Covid-Monkeypox: একেলগে দুটা ভাইৰাছৰ সংক্ৰমণ! প্ৰথমবাৰ কৰ’না আৰু মাঙ্কিপক্সৰ দ্বাৰা আক্ৰান্ত হ’ল এক ব্যক্তি

Man infected With Covid and monkeypox at the same time বিশ্বত প্ৰথমবাৰৰ বাবে এজন লোকৰ শৰীৰত একেলগে দুটা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰত একেলগে কৰ’না আৰু মাঙ্কিপক্স আক্ৰান্ত এজন লোকৰ সন্ধান পোৱা গৈছে।

বাতৰি অনুসৰি, আক্ৰান্ত মিচো থম্পচন নামৰ ব্যক্তিজন কেলিফৰ্ণিয়াৰ বাসিন্দা। তেওঁৰ শৰীৰত দুটা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে। চিকিৎসকসকলে প্ৰথমবাৰৰ বাবে এনে ৰোগীৰ সন্ধান পাইছে।

লগতে পঢ়ক: Monkeypox: বৃদ্ধি পাইছে মাঙ্কিপক্সৰ সংক্ৰমণ; স্বাস্থ্য জৰুৰী অৱস্থা ঘোষণা WHOৰ

মিচোৱে জানিবলৈ দিছে যে যোৱা জুনৰ শেষত তেওঁ কৰোনাৰ দ্বাৰা আক্ৰান্ত হৈছিল। তাৰ পিছত হঠাতে তেওঁৰ গোটেই শৰীৰত দাগ দেখা দিয়ে। যাৰ বাবে শৰীৰত অধিক যন্ত্ৰণা হয়। তেওঁ যেতিয়া চিকিৎসকৰ ওচৰলৈ গ’ল চিকিৎসকে তেওঁক পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে। তেতিয়াই ধৰা পৰে যে আৱিষ্কাৰ তেওঁ মাঙ্কিপক্সত আক্ৰান্ত হৈছে।

আক্ৰান্ত ব্যক্তিগৰাকীয়ে জানিবলৈ দিয়ে যে তেওঁৰ জ্বৰ, শৰীৰৰ বিষ, শ্বাসকষ্ট আৰু গোটেই শৰীৰত দাগ আদি লক্ষণ দেখা দিছিল।

সমগ্ৰ বিশ্বতে নতুনকৈ কৰ’নাৰ সংক্ৰমণে চিন্তা বৃদ্ধি কৰিছে। এতিয়াও এই মহামাৰীৰ সমাপ্তি ঘটা হোৱা নাই। তাৰমাজতে এইবাৰ মাঙ্কিপক্সৰ আতংক। বিশ্ব স্বাস্থ্য সংস্থাই শনিবাৰে মাঙ্কিপক্সৰ সংক্ৰমণৰ পৰিস্থিতিলৈ লক্ষ্য কৰি বিশ্বজুৰি স্বাস্থ্য জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে।

লগতে পঢ়ক:Meghalaya Crime & Politics: মেঘালয়ৰ প্ৰভাৱশালী বিজেপি নেতাৰ বিৰুদ্ধে ঘৰতে পতিতালয় চলোৱাৰ অভিযোগ

স্বাস্থ্য বিশেষজ্ঞসকলে পৃথিৱীৰ বিভিন্ন দেশলৈ লাহে লাহে বিয়পি পৰা মাঙ্কিপক্সৰ  সংক্ৰমণকলৈ উদ্বেগ প্ৰকাশ কৰিছে আৰু ঘটনাৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাই আহিছে।