পাকিস্তান উচ্চতম ন্যায়ালয়ৰ ৰায়ত পুনৰ অস্বস্তিত ইমৰাণ খান! আস্থা ভোটৰ দিন ঘোষণা

পাকিস্তানৰ চৰকাৰৰ নাটকীয় পৰিৱৰ্তনৰ দৃশ্যপট সঘনে সলনি হৈছে। পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে অনাস্থা প্ৰস্তাৱ বাতিল কৰাকলৈ উপাধ্যক্ষৰ ঘোষণাক অসাংবিধানিক বুলি স্পষ্ট কৰি দিছে। সৰ্বোচ্চ আদালতখনে ৰাষ্ট্ৰীয় সংসদখন পুনৰ প্ৰতিষ্ঠা কৰাৰ নিৰ্দেশ দিছে।

পাকিস্তানৰ সৰ্বোচ্চ আদালতৰ এই নিৰ্দেশকলৈ দেশখনত পুনৰ ৰাজনৈতিক অনিশ্চয়তাৰ সৃষ্টি হৈছে।

অহা শনিবাৰে দিনৰ ১১বজাত আস্থা ভোট গ্ৰহণ কৰা হ’ব। সৰ্বোচ্চ ন্যায়ালয়ে উপাধ্যক্ষই অনাস্থা প্ৰস্তাৱ বাতিল কৰাৰ যি ব্যৱস্থা লৈছিল সেয়া বেআইনী বুলি ঘোষণা কৰাৰ পিছত এইবাৰ পুনৰ আস্থা ভোটত ইমৰাণ খানে কি কৌশলী স্থিতি গ্ৰহণ কৰে তাকলৈ সকলোৰে দৃষ্টি নিৱদ্ধ আছে।

লগতে পঢ়ক: ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ পৰা নিলম্বিত ৰাছিয়া; ভোটদানৰ পৰা বিৰত থাকিল ভাৰত

উল্লেখ্য যে ইমৰাণ খানৰ পৰামৰ্শ মতেই ৰাষ্ট্ৰপতি আৰিফ আলভিয়ে পাকিস্তানৰ সংসদ ভংগ কৰি দিছিল। সেইদৰে, ইমৰাণ খানৰ বিৰুদ্ধে বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱ উপাধ্যক্ষই বাতিল কৰি দিছিল।

ইয়াৰ পিছতেই বিৰোধীয়ে পাকিস্তানৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় আৰু আদালতখনে এক বিৰল ৰায় প্ৰদান কৰে। সেই মৰ্মে ৯ এপ্ৰিলত আস্থা ভোটৰ দিন ঘোষণা কৰা হৈছে।