NORTHEAST NOW (Assamese)

Forest official & SSB team arrest: চোৰাং চিকাৰীয়ে কামুৰি ছিঙিলে SSB জোৱানৰ আঙুলি; চোৰাং চিকাৰী কৰায়ত্ত, দুটা হাতীদাঁত জব্দ

October 23, 2021 11:30 am · ৰিনয় বসুমতাৰী, কোকৰাঝাৰ
Updated: October 23, 2021 11:41 am
ফটো: নৰ্থইষ্ট নাও।

Forest official & SSB team arrest: চিৰাঙৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যোনৰ বন বিভাগৰ দল আৰু SSBৰ এটা দলে ভাৰত-ভূটান সীমান্তৰ আমটেকাত চোৰাং চিকাৰীৰ বিৰুদ্ধে চলোৱা এক যৌথ অভিযানত দুটা হাতী দাঁত জব্দ কৰাৰ লগতে এজন চোৰাং চিকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে।

কিন্তু এই অভিযানত চোৰাং চিকাৰীয়ে এজন SSB জোৱানৰ আঙুলি কামুৰি ছিঙাৰ এক শিহৰণকাৰী ঘটনা ঘটে।

গ্ৰাহকৰ বেশত যোৱা অভিযানকাৰী দলটোৱে চোৰাং চিকাৰীজনক কৰায়ত্ত কৰিবলৈ চেষ্টা কৰাৰ সময়তে চোৰাং চিকাৰীজনে এইদৰে SSB জোৱানজনৰ দুটা আঙুলি কামুৰি ছিঙি পলায়ন কৰাৰ চেষ্টা কৰে।

অৱশ্যে, অভিযানকাৰী দলটোৱে চোৰাং চিকাৰীজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। চোৰাং চিকাৰীজন আমটেকাৰ শিমলুগুৰিৰ কিৰণ বৰগয়াৰী বুলি চিনাক্ত কৰা হৈছে।   

পিছত আহত জোৱানজনক বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । 

Related News