পুনৰ কাৰাদণ্ডঃ অবৈধ বিবাহৰ অভিযোগত সাত বছৰৰ কাৰাদণ্ডৰে দণ্ডিত ইমৰাণ খান আৰু পত্নী

Imran Khan

পুনৰ শাস্তিৰ সন্মুখীন হৈছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান। এইবাৰ অবৈধ বিবাহৰ গোচৰত আজি এক আদালতে ইমৰাণ খান আৰু তেওঁৰ পত্নী বুছৰা বিবিক সাত বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

২০২২ চনৰ পিছত ৭১ বছৰীয়া খানক চতুৰ্থবাৰৰ বাবে দোষী সাব্যস্ত কৰাটোৱেই হৈছে ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ পূৰ্বে পাকিস্তান তেহৰিক-ই-ইনছাফ (পিটিআই) দলৰ আৱদ্ধ প্ৰতিষ্ঠাপকজনৰ অসুবিধা আৰু অধিক।

২০১৮ চনৰ ১ জানুৱাৰীত বুছৰা বিবিৰ সৈতে বিবাহ হৈছিল খানৰ। বিবিৰ প্ৰথম স্বামী খাৱাৰ মানেকাই খান আৰু বিবিৰ বিৰুদ্ধে দ্বিতীয় বিবাহৰ ক্ষেত্ৰত ইছলামিক প্ৰথা উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰিছিল।

মানেকাই তেওঁৰ প্ৰাক্তন পত্নী আৰু খানৰ বিৰুদ্ধে বিবাহৰ পূৰ্বে অনৈতিক সম্পৰ্কত থকাৰো অভিযোগো উত্থাপন কৰিছিল। লক্ষণীয়ভাৱে এই অপৰাধৰ বাবে শিলগুটিৰে মৰিয়াই মৃত্যুদণ্ডৰ শাস্তি বিহা হয় অপৰাধীক।

প্ৰকাশিত খবৰ অনুসৰি, ৰাৱালপিণ্ডিৰ আদিয়ালা জেলৰ চৌহদৰ ভিতৰত শনিবাৰে ১৪ ঘণ্টা ধৰি এই গোচৰৰ শুনানি চলোৱা হৈছিল। আজি শুনানিৰ অন্তত জ্যেষ্ঠ দেৱানী ন্যায়াধীশ কুদ্ৰাতুল্লাই এই ৰায় প্ৰদান কৰে।
দম্পতীহালৰ ওপৰত পাঁচ লাখ টকাৰ জৰিমনাও আৰোপ কৰে বিচাৰপীঠে। এই ৰায় ঘোষণা কৰাৰ সময়ত ইমৰাণ খান আৰু বুছৰা বিবি দুয়োজনেই আদালতৰ কক্ষত উপস্থিত আছিল বুলি লগতে প্ৰকাশ পাইছে।

উল্লেখ্য যে, ২০২২ চনত ক্ষমতাৰ পৰা অপসাৰিত হোৱাৰ পিছত এইবাৰকে ধৰি তিনিবাৰকৈ দোষী সাব্যস্ত হৈছে ইমৰাণ খান। বিগত বৰ্ষত টোশাখানা দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত হোৱাত খানক ১৪ বছৰৰ কাৰাদণ্ড বিহা হৈছিল।

আনহাতে চলিত সপ্তাহৰ আৰম্ভণিতে চাইফাৰ গোচৰত পুনৰ ১০ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত হয় প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী।