জাগুন ঘাটত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ, দুজনক জেললৈ প্ৰেৰণ

Illegal liquor seized in Margherita's Jagun Ghat, two sent to jail

মাৰ্ঘেৰিটা মহকুমা আবকাৰী বিভাগে সোমবাৰে অভিযান চলাই বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰাৰ লগতে সুৰা ব্যৱসায়ত জড়িত দুজনকৈ লোকক আটক কৰিবলৈ সক্ষম হয়।

বিভাগীয় সূত্ৰৰ পৰা জানিব পৰা মতে, অৰুণাচলৰ পৰা বৃহৎ পৰিমাণৰ বিলাতী সুৰা অসমলৈ আনি থকাৰ তথ্য বিশেষ সূত্ৰে মাৰ্ঘেৰিটা আৱকাৰী বিভাগে লাভ কৰি অসম-অৰুণাচল সীমান্তৰ লেখাপানী থানাৰ অধীনৰ জাগুন ঘাটত তালাচী চলাই কালি বিয়লী ৪-৩০ বজাত এ এচ ২৩ ডব্লিউ ৫৩৬৩ নম্বৰৰ এখন মাৰুতি ভানৰ পৰা বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।

সুৰাখিনি পৰিবহণত ব্যৱহৃত ভানসহ ৩৪৮টা অৰুণাচলী বিয়েৰ বটল, ২০৪টা হুইচকি বটল জব্দ কৰিছে আৱকাৰী বিভাগে।

লগতে সুৰা ব্যৱসায়ৰ জড়িত থকা জাগুন পাৰ্বতিপুৰৰ বাসিন্দা সুখবিন্দৰ সিঙৰ পুত্ৰ বিকি সিং (২৬) আৰু জাগুন ৬ মাইলৰ বাসিন্দা জিতেন চেতিয়াৰ পুত্ৰ দীপ চেতিয়া (২০) ক আটক কৰে।

ইপিনে আজি আটকাধীন লোক কেইজনক মাৰ্ঘেৰিটা চক্ৰৰ আৱকাৰী বিভাগৰৰ অধীনত ৭২/২০২০ নম্বৰৰ এক গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।

উল্লেখ যে দীৰ্ঘদিন ধৰি অৰুণাচল সুৰাৰ এক ৰমৰমীয়া ব্যৱসায় লেখাপানী আৰক্ষী থানাৰ অধীনৰ জাগুন, টিপং আদি বিভিন্ন অঞ্চলৰ অব্যাহত আছে যদিও আৰক্ষী তথা আবকাৰী বিভাগে গোপন অংকৰ বুজাবুজিৰ বাবেই এনে অবৈধ বেহা ব্যাপক ৰূপত বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন হৈছে।

এইক্ষেত্ৰত আৰক্ষী আৰু আবকাৰী বিভাগৰ কঠোৰ স্থিতি দাবী উত্থাপন কৰিছে। একাংশ পুঠি-খলিহনাক আবকাৰী বিভাগে আটক জালত পেলোৱাৰ বিপৰীতে ৰৌ-বৰালীক জালত পেলাবলৈ সক্ষম নোহোৱাত আবকাৰী বিভাগৰ বিৰুদ্ধে সচেতন ৰাইজ ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হৈছে।