NORTHEAST NOW (Assamese)

১ জানুৱাৰীৰ ভিতৰত মণিপুৰত আই এল পি কাৰ্যকৰী হ’ব : মুখ্য মন্ত্ৰী

December 19, 2019 12:55 pm · এন ই নাও নিউজ
মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙৰ ফাইল ফটো

অহা ১ জানুৱাৰীৰ ভিতৰত মণিপুৰত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা সম্পূৰ্ণভাৱে কাৰ্যকৰী কৰা হ’ব। মুখ্য মন্ত্ৰী এন বিৰেণ সিঙে বুধবাৰে ৰাজ্যখনৰ বিধানসভাত উত্থাপন হোৱা এক প্ৰশ্নৰ উত্তৰত এই কথা জনায়।

আই এল পিৰ সম্প্ৰসাৰণ ৰাজ্যখনৰ জনসাধাৰণৰ নেৰানেপেৰা প্ৰচেস্তাৰ ফল বুলি উল্লেখ কৰি তেওঁ কয়, ‘ৰাজ্যখনত আই এল পি সম্প্ৰসাৰণ কৰাৰ বাবে আমি কেন্দ্ৰৰ নেতাসকলৰ শলাগ লোৱা উচিত।‘

‘আমি আই এল পিৰ নীতি-নিয়ম সমূহৰ ওপৰত কাম কৰি আছো আৰু ইয়াক সোনকালেই সম্পূৰ্ণ কৰা হ’ব’, তেওঁ লগতে কয়।

মণিপুৰ চৰকাৰে সিংজোল, মৰে’, মাও, জিৰিবাম, জেছামি, বেইহাং, বীৰ টিকেন্দ্ৰজিৎ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰকে ধৰি ৭-৮টা স্থানক প্ৰৱেশদ্বাৰ নিৰ্বাচন কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে।

ইয়াৰ উপৰি এতিয়ালৈকে অৰক্ষিত হৈ থকা কিছু কিছু অঞ্চলত আৰক্ষী থানা স্থাপন কৰিবলৈ আৰম্ভ কৰা বুলিও তেওঁ লগতে জনায়।

আনহাতে মণিপুৰত খিলঞ্জিয়া লোক নিৰুপনৰ ক্ষেত্ৰত ভিত্তি বৰ্ষ কি হ’ব বুলি প্ৰশ্ন কৰাত সিঙে কয়, ‘দেশজুৰি এন আৰ চি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে ইয়াক ঠিক কৰা হ’ব।‘

‘কেন্দ্ৰই সেউজ সংকেত দিয়াৰ লগে লগে আমি এন আৰ চি প্ৰক্ৰিয়া আৰম্ভ কৰিম’, তেওঁ কয়।

Related News