NORTHEAST NOW (Assamese)

কি আছে! ছ’চিয়েল মিডিয়াত ভাইৰেল ৰিজিজু আৰু মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ পুৰণি ভিডিঅ’

May 20, 2023 11:00 am · এন ই নাও নিউজ, গুৱাহাটী
ফটো: সংগ্ৰহীত।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত বাৰ কাউন্সিলৰ অনুষ্ঠানত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় আৰু তেতিয়াৰ আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে এক লঘু মুহূৰ্ত উপভোগ কৰিছিল। তাত তেওঁলোকৰ কথা-বতৰাৰ মূল বিষয় আছিল যৌৱন।

সেই সময়ত ডি ৱাই চন্দ্ৰচুড়ে মুখ্য ন্যায়াধীশৰ দায়িত্ব গ্ৰহণ কৰিছিল। কিৰেন ৰিজিজুৱে তেওঁৰ বিষয়ে কিছু ধেমেলীয়া মন্তব্য কৰিছিল। ডি ৱাই চন্দ্ৰচুড়ে ধেমালিতে উত্তৰো দিয়ে। কিৰেন ৰিজিজুক আইন মন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰা হৈছে। তাৰ পিছতে সেই পুৰণি ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে।

লগতে পঢ়ক: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক উপেক্ষা কৰি দিল্লীৰ আমোলা নিযুক্তিৰ ক্ষমতা পুনৰ নিজৰ হাতলৈ নিলে কেন্দ্ৰই

কিৰেন ৰিজিজু আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাৰ আটাইতকৈ কম বয়সীয়া মন্ত্ৰী। মাত্ৰ ৫১ বছৰ। তেওঁ কয় যে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচুড়ৰ প্ৰকৃত যুৱ চেহেৰাক লৈ কোনেও বিতৰ্ক নকৰিব। সেই সময়ত মুখ্য ন্যায়াধীশগৰাকীৰ বয়স আছিল ৬৩ বছৰ।কিৰেন ৰিজিজুৱে দাবী কৰিছিল যে চন্দ্ৰচুড়ে নিজৰ যৌৱন অক্ষুণ্ণ ৰাখিছে।

মুখ্য ন্যায়াধীশে কিৰেন ৰিজিজুক এটা ধেমেলীয়া কৌতুকেৰে উত্তৰ দিয়ে। তেওঁ কয় যে গুগলত সন্ধান কৰি তেওঁ জানিব পাৰিছে যে কিৰেন ৰিজুজীৰ জন্মৰ সময়ত তেওঁৰ বয়স ১২ বছৰ আছিল। অৰ্থাৎ দুয়োৰে মাজত ১২ বছৰৰ বয়সৰ পাৰ্থক্য আছে। তেতিয়া মুখ্য ন্যায়াধীশে কয় যে সৰু হ’লেও কিৰেন ৰিজিজু আসনত জ্যেষ্ঠ। কাৰণ তেওঁ সাতবাৰৰ জনপ্ৰতিনিধি। দেশৰ আইন মন্ত্ৰী। তেওঁৰ  জ্ঞানক সন্মান জনাও।

কিৰেন ৰিজিজুক আইন মন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰা হৈছে। কিৰেন ৰিজিজুক ভূ বিজ্ঞান মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে। আনহাতে, অৰ্জুন ৰাম মেঘৱাল ৰিজিজুৰ আসনত বহিল। বৃহস্পতিবাৰে অৰ্জুন ৰাম মেঘৱালক নতুন আইন মন্ত্ৰী হিচাপে ঘোষণা কৰা হয়। কিৰেন ৰিজিজুৱে কলিজিয়ামক লৈ অহৰহ বিতৰ্কিত মন্তব্য কৰি আছিল। যাৰ বাবে চৰকাৰ কিছু অস্বস্তিত পৰিছিল।

Related News