• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

নিৰপেক্ষ নিৰ্বাচনী পৰ্যালোচনা নে বিশেষ দলৰহৈ নিৰ্বাচনী প্ৰচাৰ?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
May 24, 2024 6:41 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনত মূলত আমি চাৰিটা পক্ষ দেখা পাওঁ। এটা ক্ষমতাসীন দল, আনটো বিৰোধী, তৃতীয়টো প্ৰচাৰ মাধ্যম আৰু চতুৰ্থটো হ’ল ভাৰতৰ নিৰ্বাচন আয়োগ। ক্ষমতাসীন দলটোৱে তেওঁলোকে ক্ষমতাত থকা সময়ছোৱাত ৰাইজৰ কাৰণে কিমান ভাল কাম কৰিছে তাৰ খতিয়ান দি ৰাইজৰ পৰা ভোট বিচাৰিব লাগে। বিৰোধীয়ে চৰকাৰী দলটোৰ কামৰ সমালোচনা কৰি তেওঁলোকে তাৰ কি বিকল্প কাৰ্যসূচী দিব তাৰ কথা কৈ ৰাইজৰ পৰা ভোট বিচাৰে। প্ৰচাৰ মাধ্যমে নিৰপেক্ষভাবে চৰকাৰী আৰু বিৰোধী দলৰ নিৰ্বাচনী কাৰ্যকলাপৰ বিষয়ে বাতৰি পৰিবেশন কৰিব লাগে। ভাৰতৰ নিৰ্বাচন আয়োগে চৰকাৰ আৰু বিৰোধী কাৰো পক্ষপাতিত্ব নকৰাকৈ নিৰপেক্ষভাবে নিকা আৰু স্বচ্চকৈ নিৰ্বাচন পৰিচালনা কৰিব লাগে।তেওঁলোকৰ ভূমিকা হ’ল ৰেফাৰী বা আম্পায়াৰৰ। কিন্তু ২০২৪-ৰ সাধাৰণ নিৰ্বাচনত আমি কি দেখিছোঁ? চৰকাৰী দলটোৱে তেওঁলোকে যোৱা দহ বছৰে ৰাইজৰ হৈ কি কাম কৰিলে তাৰ খতিয়ান দি ৰাইজৰ পৰা ভোট বিচৰা নাই।

তাৰ সলনি হোলোঙাৰে কাণ খজুওৱাৰ দৰে অদ্ভুৎ কথা কিছুমান কৈ বিৰোধীৰ কুৎসা ৰটনা কৰি নিৰ্বাচনী প্ৰচাৰ চলাইছে।নিৰ্বাচন আয়োগে কি কৰিছে? তেওঁলোকে নিৰপেক্ষ ভূমিকা লোৱাৰ সলনি চৰকাৰৰ অধীনৰ এটা বিভাগৰ দৰে চৰকাৰৰ বহতীয়াৰ নিচিনাকৈ কাম কৰি আছে। তাৰ উদাহৰণ হাজাৰ বিজাৰ।একেবাৰে শেহতীয়াটো হৈছে ভোট গ্ৰহণৰ পৰিসংখ্যাৰ জালিয়াতী। তাৰপিছত আহিল প্ৰচাৰ মাধ্যম। প্ৰচাৰ মাধ্যমে কি কৰে? তেওঁলোকে চৰকাৰ আৰু বিৰোধী উভয়ৰ মাজত কোনো পক্ষপাতিত্ব নকৰাকৈ দুয়ো পক্ষৰ সংবাদ প্ৰচাৰ কৰিব লাগে।তেওঁলোকে নিৰ্বাচনৰ নানা ধৰণৰ পৰ্যালোচনা কৰিব পাৰে, জনমত সমীক্ষা চলাব পাৰে যাক ইংৰাজীত Opinion Poll বুলি কয়। বা নিৰ্বাচন সম্পৰ্কে পুৰ্বানুমান কৰিব পাৰে মানে election forcaste কৰিব পাৰে। বা নিৰ্বাচন শেষ হোৱাৰ পিছত Exist Poll কৰিব পাৰে।এইবোৰ কৰোঁতে তেওঁলোকে কোনো ৰাজনৈতিক দলৰ দালালী কৰিব নালাগে। কিন্তু বাস্তৱত আমি কি দেখিছোঁ?

