এআইইউডিএফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞালৈ আইনী জাননী প্ৰেৰণ কৰিলে অধিবক্তাই। বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ অধিবক্তাই প্ৰেৰণ কৰিছে এই আইনী জাননী।
অধিবক্তা চেমিম আহমেদ বৰভূঞাই নৰ্থ ইষ্ট নাওৰ সাংবাদিকক এই কথা জনাইছে।
কিন্তু কিয় AIUDF বিধায়ক তথা সাধাৰণ সম্পাদক কৰিমুদ্দিন বৰভূঞালৈ প্ৰেৰণ কৰিলে এই আইনী জাননী?
উল্লেখযোগ্য যে, বিধায়ক কৰিমুদ্দিন বৰভূঞাই যোৱা ১ এপ্ৰিলৰ দিনা বিধায়ক অখিল গগৈকে ধৰি কংগ্ৰেছৰ ৭-৮ গৰাকী বিধায়কে ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিক ভোট দিয়াৰ বিস্ফোৰক অভিযোগ তুলিছিল।
লগতে পঢ়ক: কি কাৰণে একেলগে গোটেই মন্ত্ৰীসভাই পদত্যাগ কৰিলে অন্ধ্ৰ প্ৰদেশত?
এই বিস্ফোৰক অভিযোগৰ পাছতে কৰিমুদ্দিনৰ বিৰুদ্ধে সৰৱ হৈছে বিৰোধী দলপতি দেবব্ৰত শইকীয়া। বৃহস্পতিবাৰে দেবব্ৰত শইকীয়াৰ অধিবক্তাই কৰিমুদ্দিন বৰভূঞালৈ এক আইনী জাননী প্ৰেৰণ কৰে।
শইকীয়াৰ মতে “কৰিমুদ্দিনৰ অভিযোগ ভিত্তিহীন আৰু মনেসজা! ৭ দিনৰ সময়সীমা দিয়া হৈছে বিধায়ক কৰিমুদ্দিনক! হয় প্ৰমাণ কৰক নহ’লে ৰাজহুৱাভাৱে ক্ষমা খোজক!”
ইপিনে, যদিহে নিৰ্দ্ধাৰিত সময় উকলি যোৱাৰ পাছতো বিধায়ক কৰিমুদ্দিন বৰভূঞাই ক্ষমা নোখোজে তেন্তে বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ তৰফৰ পৰা ফৌজদাৰী আৰু দেৱানী গোচৰ তৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।
লগতে পঢ়ক: একেলগে প্ৰায় ২০টা কুকুৰৰ আক্রমণ; ভনীয়েকক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে ৮ বছৰীয়া শিশুৱে!
ইয়াৰ লগতে বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে আদালতত ১০০ কোটি টকাৰ মানহানি গোচৰ দিয়া হ’ব বুলিও জানিবলৈ দিয়ে অধিবক্তা ছামিম আহমেদ বৰভূঞাই।