ডলৰ পৰা নিলম্বনৰ দাবী তোলে।
উল্লেখযোগ্য যে সংবাদ মাধ্যমত ধাৰাবাহিক ভাৱে দিহিং পাটকাই অভয়াৰণ্যৰ ধ্বংসৰ বিষয়ে তথ্য সহকাৰে বাতৰি প্ৰকাশ পাই অহাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰা বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই প্ৰদ্যুৎ বৰদলৈৰ এই বিবৃতিৰ পিছত এতিয়া কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া লক্ষণীয় হ’ব।