ঠিক নিৰ্বাচন আয়োগৰ দৰে প্ৰচাৰ মাধ্যমও মানে মুখ্যধাৰাৰ প্ৰচাৰ মাধ্যমৰ সৰহখিনিয়ে চৰকাৰৰ প্ৰচাৰকৰ ভূমিকাত অৱতীৰ্ণ হৈছে। চৰকাৰৰ দালালী কৰিছে। মানে চৰকাৰ, নিৰ্বাচন আয়োগ আৰু মুখ্যধাৰাৰ প্ৰচাৰ মাধ্যম এক হৈছে। তাৰে শেহতীয়া ঘটনা এটাই এতিয়া চাৰিওফালে খলকনি তুলিছে। সেইটো হৈছে আজি দুদিন আগতে কৰণ থাপাৰে প্ৰশান্ত কিশোৰৰ সৈতে লোৱা সাক্ষাৎকাৰটো। তাৰ আগতে আমি আন এটা কথা উল্লেখ কৰা উচিত হ’ব। এইবাৰৰ আটাইতকৈ বেছি নিৰ্বাচনী পৰ্যবেক্ষণ বা বিশ্লেষণ আগবঢ়োৱা ব্যক্তিজন হৈছে যোগেন্দ্ৰ যাদৱ।যোগেন্দ্ৰ যাদৱ এজন ৰাজনৈতিক এক্টিভিষ্ট। সম্প্ৰতি তেওঁ ভাৰত জোড়ো অভিযানৰ কেন্দ্ৰীয় সমন্বয়ক। আগেয়ে তেওঁ Centre for Study of Developing Societyৰ ফেল’ আছিল আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰো সদস্য আছিল। তেওঁ আম আদমি পাৰ্টিৰ প্ৰতিষ্ঠাপক সদস্যও আছিল।কিন্তু আম আদমী পাৰ্টিৰ পৰা ওলাই আহি তেওঁ পিছত স্বৰাজ ইণ্ডিয়া বুলি এটা ৰাজনৈতিক দল খুলিছিল। স্বৰাজ ইণ্ডিয়া এতিয়াও আছে।যোগেন্দ্ৰ যাদৱ ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ লগতো ঘনিষ্ঠভাবে জড়িত আছিল।যোগেন্দ্ৰ যাদৱে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচন আৰম্ভ হোৱাৰে পৰা পঞ্চম পৰ্যায়ৰ ভোট গ্ৰহণলৈকে তথ্যপাতি সহ প্ৰতিটো পৰ্যায়ৰ নিৰ্বাচনী পৰ্যালোচনা আগবঢ়াই আহিছে। তেওঁ মনেসজা কথাৰে বা কল্পনাৰে এই নিৰ্বাচনী বিশ্লেষণ আগবঢ়োৱা নাই।

Apply Now

তাৰ কাৰণে তেওঁ কৰ্ণাটক, তেলেংগানা, মধ্যপ্ৰদেশ,ৰাজস্থান,উত্তৰপ্ৰদেশকে আদি কৰি ভাৰতৰ বিভিন্ন ঠাই ঘূৰি চৰজমিন বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিৰ উমান লৈছে।সেই কাৰণেই প্ৰায় প্ৰতিটো বিকল্প প্ৰচাৰ মাধ্যমে তেওঁৰ লগত সাক্ষাৎকাৰ লৈছে বা তেওঁৰ কথাক গুৰুত্ব দিছে। আমি নৰ্থ-ইষ্ট নাওৱেও তেওঁৰ সাক্ষাৎকাৰ লৈছোঁ।বাস্তৱ পৰিস্থিতি আৰু পৰিবৰ্তিত ৰাজনৈতিক পটভূমিৰ পৰিপেক্ষিতত এইবাৰ বিজেপিয়ে কোনোপধ্যে ২৭৩ খন আসন নাপায় বুলি তেওঁ দৃঢ়তাৰে কৈছে।বিজেপি নালাগে আনকি NDAয়েও ২৭০খন আসন নাপাব পাৰে বুলি তেওঁ মন্তব্য কৰিছে।কিন্তু যোগেন্দ্ৰ যাদবৰ ঠিক বিপৰীতে গৈ আজি ডেৰ সপ্তাহমানৰ পৰা প্ৰশান্ত কিশোৰে বিভিন্ন সংবাদ মাধ্যমক সাক্ষাৎকাৰ দিবলৈ আৰম্ভ কৰিছে।তেওঁ কৈছে বিজেপিয়ে এইবাৰো ৩০০খন আসন পাব।কিন্তু ক’ৰপৰা কেনেকৈ বিজেপিয়ে ৩০০খন আসন পাব, তাৰ তেওঁ বিশদ ব্যাখ্যা কৰা নাই। তেওঁৰ কথা হ’ল বিজেপিয়ে ২০১৯তকৈও এইবাৰ ভাল ফল দেখুৱাব পাৰে। তাতেই তেওঁক কৰণ থাপাৰে ধৰিলে।থাপাৰে প্ৰশান্ত কিশোৰৰ সৈতে লোৱা সাক্ষাৎকাৰটোৰ এই অংশটো আপোনালোকে চাওকচোন।

