BSNL Dhamaka Offer বহুতেই সঘনাই ৰিচাৰ্জ কৰি থাকিবলৈ অসুবিধা পায়। বছৰত এবাৰ ৰিচাৰ্জ কৰি থৈ দিব পাৰিলেই ভাল বুলিও ভাৱে। এনেক্ষেত্ৰত বিএছএনএলৰ আছে এক আকৰ্ষণীয় অফাৰ।
বিএছএনএলৰ এই প্লেনত এবাৰ ৰিচাৰ্জ কৰিয়েই এবছৰ নিশ্চিন্তে এবছৰ কটাব পাৰিব। তাৰ মাজত আৰু কোনো ৰিচাৰ্জ কৰাৰ প্ৰয়োজন নহয়।
কোভিড পৰিস্থিতিৰ মাজত ৱৰ্ক ফ্ৰম হ’ম ৰ বাবে এই প্লেনত আনলিমিটেড ডাটাও পোৱা যাব।
এবাৰ ১,৯৯৯ টকাৰে এই ৰিচাৰ্জ প্লেনৰ ম্যাদ ৩৬৫দিনৰ। পোৱা যাব ৬০০জিবি ডাটা আৰু দৈনিক ডাটা ব্যৱহাৰৰ কোনো সৰ্বোচ্চ সীমা নাই।
তদুপৰি, দৈনিক ১০০টা বিনামূলীয়া এছএমএছ কৰাৰ সুবিধাও আছে। লগতে আছে এবছৰৰ বাবে আনলিমিটেড ভয়েছ কলিং কৰাৰ সুবিধা।
ইয়াৰোপৰি বিএছএনএলৰ আৰু আছে এটি আকৰ্ষণীয় প্লেন। ইয়াৰ ৪৪৭টকাৰ প্ৰিপেইড প্লেনত আছে বহু সুবিধা।
বিএছএনএলৰ ৪৪৭টকাৰ প্ৰিপেইড প্লেনৰ ম্যাদ ৬০দিন। ইয়াত পোৱা যাব ১০০জিবি ডাটা। ডাটা ব্যৱহাৰৰ ক্ষেত্ৰত দৈনিক কোনো সৰ্বোচ্চ সীমা নাই। অৱশ্যে, ১০০জিবি ডাটা শেষ হ’লে ইয়াৰ স্পীড ৮০ কেবিপিএছলৈ হ্ৰাস পাব।
এই প্লেনতো দৈনিক ১০০টা বিনামূলীয়া এছএমএছ কৰাৰ সুবিধা আছে। লগতে আছে আনলিমিটেড ভয়েছ কলিং কৰাৰ সুবিধা।
তদুপৰি, এই প্লেনৰ সৈতে BSNL Tunes আৰু EROS Nowৰ ছাবস্ক্ৰিপশ্যন লাভ কৰিব গ্ৰাহকে।
বিএছএনএলে শেহতীয়াকৈ কেইবাটাও আকৰ্ষণীয় অফাৰ বজাৰত মুকলি কৰি দিছে। বিনামূলীয়া 4G ছিম দিছে। অহা ৩১ ডিচেম্বৰলৈকে গ্ৰাহকে এই অফাৰ ল’ব পাৰিব।
নতুন গ্ৰাহকসকলে এই অফাৰ লাভ কৰিব। লগতে মোবাইল নম্বৰ পোৰ্ট কৰা ব্যৱহাৰকাৰীয়েও লাভ কৰিব এই অফাৰ।
অৱশ্যে নতুনেই হওক বা পুৰণিয়েই হওক গ্ৰাহকে এই 4G ছিম পাবলৈ বিএছএনএলৰ নম্বৰত প্ৰথমতে ১০০টকাৰ ৰিচাৰ্জ কৰিব লাগিব। সাধাৰণতে বিএছএনএলে 4G ছিমৰ বাবে ২০টকা লয়।