ইউক্ৰেইনত গণহত্যাৰ অভিযোগত ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ পৰা ৰাছিয়াক নিলম্বন কৰা হৈছে। ২০১১চনত লিবিয়াৰ পিছত এই প্ৰথমবাৰ কোনো দেশৰ বিৰুদ্ধে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ ক্ষেত্ৰত ভাৰতে ভোটদানৰ পৰা বিৰত থকাৰ ধাৰা অব্যাহত ৰখাত প্ৰথমবাৰৰ বাবে স্থিতি ৰাছিয়াৰ বিৰুদ্ধে গ’ল।
বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘৰ বিশেষ অধিৱেশনত আমেৰিকাৰ নেতৃত্বত তুলি ধৰা ৰাছিয়া বিৰোধী প্ৰস্তাৱৰ পক্ষত ৯৩খন দেশে ভোটদান কৰে। সেইদৰে, প্ৰস্তাৱৰ বিপক্ষে ২৪ খন দেশে ভোট দিয়াৰ বিপৰীতে ৫৮খন দেশে ভোটদানৰ পৰা বিৰত থাকে। ভাৰতো ভোটদানৰ পৰা বিৰত থাকে।
লগতে পঢ়ক: কৰিমুদ্দিন বৰভূঞালৈ আইনী বিপদ! দেবব্ৰত শইকীয়াৰ অধিবক্তাই প্ৰেৰণ কৰিলে আইনী জাননী
৪৭ খন সদস্যযুক্ত এই পৰিষদৰ পৰা ৰাছিয়াক নিলম্বনৰ বাবে এই প্ৰস্তাৱৰ সপক্ষে ভোটদানকাৰী দেশশমূহৰ দুই তৃতীয়াংশৰ সমৰ্থন প্ৰয়োজন আছিল। যিবোৰ দেশে ভোটদানৰ পৰা বিৰত থাকিল তেওঁলোকক ইয়াত কোনো পক্ষত ধৰা হোৱা নাই।
ইপিনে, ভাৰতে ভোটদানৰ পৰা বিৰত থকাটো ইয়াত ৰাছিয়া বিৰোধী স্থিতি হিচাপে পৰিগণিত হোৱা বুলি চৰ্চিত হৈছে। ইয়াৰ ফলত দেশখনৰ সৈতে ভাৰতৰ সম্পৰ্কত ফাট মেলাৰ আশংকাও সৃষ্টি হৈছে।
আনহাতে, ভোটদানৰ পৰা ভাৰত বিৰত থকাৰ সিদ্ধান্তকলৈ আমেৰিকাও সন্তুষ্ট নহয়। ভাৰতৰ সন্তুলন বৰ্তাই ৰখা নীতিত আমেৰিকাই সন্দেহৰ দৃষ্টি নিক্ষেপ কৰাৰ অৱকাশ আছে বুলি কূটনৈতিক মহলে ধাৰণা কৰে।
লগতে পঢ়ক: কি কাৰণে একেলগে গোটেই মন্ত্ৰীসভাই পদত্যাগ কৰিলে অন্ধ্ৰ প্ৰদেশত?
অৱশ্যে ভাৰতে শান্তিৰ পক্ষত থাকি কূটনৈতিক তথা আলোচনাৰ মাজেৰে এই সংঘাতৰ সমাধান হোৱাটো বিচাৰে বুলি সদৰী কৰে ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী মিছনৰ প্ৰতিনিধি টি তিৰুমূৰ্তিয়ে।