• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক উপেক্ষা কৰি দিল্লীৰ আমোলা নিযুক্তিৰ ক্ষমতা পুনৰ নিজৰ হাতলৈ নিলে কেন্দ্ৰই

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 20, 2023 8:50 am
দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল আৰু উপ ৰাজ্যপাল ভি কে চাক্সেনা।

দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল আৰু উপ ৰাজ্যপাল ভি কে চাক্সেনা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ প্ৰশাসনৰ ক্ষমতা কাৰ হাতত থাকিব? এই প্ৰশ্নৰ উত্তৰত উচ্চতম ন্যায়ালয়ে কিছুদিন পূৰ্বে অৰবিন্দ কেজৰিৱালক ডাঙৰ সকাহ দিছিল। বৰ্তমানৰ আমোলাসকলৰ বদলি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কৈছিল যে দিল্লী চৰকাৰৰ নিজৰ বিষয়াক নিয়ন্ত্ৰণ কৰাৰ অধিকাৰ আছে।

ইয়াৰ পূৰ্বে দিল্লী চৰকাৰৰ আমোলাক বদলি কৰাৰ ক্ষমতা লেফটেনেণ্ট গৱৰ্ণৰৰ হাতত আছিল। এই পৰিস্থিতিত চৰকাৰ আৰু আমোলাৰ মাজত মতানৈক্য দেখা দিয়ে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এই বিবাদৰ অন্ত পৰে। কিন্তু দিল্লী চৰকাৰৰ সেই ক্ষমতা মাত্ৰ কেইদিনমানৰ বাবেহে চলিল। কাৰণ কেন্দ্ৰৰ মোডী চৰকাৰে এই সন্দৰ্ভত নতুন অধ্যাদেশ গৃহীত কৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ নিষ্ক্ৰিয় কৰিলে।

লগতে পঢ়ক: জোনমণি ৰাভাৰ মৃত্যু ৰহস্য: মুখ্য কাৰ্যালয়ত “ক্ল’জ” কৰা হ’ল চাৰিজন আৰক্ষী বিষয়াক

Apply Now

উল্লেখ্য যে ২০১৫ চনত কেন্দ্ৰই এখন আইন প্ৰণয়ন কৰি দিল্লীত আমোলা নিযুক্তিৰ ক্ষমতা নিজৰ হাতলৈ নিছিল। পিচে, ১১ মে’ৰ নিৰ্দেশত উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত ৰাইজে নিৰ্বাচিত কৰা চৰকাৰৰ হাতত ক্ষমতা থাকিব লাগে বুলি উল্লেখ কৰিছিল। প্ৰায় ১০ দিন পূৰ্বে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ বিভাগীয় বিচাৰপীঠে সৰ্বসন্মতিক্ৰমে কয় যে আইন-শৃংখলা আৰু ভূমিৰ বাহিৰে সকলো বিষয়তে দিল্লী চৰকাৰৰ ক্ষমতা থাকিব।

কিন্তু যোৱা নিশা মোডীৰ নেতৃত্বত কেবিনেটে ‘ৰাষ্ট্ৰীয় ৰাজধানী অসামৰিক সেৱা প্ৰাধিকৰণ’ গঠনৰ বাবে অধ্যাদেশ আনে। মোডী চৰকাৰে দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ভূখণ্ড আইন, ১৯৯১ সংশোধন কৰি এই অধ্যাদেশ আনিছে। এনে পৰিস্থিতিত আকৌ এবাৰ দিল্লীৰ আমোলাক বদলি কৰাৰ ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতলৈ গ’ল। নতুন অধ্যাদেশৰ ফলস্বৰূপে দিল্লীৰ উপ-ৰাজ্যপাল আমোলাতন্ত্ৰিক বদলিৰ ক্ষেত্ৰত পুনৰ ‘সৰ্বশক্তিমান’ হৈ পৰিল।

যোৱা নিশাৰ অধ্যাদেশৰ জৰিয়তে নেচনেল কেপিটেল টেৰিটৰী অফ দিল্লী এক্টত সন্নিৱিষ্ট কৰা হ’ল এটা নতুন অধ্যায়। ইয়াৰ জৰিয়তে ইউ পি এছ চি উত্তীৰ্ণ আমোলাৰ পৰা দিল্লীৰ বাবে সুকীয়া কেডাৰৰ সৃষ্টি কৰা হৈছে। তদুপৰি, দিল্লী অধীনস্থ সেৱা ব’ৰ্ডৰ পৰা নিযুক্তিৰ ক্ষমতাও কেন্দ্ৰৰ হাতলৈ গৈছে।

লগতে পঢ়ক: এতিয়াও নাই তেওঁৰ নিজৰ মোবাইল; জনতাই শক্তি কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ

উল্লেখ্য যে আগতে ইউ পি এছ চিৰ পৰা পৃথকে দিল্লীৰ বাবে কেডাৰ নাছিল। এই নতুন অসামৰিক সেৱা কৰ্তৃপক্ষৰ নেতৃত্বত থাকিব দিল্লীৰ মুখ্যমন্ত্ৰী। দিল্লীৰ মুখ্য সচিব আৰু গৃহ সচিবো থাকিব। তেওঁলোকে সামূহিকভাৱে বদলি বা নিযুক্তি সম্পৰ্কীয় পৰামৰ্শ লেফটেনেণ্ট গৱৰ্ণৰলৈ প্ৰেৰণ কৰিব। তেতিয়া লেফটেনেণ্ট গভৰ্ণৰে নিজৰ ইচ্ছামতে সেই পৰামৰ্শ গ্ৰহণ বা প্ৰত্যাখ্যান কৰিব পাৰিব।

অৰ্থাৎ সাধাৰণতে ৰাজ্যসমূহৰ ক্ষেত্ৰত ৰাজ্যপালে চৰকাৰৰ পৰামৰ্শ অনুসৰি কাম কৰিব লাগে, কিন্তু ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰে চৰকাৰৰ পৰামৰ্শ অনুসৰি কাম কৰিব নালাগে। আন ৰাজ্যৰ ৰাজ্যপালতকৈ তেওঁৰ ক্ষমতা বেছি। এনে পৰিস্থিতিত কেজৰিৱাল নেতৃত্বাধীন সেৱা কৰ্তৃপক্ষই কোনো পৰামৰ্শ দিলেও উপ-ৰাজ্যপালে গ্ৰহণ কৰিবলৈ বাধ্য নহ’ব।

লগতে পঢ়ক: উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা সহকাৰী কৰ আয়ুক্ত মিনাক্ষীৰ ঘৰত উদ্ধাৰ টকাৰ পাহাৰ

ইপিনে, দিল্লীৰ শাসকীয় আম আদমী পাৰ্টিয়ে কেন্দ্ৰৰ বিৰুদ্ধে ‘আদালত অৱমাননা’ৰ অভিযোগ উত্থাপন কৰিছে। আনহাতে, বিগত দুদিন ধৰি আম আদমী পাৰ্টীয়ে অভিযোগ কৰি আহিছে যে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা বাতিল কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ মাজতে, দিল্লীৰ বৰ্খাস্ত হোৱা সেৱা সচিবগৰাকীয়ে আপৰ মন্ত্ৰীয়ে তেওঁৰ সৈতে বেয়া আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰে। এই সকলোবোৰ বিতৰ্ক আৰু ষড়যন্ত্ৰৰ অভিযোগৰ মাজতে কেন্দ্ৰই নতুন অধ্যাদেশ আনি পুনৰ ক্ষমতা হস্তগত কৰিলে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

September 8, 2026 11:33 am
আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

September 8, 2026 10:35 am
আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am
মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

September 8, 2026 11:33 am
আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

September 8, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd