অসমৰ বাহিৰৰ পৰা অসমলৈ আমদানি হোৱা মাছত ১৫ শতাংশ ফৰ্মেলিনৰ উপস্থিতি ধৰা পৰাৰ পিছতেই এই কথা পোহৰলৈ আহিছে যে মাছত থকা ফৰ্মেলিন বা বিষাক্ত দ্ৰব্যৰ উপস্থিতি ধৰা পেলাব পৰাকৈ অসমৰ মীন বিভাগৰ হাতত নাই পৰ্যাপ্ত সুবিধা।
অভিযোগ উত্থাপন হৈছে যে পৰ্যাপ্ত কাৰিকৰী সুবিধা নথকাৰ বাবে মীন বিভাগে এতিয়াও গুৱাহাটী মহানগৰীলৈ আমদানিকৃত মাছৰ ফৰ্মেলিন পৰীক্ষা কৰা নাই।
ইতিমধ্যে বিভাগটোৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ কাষ চাপি এই সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত কৰা বুলিও সূত্ৰটোৱে জনায়।
ইফালে সংবাদ মাধ্যমৰ লগত হোৱা সাক্ষাৎকাৰত বঙাইগাঁৱৰ বড়ো বজাৰৰ এজন মাছ বিক্ৰেতাই দাবী কৰে যে অসমৰ বাহিৰৰ পৰা আমদানি কৰা মাছত কোনো ধৰণৰ ফৰ্মেলিন ব্যৱহাৰ কৰা হোৱা নাই।
তেওঁ কয়, ‘আমি বিহাৰ, পশ্চিমবংগ আৰু অন্ধ্ৰপ্ৰদেশৰ পৰা মাছ আমদানি কৰোঁ। এই তিনি ৰাজ্যৰ পৰা মাছৰ গাড়ী অসমলৈ আহিবলৈ তিনিদিন সময় লাগে আৰু মাত্ৰ দুদিনৰ ভিতৰতে বিক্ৰী হৈ যায়। এই মাছখিনি বৰফত পাঁচৰ পৰা ছয় দিন ধৰি ৰাখিব পাৰি।”
উল্লেখ্য যে নগাঁও মহাবিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ গৱেষক ছাত্ৰসকলে কিছুদিন পূৰ্বে এখন সংবাদ মেলত সদৰী কৰিছিল যে তেওঁলোকে পৰীক্ষাগাৰত মাছসমূহ পৰীক্ষা কৰি তাত ফৰ্মেলিনৰ উপস্থিতি ধৰা পেলাইছে।