NORTHEAST NOW (Assamese)

বোকাখাতৰ লতাবাৰীত তীব্ৰ বেগী ট্ৰেভেলাৰৰ খুন্দাত নিহত পহু

October 12, 2019 11:13 am · উত্তম শইকীয়া
Updated: October 12, 2019 11:14 am

বোকাখাতৰ লতাবাৰীত আজি পুৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন তীব্ৰ বেগী বাহনৰ খুন্দাত এটা পহুৰ মৃত্যু হয়।

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি কাজিৰঙাৰ অগৰাতলী বনাঞ্চলৰ পৰা ওলাই চাহ বাগিচাত আশ্ৰয় লোৱা পহুটোক পথ অতিক্ৰম কৰিবলৈ লওঁতেই এখন যাত্ৰীবাহী ট্ৰেভেলাৰে খুন্দিয়াই।

ফলত পহুটোৰ মৃত্যু হয়। ইফালে ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা ট্ৰেভেলাৰখনে পলায়ন কৰে।

পিছত বোকাখাত খণ্ড বন কার্যালয়ৰ পৰা অহা বনকর্মী ঘটনাস্থলীত উপস্তিত হৈ মৃত পহুটোক উদ্ধাৰ কৰি সমীপৰ পানবাৰীত থকা বন্যপ্রাণী পুনৰ  সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ মৰােনােত্তৰ পৰীক্ষাৰ বাবে লৈ যায়।

উল্লেখযোগ্য যে বিভিন্ন সময়ত এনেদৰে প্ৰায়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা জীৱ-জন্তুয়ে ঘাইপথত চলাচল কৰা তীব্ৰ বেগী বাহনৰ খুন্দাত মৃত্যুক সাবটি লয়।

Related News