পাকিস্তানত আৰম্ভ ভোটগণনা; প্ৰাৰম্ভিক ফলাফলত চমক! নৱাজ নহয়, আগবাঢ়িছে কাৰাৰুদ্ধ ইমৰাণ

পাকিস্তানত স্থানীয় সময় অনুসৰি কালি সন্ধিয়া ৫ বজাত আনুষ্ঠানিকভাৱে ভোটদানৰ অন্ত পৰে। কিন্তু শুকুৰবাৰে পুৱাৰ আগতে গণনা আৰম্ভ কৰিব পৰা নগ’ল। অৱশেষত পুৱা ৩ বজাত নিৰ্বাচন আয়োগে সংবাদমেল অনুষ্ঠিত কৰি প্ৰাৰম্ভিক ফলাফল ঘোষণা কৰে। এতিয়াও অধিকাংশ সমষ্টিতে গণনা চলি আছে। গণনাত পলম হোৱাৰ বাবেই মোবাইল আৰু ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ সিদ্ধান্তক দোষাৰোপ কৰা হৈছে।

প্ৰাথমিক গণনাৰ ধাৰাক ব্যাখ্যা কৰি স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে জেলত থকা ইমৰাণ খানৰ পাকিস্তান তেহৰিক-ই-ইনছাফ (পিটিআই) দলৰ সমৰ্থনত বহু নিৰ্দলীয় প্ৰাৰ্থী আগবাঢ়ি আছে।

সেই দেশৰ ৰাজনৈতিক শিবিৰৰ এটা অংশই দাবী কৰিছিল যে পাকিস্তান সেনাবাহিনীৰ সহযোগত নৱাজ শ্বৰীফৰ পাকিস্তান মুছলিম লীগ-নৱাজ (পিএমএল-এন) দলে এই নির্বাচনত এক বৃহৎ জয়লাভ কৰিব৷ কিন্তু সেই দাবীৰ সত্যতা এতিয়াও পোৱা নাই বুলি পাকিস্তানৰ স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰই প্ৰকাশ কৰিছে।

লগতে পঢ়কঃ শিহৰণকাৰী! ফেচবুক লাইভ শেষ হোৱাৰ লগে লগে গুলীবিদ্ধ হৈ মৃত্যু শিৱসেনাৰ উদ্ধৱ গোটৰ নেতা

পুৱা ৬ বজালৈকে পাকিস্তানত মাত্ৰ ৮ খন ৰাষ্ট্ৰীয় বিধানসভাৰ আসনৰ ফলাফল ঘোষণা কৰা হৈছে। অধিকাংশ আসনত পিটিআই সমৰ্থিত নিৰ্দলীয় আৰু নৱাজৰ পিএমএল-এন প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছে।

উল্লেখ্য যে একাধিক গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত এতিয়া জেলত আছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। এনে পৰিস্থিতিত নিৰ্বাচন আয়োগে কাঢ়ি লৈ ​​গৈছে তেওঁৰ দল পিটিআইৰ নিৰ্বাচনী প্ৰতীক ক্ৰিকেটৰ বেট। ফলত বহু পিটিআই কৰ্মীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অন্যান্য প্ৰতীক লৈ নিৰ্বাচনী খেলপথাৰত অৱতীৰ্ণ হয়।

লগতে পঢ়কঃ আই চি চি ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত পুনৰ ভাৰত বনাম অষ্ট্ৰেলিয়া; এইবাৰ অন্য ৰূপত টীম ইণ্ডিয়া!

এই পৰ্যন্ত ৰাষ্ট্ৰীয় বিধানসভাত নৱাজৰ দলটোৱে মাত্ৰ দুখন আসনহে লাভ কৰিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা নৱাজৰ ভাতৃ শ্বাহবাজ শ্বৰীফে লাহোৰৰ এখন আসনত জয়লাভ কৰিছে। কিন্তু প্ৰাৰম্ভিক গণনাৰ পৰা দেখা যায় যে দলসমূহে নিজৰ গড় ভিত্তি ওপৰত ধৰি ৰাখিবলৈ সক্ষম হৈছে।

ইমৰাণৰ দলৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীয়ে তেওঁলোকৰ দুৰ্গ খাইবাৰ পখতুনখোৱা প্ৰদেশত কমেও তিনিখন আসনত জয়লাভ কৰিছে। বেনজিৰ ভুট্টোৰ পুত্ৰ তথা প্ৰাক্তন বৈদেশিক মন্ত্ৰী বিলাল ভুট্টো জৰ্দাৰীৰ পাকিস্তান পিপলছ পাৰ্টিয়ে পুনৰ সিন্ধ প্ৰদেশত ‘যুঁজ’ দিছে। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নৱাজে প্ৰতিদ্বন্দ্বিতা কৰা কেইবাখনো আসনত প্ৰাৰম্ভিক গণনাত পিছ পৰি আছে।

লগতে পঢ়কঃ পত্নীব্ৰতা স্বামী! মৰ্মান্তিক গাড়ী দুৰ্ঘটনাত মৃত্যু পত্নীৰ; নিজৰ বিৰুদ্ধে FIR দাখিল কৰিলে শিক্ষকে

এই পৰিস্থিতি গণনাত পলম হোৱাৰ বাবে ইমৰাণৰ দলটোৱে ৰিগিঙৰ আশংকা কৰিছে। ইতিমধ্যে পিটিআইয়ে জনাইছে যে তেওঁলোকৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীয়ে দেশৰ পৰৱৰ্তী চৰকাৰ গঠন কৰিব। জেলত বহি থকাৰ সময়তে ইমৰানে বিজয়ৰ আশা প্ৰকাশ কৰে। তেওঁ কয়, `বৃহৎ সংখ্যক লোকে সিদ্ধান্ত লৈছিল যে আমাৰ দলক বৃহৎ ব্যৱধানত জয়ী কৰাব।’