NORTHEAST NOW (Assamese)

চামগুৰিত অভিযানকাৰী দলে উৎখাত কৰে অবৈধ কাঠ ফলা মিল : অসাধু ব্যৱসায়ী দলৰ পলায়ন

August 18, 2020 6:53 pm · বিদ্যুত জ্যোতি বৰা

নগাঁও জিলাৰ শালনা আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্ভুক্ত চামগুৰি পেনাইত বন বিভাগে অভিযান চলাই অধৈধ কাঠ ফলা মিল উৎখাত কৰাৰ লগতে মিলৰ যন্ত্ৰাংশ জব্দ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে গোপন খবৰ ভিত্তিত শালনা আঞ্চলিক বন বিষয়া নেপাল মণ্ডলৰ নেতৃত্বত বন পালক কুলেন্দ্ৰ ভূঞাসহ বনৰক্ষীৰ দলে আজি দুপৰীয়া ভাগত চামগুৰিৰ পেনাইত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান চলায়।

দলটোৱে অভিযান কালত আমীৰ আলী নামৰ লোকজনৰ মিলটো উৎখাত কৰাৰ লগতে মিলৰ যন্ত্ৰাংশসমূহ জব্দ কৰিবলৈ সক্ষম হয়।

কিন্তু বনৰক্ষী দলটোৰৰ আগমনৰ উমান পাই অসাধু ব্যৱসায়ী পলাই যাবলৈ সক্ষম হয়।

আনহাতে যোৱা কালি বৰঘূলীত শালনা বন বিভাগে অভিযান চলাই চাইফুল নামৰ লোকজনৰ কাঠ ফলা মিলটো উৎখাত কৰিছিল।

ইপিনে বন বিভাগে জব্দ কৰা মিলৰ যন্ত্ৰাংশসমূহ শালনা ৰেঞ্জত ৰাখিছে বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে ।

Related News