থাপাৰে যেতিয়া ক’লে ইয়াৰ আগতে প্ৰশান্ত্ কিশোৰে কৰ্ণাটক, তেলেংগানা,আৰু হিমাচল প্ৰদেশ সম্পৰ্কে কৰা পূৰ্বানুমান মিলা নাই, প্ৰশান্ত কিশোৰ জাঙুৰ খাই উঠিল। তেওঁ কৰ্ণাটক আৰু তেলেংগানাৰ কথাটো এৰি কোনটো ভিডিওত হিমাচল প্ৰদেশত কংগ্ৰেছ নিশ্চিহ্ন হ’ব বুলি কৈছিল সেই ভিডিওটো দেখুৱাবলৈ বাৰে বাৰে থাপাৰক প্ৰত্যাহ্বান জনালে। থাপাৰে বিভিন্ন সংবাদপত্ৰৰ সূত্ৰৰ উদ্ধৃতি দিছেহে দিছে তেওঁ নামানে।কেৱল তেওঁক ভিডিওটোহে লাগে।কিন্তু সকলোৱে জানে যে সেই সময়ত প্ৰায়বোৰ মুখ্যধাৰাৰ সংবাদপত্ৰত প্ৰশান্ত কিশোৰৰ পূৰ্বানুমানৰ কথাটো ছপা হৈছিল। প্ৰশান্ত কিশোৰে নিজে সেই বিষয়ে এটা টুইট কৰিছিল।আচলতে প্ৰশান্ত কিশোৰৰ মিথ্যাবাদিতাক কৰণ থাপাৰে হাতেলোটে ধৰি উদঙাই দিয়া বাবেই তেওঁ ইমান উগ্ৰ ব্যৱহাৰ কৰিছিল।প্ৰশান্ত কিশোৰে যে মিছা কথা কৈছিল তেওঁৰ শৰীৰৰ ভাষাতে তাৰ অভিব্যক্তি ঘটিছিল।আৰু মাত্ৰ দুটা পৰ্যায়ৰ নিৰ্বাচন বাকী থকা সময়ত প্ৰশান্ত কিশোৰে কিয় বিজেপিয়ে ৩০০ আসন পাব বুলি ক’বলৈ ধৰিছে? তাৰ মূল কাৰণ হ’ল দোধোৰমোধোৰত থকা ভোটাৰে বিজেপি জিকিব বুলি ভাবি যাতে বিজেপিক ভোট দিয়ে। এই কথাটো সুজিত নায়াৰে এই ভিডিওটোত অতি সুন্দৰকৈ ব্যাখ্যা কৰিছে। নিৰপেক্ষতাৰ নাম লৈ ছদ্মবেশত প্ৰশান্ত কিশোৰে বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিছে নেকি বুলি এতিয়া বহুতেই তেওঁৰ সততাৰ ওপৰতে প্ৰশ্ন তুলিছে।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

বেজৰ নাকত খৰ! আমেঠিৰ ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান স্মৃতি ইৰাণীৰ নাম

বেজৰ নাকত খৰ! আমেঠিৰ ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান স্মৃতি ইৰাণীৰ নাম

June 12, 2026 9:18 pm
২৩ বছৰ বয়সতে ১৯টা চৰকাৰী চাকৰিৰ পৰীক্ষাত উত্তীৰ্ণ! কোন এই বিস্ময়কৰ তৰুণী?

২৩ বছৰ বয়সতে ১৯টা চৰকাৰী চাকৰিৰ পৰীক্ষাত উত্তীৰ্ণ! কোন এই বিস্ময়কৰ তৰুণী?

June 12, 2026 8:56 pm
মেটাৰ সেৱাত বিশ্বজুৰি বিঘিনি : কিছু সময়ৰ বাবে অচল হৈ পৰিল লাখ লাখ লোকৰ ফেচবুক-ইনষ্টাগ্ৰাম-হোৱাটছএপ

মেটাৰ সেৱাত বিশ্বজুৰি বিঘিনি : কিছু সময়ৰ বাবে অচল হৈ পৰিল লাখ লাখ লোকৰ ফেচবুক-ইনষ্টাগ্ৰাম-হোৱাটছএপ

June 12, 2026 8:26 pm
৬ জুলাইৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন

৬ জুলাইৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন

June 12, 2026 6:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বেজৰ নাকত খৰ! আমেঠিৰ ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান স্মৃতি ইৰাণীৰ নাম

বেজৰ নাকত খৰ! আমেঠিৰ ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান স্মৃতি ইৰাণীৰ নাম

June 12, 2026 9:18 pm
২৩ বছৰ বয়সতে ১৯টা চৰকাৰী চাকৰিৰ পৰীক্ষাত উত্তীৰ্ণ! কোন এই বিস্ময়কৰ তৰুণী?

২৩ বছৰ বয়সতে ১৯টা চৰকাৰী চাকৰিৰ পৰীক্ষাত উত্তীৰ্ণ! কোন এই বিস্ময়কৰ তৰুণী?

June 12, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd