পাকিস্তানৰ তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰীৰ নাম ঘোষণা কৰিলে ইমৰান খানে, কোন হ’ব প্ৰধানমন্ত্ৰী?

অৱশেষত সকলো জল্পনা কল্পনাৰ অন্ত পেলাই পাকিস্তানৰ তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰীৰ নাম ঘোষণা কৰিলে ইমৰান খানে।
প্ৰাক্তন মুখ্য ন্যায়াধীশ গুলজাৰ আহমেদৰ নাম তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী হিচাবে আজি আনুষ্ঠানিক ভাবে প্ৰস্তাৱ কৰে ইমৰান খানে।

পাকিস্তানৰ প্ৰাক্তন তথ্য মন্ত্ৰী তথা পাকিস্তান তেহৰিক-ই-ইনচাফ দলৰ জ্যেষ্ঠ নেতা ফাৱাদ চৌধুৰীয়ে এই কথা প্ৰকাশ কৰিছে।

ৰাষ্ট্ৰপতি আৰিফ আলভিয়ে ইমৰান খান আৰু বিৰোধী দলৰ নেতা শ্বেহবাজ শ্বৰীফলৈ এজন তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী নিযুক্তিৰ বাবে পৰামৰ্শ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছিল।

ৰাষ্ট্ৰপতিয়ে প্ৰেৰণ কৰা উক্ত পত্ৰ পোৱাৰ পিছতে পিটিআই দলৰ কেন্দ্ৰীয় কমিটিৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰা হয় আৰু সেই বৈঠকতে প্ৰাক্তন মুখ্য ন্যায়াধীশ গুলজাৰ আহমেদক তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত কৰা হয়।

উল্লেখ্য আজি দুপৰীয়া পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে এজন তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী নিযুক্ত নোহোৱা পৰ্যন্ত ইমৰান খানেই প্ৰধানমন্ত্ৰীৰ পদ চম্ভালি যাব বুলি ঘোষণা কৰিছিল।

পাকিস্তানৰ ৰাষ্ট্ৰপতি আৰিফ আলভিয়ে এই বুলি ঘোষণা কৰিছিল যে এগৰাকী নতুন তত্বাৱধায়ক প্ৰধানমন্ত্ৰী নিযুক্ত নোহোৱালৈকে ইমৰান খানেই প্ৰধানমন্ত্ৰী হিচাবে কাৰ্য নিৰ্বাহ কৰি যাব।

পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে টুইটত কয়, “ইছলামিক গণৰাজ্য পাকিস্তানৰ সংবিধানৰ ২২৪ এ (৪) অনুচ্ছেদৰ অধীনত তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰীৰ নিযুক্তি নোহোৱালৈকে ইমৰান আহমেদ খান নিয়াজীয়ে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ থাকিব।”

উল্লেখ্য বিৰোধীয়ে ইমৰান খানৰ চৰকাৰৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱ শাসকীয় দল পিটিআইৰ সদস্য কাছিম চুৰীয়ে সংবিধানৰ ৫ নং অনুচ্ছেদৰ অধীনত নাকচ কৰাৰ দাবী তোলে। এনে পৰস্থিতিত বিৰোধী দলসমূহ থমকি ৰ’বলগীয়া হয়।

অৱশ্যে ঘটনাক্ৰমৰ শেষ পৰিণতিৰ কথা চিন্তা কৰিয়েই ইমৰান খানে পাকিস্তানত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পক্ষে মত দিয়ে। সেয়ে দেশ খনত শীঘ্ৰে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে।

ইতিমধ্যে পাকিস্তানৰ ৰাষ্ট্ৰপতিয়ে সংসদ ভংগ কৰি দিছে। পাকিস্তানৰ ৰাষ্ট্ৰপতি ড০ আৰিফ আলভিয়ে পাকিস্তানৰ দেশ খনৰ সংবিধানৰ ৪৮ (১) অনুচ্ছেদৰ ৫৮ (১)ৰ ধাৰাৰ অধীনত নেচনেল এচেম্বলী ভংগ কৰি দিছে।