বঙাইগাঁও জিলাৰ বইটামাৰীত অবৈধ ক’ফ ছিৰাপ- নিচাযুক্ত দ্ৰব্যৰ সৈতে ৬ জনক গ্ৰেপ্তাৰ

ৰাজ্যত অব্যাহত আছে নিষিদ্ধ ক’ফ চিৰাপ- নিচাযুক্ত দ্ৰব্যৰ অবাধ বেহা ।

বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষীয়ে যোৱা নিশা এক অভিযান চলাই আৰক্ষী চকীটোৰ অন্তৰ্গত নিত্যবজাৰ এলেকাৰ এঘৰ লোকৰ পৰা নিষিদ্ধ ক’ফ ছিৰাপ আৰু নিচাযুক্ত দ্ৰব্য সহ ৬ জন যুৱকক গ্ৰেপ্তাৰ কৰে।

তাৰ মাজত ৱেব পৰ্টেল এটাৰ মালিক এজনো থকা বুলি জানিব পৰা গৈছে । উক্ত যুৱক জন ধুবুৰী জিলাৰ চাপৰৰ ছফিকুল ইছলাম ।

তেওঁ ৱেব পৰ্টেলৰ মালিক  বুলি স্বীকাৰোক্তি দিছে।

সাংবাদিকজনৰ লগত ধৃত আন যুৱক কেইজন হল চাপৰ আৰু নিত্যবজাৰ এলেকাৰ ক্ৰমে সানিদুল ইচলাম,আব্দুল ৰহিম আহমেদ, কৰিমুল ইচলাম আৰু ৰিজু আহমেদ ।

গোটেইকেইজনক আৰক্ষীয়ে কৰায়ত্ত কৰি বইটামাৰী আৰক্ষী চকীলৈ আনে ।

তাৰ পিছত ঘটনা সন্দৰ্ভত বইটামাৰী আৰক্ষীয়ে অভয়াপুৰী থানাত এটি গোচৰ ৰুজু কৰি যুৱককেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে চক্ৰটোৰ লগত জড়িত আন লোকসকলৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

এই চক্ৰটোৱে দীৰ্ঘদিন ধৰি গোপনে নিচাযুক্ত দ্ৰব্যৰ অবৈধ বেহা চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে ।
আৰক্ষীয়ে এই চক্ৰটোক কৰায়ত্ত কৰাত স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে ।