প্ৰতি ১৩ দিনত এজন অপৰাধীক হত্যা! ৭ বছৰত যোগী ৰাজ্য উত্তৰ প্ৰদেশত ১৩ হাজাৰ এনকাউণ্টাৰ

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতি ১৩ দিনত এজন অপৰাধীক গুলীয়াই হত্যা কৰা হৈছে! যোৱা ৭ বছৰত মুঠ আৰক্ষীৰ এনকাউণ্টাৰৰ সংখ্যা ১২ হাজাৰ ৯৬৪! উত্তৰ প্ৰদেশৰ আৰক্ষীৰ ট্ৰেক ৰেকৰ্ডেই প্ৰকাশ কৰিছে এই চাঞ্চল্যকৰ তথ্য।

বাতৰি অনুসৰি, ২০১৭ চনৰ ২০ মাৰ্চৰ পৰা ২০২৪ চনৰ ৫ ছেপ্টেম্বৰলৈকে এই বৃহৎ সংখ্যক এনকাউণ্টাৰৰ বাবে উত্তৰ প্ৰদেশত আৰক্ষীয়ে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। অপৰাধীৰ প্রত্যাক্ৰমণত ১৭ জন আৰক্ষী জোৱানৰো মৃত্যু হয়৷ মৃতকৰ তালিকাত ২০৭জন কুখ্যাত অপৰাধীৰ নাম আছে।

উত্তৰ প্ৰদেশত ক্ষমতালৈ অহাৰ পিছতে যোগী চৰকাৰে মাফিয়া আৰু দুস্কৃতিকাৰীৰ বিৰুদ্ধে ‘শূন্য সহনশীলতা’ নীতি গ্ৰহণ কৰে। তেতিয়াৰ পৰাই ৰাজ্যখনক অপৰাধমুক্ত কৰাৰ বাবে আৰক্ষী-প্ৰশাসনক অপৰিসীম ক্ষমতা প্ৰদান কৰা হৈছে। তাৰ ফলাফল চৰকাৰী পৰিসংখ্যাত ওলাইছে।

লগতে পঢ়কঃ হাৰিয়ানা নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ; দলত যোগ দিয়েই টিকট পালে ৱিনেশ ফ’গাটে

আৰক্ষীৰ দাবী যে যিসকলৰ এনকাউন্টাৰ হৈছে তেওঁলোক সকলোৱেই তালিকাভুক্ত অপৰাধী। বহুতৰে বিৰুদ্ধে আৰ্থিক মূল্যৰ ঘোষণা আছিল। উত্তৰ প্ৰদেশ আৰক্ষীৰ ডিজি প্ৰশান্ত কুমাৰে দাবী কৰে যে এনকাউণ্টাৰত উচ্চতম ন্যায়ালয়ৰ গাইডলাইন মানি চলিছিল, সেয়ে আজি কোনো এটা ঘটনাকলৈও প্ৰশ্ন উঠা নাই।

প্ৰশাসনৰ সূত্ৰৰ মতে, বেছিভাগ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে মীৰাট জ’নত। ২০১৭ চনৰ পৰা মুঠ ৩৭২৩টা এনকাউণ্টাৰত ৬৬জন কুখ্যাত অপৰাধীক হত্যা কৰাৰ লগতে ৭ হাজাৰ ১৭জন অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে।

এনকাউণ্টাৰত নিহত বহু অপৰাধীৰ বিৰুদ্ধে নগদ ধনৰ পুৰস্কাৰো ঘোষণা কৰা হৈছিল। নিহতৰ তালিকাত থকা ২ জন লোকৰ মূৰৰ দাম যোগী চৰকাৰে ৫ লাখ টকাকৈ ঘোষণা কৰিছিল। একেদৰে ৪জন লোকক গতাই দিব পাৰিলে আঢ়ৈ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল।

লগতে পঢ়কঃ আইনগতভাৱে ভাং খেতি কৰা হ’ব হিমাচল প্ৰদেশত; বিধানসভাত গৃহীত হ’ল প্ৰস্তাৱ

উল্লেখ্য যে বিৰোধীয়ে বাৰে বাৰে যোগীৰ ৰাজ্যত আৰক্ষীয়ে নিৰীহ লোকক অপৰাধীৰ সজাই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে। চৰকাৰী পৰিসংখ্যা ওলাই অহাৰ পিছতে নতুনকৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অৱশ্যে ডিজি প্ৰশান্ত কুমাৰে কয় যে, অপৰাধীক সহ্য কৰাৰ কোনো প্ৰশ্নই নুঠে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ এই ধাৰা অব্যাহত থাকিব।