NORTHEAST NOW (Assamese)

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

February 4, 2023 7:25 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 4, 2023 6:46 pm

দেশত প্ৰথমবাৰৰ গৰ্ভধাৰণ কৰিছে এহাল ট্ৰেন্সজেণ্ডাৰ দম্পতীয়ে। শেহতীয়াকৈ ইনষ্টাগ্ৰামৰ জৰিয়তে ফ’ট শ্বেয়াৰ কৰি তেওঁলোকে নিজেই প্ৰকাশ কৰিছে এই কথা। এই ট্ৰেন্সজেণ্ডাৰ দম্পতীহালৰ ঘৰ কেৰালাৰ কোজিকোডত।

জীয়া আৰু জাহাদ নামৰ দুই ট্ৰান্সজেণ্ডাৰ সংগীয়ে গৰ্ভধাৰণ কৰা নিজকে ভাৰতৰ প্ৰথম ট্ৰান্সজেণ্ডাৰ দম্পতি হিচাপে উল্লেখ কৰি সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰিছে। গৰ্ভৱতী জীয়াই অহা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে সন্তানটি প্ৰসৱ কৰিবলৈ আশাৰে বাট চাই আছে।

জানিব পৰা মতে জীয়া হৈছে ট্ৰান্স ওমেন অৰ্থাৎ জীয়া শাৰীৰিকভাবে পুৰুষ হিচাপে জন্ম হৈ পিছত নিজে নাৰীলৈ ৰূপান্তৰিত হৈছে। আনহাতে জাহাদ হৈছে ট্ৰান্স মেন অৰ্থাৎ জাহাদে নাৰীৰ শৰীৰত জন্মগ্ৰহণ কৰি নিজকে পুৰুষ শৰীৰলৈ পৰিণত কৰিছে। যোৱা তিন বছৰ ধৰি একেলগে আছে এই দুই প্ৰেমিক-প্ৰেমিকা। সম্প্ৰতি জীয়াৰ গৰ্ভত থকা সন্তানটোৰ সময় আঠমাহ বুলি জানিবলৈ পোৱা গৈছে।

ইনষ্টাগ্ৰামত নিজৰ গৰ্ভাৱস্থাৰ ফ’ট শ্বেয়াৰ কৰি জীয়াই লিখিছে ‘মা’ হোৱাৰ অনুভৱ কথা। লগতে ধন্যবাদ জ্ঞাপন কৰিছে তেওঁলোকৰ লগত জড়িত হৈ থকা চিকিৎসক সকলক।

 

View this post on Instagram

 

A post shared by Ziya Paval (@paval19)

ইতিমধ্যে ফটোখনে হাজাৰ হাজাৰ লাইক আৰু কমেন্ট লাভ কৰিছে। শ শ প্ৰগতিশীল লোকে অভিনন্দন আৰু শুভেচ্ছাৰে ভৰাই পেলাইছে জীয়াৰ কমেন্টবক্স।

Related News