• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিহিং পাটকাই অভয়াৰণ্য ধ্বংসৰ মূলতে ডিগবৈ বন সংমণ্ডলৰ প্ৰাধিকাৰী বিষয়া বিপুল বৰা : প্ৰদ্যুৎ বৰদলৈ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
August 18, 2018 10:48 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অসমৰ একমাত্ৰ বৰ্ষাৰণ্য দিহিং পাটকাই অভয়াৰণ্য ধ্বংসৰ মূলতে ডিগবৈ বন সংমণ্ডলৰ প্ৰাধিকাৰী বিষয়া বিপুল বৰা’ এই মন্তব্য প্ৰাক্তন মন্ত্ৰী তথা অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি আৰু মেডিয়া চেলৰ অধ্যক্ষ প্ৰদ্যুৎ বৰদলৈৰ।

মাৰ্ঘেৰিটা ৰাজীৱ ভৱনত কালি অনুষ্ঠিত এক সংবাদমেলত মন্ত্ৰীজনে ডিগবৈ বন প্ৰাধিকাৰী বিষয়াজনক এজন মেৰুদণ্ডহীন, কাণ্ডজ্ঞানহীন আৰু নিষ্কৰ্মা বন বিষয়া বুলি উল্লেখ কৰি সংমণ্ডলটোত এনে বিষয়া থাকিলে অতি কম দিনৰ ভিতৰতে সংমণ্ডলটোৰ অধীনৰ বনাঞ্চলসমূহ উছন যাব বুলি মন্তব্য কৰে। কংগ্ৰেছ দল যদি পুনৰ ক্ষমতালৈ আহে তেনেহ’লে প্ৰকৃতিৰ ধ্বংসযজ্ঞত জড়িত থকা এনে বন বিষয়াৰ বিৰুদ্ধে উচিত তদন্ত কৰি তেওঁলোকক জেলৰ ভাত খুৱাব বুলিও প্ৰাক্তন মন্ত্ৰী বৰদলৈয়ে সাংবাদিকৰ আগত উল্লেখ কৰে।

Apply Now

শেহতীয়া কৈ কুখ্যাত চোৰাং কাঠ মাফিয়া, কমিছন ভোগী একাংশ বন বিষয়া তথা বেদখলকাৰীৰ কৱলত পৰি অসমৰ একমাত্ৰ বৰ্ষাৰণ্য দিহিং পাটকাই অভয়াৰণ্যত ধাৰাবাহিকভাৱে হৈ থকা বন ধ্বংসই গভীৰ আশংকা কঢ়িয়াই আনিছে। বিশেষকৈ পূব আৰু পশ্চিম মাৰ্ঘেৰিটা বন আঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ অধীনৰ দিহিং পাটকাই অভয়াৰণ্যৰ ডিৰাক, লেখাজান, মাকুমকিল্লা আৰু আগবন্ধা বনখণ্ডৰ অন্তৰ্গত ৰেলডুবি, টকৌডুবি, জংলোকুৰুকা, মিৰিকা মাজুলী, পাৱৈমুখ, টেঙাপথাৰ, আগবন্ধা, পেঙেৰী, চৰাইপুং আদি বনাঞ্চলকেইখনত বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ প্ৰত্যক্ষভাৱে জড়িত থকাৰ বাবেই দ্ৰুতগতিত ধ্বংসৰ গৰাহলৈ গতি কৰাৰ অভিযোগ উঠিছে।

ইপিনে ডিগবৈ বন সংমণ্ডলৰ অধীনৰ মাৰ্ঘেৰিটাৰ এজন বিতৰ্কিত বনখণ্ড বিষয়া জনৈক গগৈ উপাধীৰ এজন বিষয়াই বিভিন্ন পক্ষক ‘মেনেজ’ কৰি বীৰদৰ্পে বনাঞ্চল কেইখনত মাফিয়াৰাজ চলাই যোৱাৰ অভিযোগ উঠিছে। সময় বুজি মাৰ্ঘেৰিটাৰ পৰা গাড়ীয়ে গাড়ীয়ে বহু মূল্যবান চোৰাং কাঠৰ গাড়ী পাৰ কৰোৱাৰ বিপৰীতে বনাঞ্চলত তালাচীৰ নামত গৈ জংঘলত মাত্ৰ কেইডালমান কাঠ কুঠাৰেৰে বিধস্ত কৰাটো কিমান হাস্যকৰ সেইটো সহজেই অনুমেয়।

চোৰাং ব্যৱসায়ীৰে সু-সম্পৰ্ক ৰক্ষা কৰি অহা এনেধৰণৰ বিষয়াই অনাগত দিনত বনাঞ্চলক কিমান সুৰক্ষা প্ৰদান কৰিব সেয়া সহজে অনুমান কৰিব পাৰি।

আন এক ভিতৰুৱা গোপন তথ্যৰ মতে মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত ইনথেম,বৰডুমচা,কাকপথাৰ আৰু ডিৰাকৰ ১২/১৪ টা মান ঘৰচীয়া হাতীৰ সহায়ত লেখাপানী আৰু জাগুন বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনত নামফাই, নামচিক, ৱাৰা নম্বৰ এক,ৱাৰা নম্বৰ দুই, জয়ৰামপুৰ ,লালপাহাৰ, টকৌডুবি, গুলডুবি আদি অঞ্চলত জাগুনৰ প্ৰতিষ্ঠিত ব্যৱসায়ী জনৈক চেতিয়াৰ ছত্ৰছায়াত অবাধ গতিত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

ডিগবৈ বন সংমণ্ডলৰ প্ৰাধিকাৰী বিষয়া বিপুল বৰা আৰু পশ্চিম মাৰ্ঘেৰিটা বনাঞ্চলিক বিষয়া, লেখাপানী বন বিষয়া আৰু পূব মাৰ্ঘেৰিটা বনাঞ্চলিক  বিষয়াৰ নেতৃত্বতে দিহিং পাটকাই বনাঞ্চল আৰু সংৰক্ষিত বনাঞ্চল সমূহৰ এফালৰ পৰা ধ্বংস হোৱা বুলি অভিযোগ উত্থাপন কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে।তেওঁ এনে কমিছনভোগী বন বিষয়াক অতি শীঘ্ৰে ডিগবৈ বন সংমণ্ডলৰ পৰা নিলম্বনৰ দাবী তোলে।

উল্লেখযোগ্য যে সংবাদ মাধ্যমত ধাৰাবাহিক ভাৱে দিহিং পাটকাই অভয়াৰণ্যৰ ধ্বংসৰ বিষয়ে তথ্য সহকাৰে বাতৰি প্ৰকাশ পাই অহাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰা বন  মন্ত্ৰী পৰিমল শুক্লবৈদ্যই প্ৰদ্যুৎ বৰদলৈৰ এই বিবৃতিৰ পিছত এতিয়া কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া লক্ষণীয় হ’ব।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd