NORTHEAST NOW (Assamese)

অসমত ‘বিদেশী’ ৰাতিৰ ভিতৰতে ‘স্বদেশী’ হয় : ড০ পৰমানন্দ ৰাজবংশী

September 26, 2018 9:36 am · এন ই নাও নিউজ
অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ প্ৰতিনিধিত্ব মূলক চিত্ৰ

বিদেশীৰ বাবে অসম নিৰাপদ। কিয়নো অসমত বিদেশী ৰাতিৰ ভিতৰতে স্বদেশী হৈ যাব পাৰে। আচলতে ইয়াৰ বাবে দায়ী সাধাৰণ জনতা নে অসম চৰকাৰ! বৰ্তমান অসমখনৰ প্ৰত্যেক জনগোষ্ঠীৰে নিজৰ নিজৰ ভাষাৰ প্ৰতি সংকট আহি পৰিছে। এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ।

ওদালগুৰি জিলাৰ ৰৌতা কনিষ্ঠ মহবিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থকা পৰমানন্দ ৰাজবংশীয়ে নিজৰ ভাষণ প্ৰসংগত আৰু কয় যে চৰকাৰলৈ বাট চোৱাৰ পৰিৱৰ্তে আমি নিজে নিজৰ ভাষা-সাহিত্য চৰ্চাৰে সমাজত এক বৌদ্ধিক পৰিৱেশ গঢ়ি তুলিব লাগিব। এই ক্ষেত্ৰত সাহিত্য সভাবোৰৰ গুৰুত্ব তথা কৰণীয় অপৰিসীম।

সাহিত্য সভাৰ সভাপতি গৰাকীৰ উপৰি উক্ত মুকলি সভাত ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে উদ্বোধনী ভাষণ আগবঢ়ায়। সভাখনত সভাপতিত্ব কৰে ৰূপালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক কৰেন্দ্ৰ বসুমতাৰীয়ে।

উল্লেখ্য যে মুকলি সভাৰ পূৰ্বে ২০১৮ বৰ্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক মানপত্ৰ, জাপি আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

ৰূপালী জয়ন্তী উৎসৱৰ মুকলি সভাত বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক প্ৰশান্ত বড়ো, বিধায়ক চৰণ বড়ো, প্ৰাক্তন বিধায়ক ৰখেশ্বৰ ব্ৰহ্ম, অসম সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সম্পাদক অবনী চহৰীয়াকে ধৰি বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকি তাৎপৰ্যমূলক বক্তৃতা আগবঢ়ায়।

Related News