NORTHEAST NOW (Assamese)

অসমত দিনক দিনে বৃদ্ধি পাইছে গাৰ্হস্থ্য হিংসা  : স্বামীৰ চোকা অস্ত্ৰত প্ৰাণ গ’ল পত্নীৰ

May 20, 2024 4:05 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

অসমত দিনক দিনে বৃদ্ধি পাইছে নাৰীজনিত অপৰাধ তথা গাৰ্হস্থ্য হিংসাৰ ঘটনা। শিৱসাগৰৰ পংখী সন্দিকৈৰ মৃত্যুৰ খবৰৰ চাঞ্চল্য মাৰ নযাওতেই সংঘটিত হৈছে একেধৰণৰ আন এক হত্যাকাণ্ড।

এই ঘটনা সংঘটিত হৈছে কৰিমগঞ্জৰ চৰগোলাৰ সমীপৰ জবৈনপুৰ গাঁৱত। অভিযোগ অনুসৰি দেওবাৰে পুৱা জবৈনপুৰৰ এজন লোকে চোকা অস্ত্ৰৰে হত্যা কৰিছে নিজ পত্নীক।

জানিব পৰা মতে অভিযুক্ত স্বামীৰ নাম আব্দুল চৈয়দ আৰু ভুক্তভোগী পত্নীৰ নাম জাবা বেগম।

প্ৰায় ১৭ বছৰ পূৰ্বে আব্দুল চৈয়দৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল জবা বেগম। দুই পুত্ৰ আৰু এগৰাকী কন্যা আছিল দম্পতীহালৰ।

ওচৰ-চুবুৰীয়াই জনোৱা মতে, দম্পতীহালৰ মাজত প্ৰায়ে কাজিয়া হৈছিল। দীৰ্ঘদিনে চলি থকা এই পাৰিবাৰিক কন্দলেই হত্যাৰ ৰূপ ল’লে বুলি জানিবলৈ দিছে ওচৰ-চুবুৰীয়াই।

এই ঘটনাৰ খবৰ পোৱাৰ লগে লগেই আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা আব্দুলক গ্ৰেপ্তাৰ কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

ইফালে আব্দুল ছায়েদৰ পৰিয়ালে জবাৰ ভাতৃহে এই হত্যাকাণ্ডৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন কৰিছে।

আৰক্ষীয়ে আব্দুল ছায়েদ, তেওঁৰ ককাক আৰু আন কেইবাজনো সন্দেহযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

Related News