উপ- নিৰ্বাচনৰ পিছত থাওৰবাসীয়ে সুশান্ত বৰগোঁহাইক প্ৰাক্তন বিধায়ক হিচাপে চিনি পাব;  অখিল গগৈ

ৰাজ্যৰ ছটা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ধাৰ্য কৰা নাই যদিও ক্ৰামাৎ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ।

 শিৱসাগৰ জিলাৰ থাওৰা বিধানসভা সমষ্টিতো অনুষ্ঠিত হব উপ নিৰ্বাচন।

কাৰণ বিগত নিৰ্বাচনত থাওৰাৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহাই বিজয়ী হৈছিল যদিও বিধায়ক হিচাপে তিনি প্ৰায় তিনি মাহ হওতেই তেওঁ কংগ্ৰেছ দল ত্যাগ কৰি তথা বিধায়ক পদৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰিছিল।

ইতিমধ্য উপ নিৰ্বাচনৰ বাবে থাওৰা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী হিচাপে সুশান্ত বৰগোঁহাইয়ে প্ৰাৰ্থিত্ব পোৱাটো প্ৰায় নিশ্চিত।

কিন্তু এইবাৰ সুশান্ত বৰগোঁহাইৰ বাবে নিৰ্বাচনত জয়ী হোৱাটো সহজ নহব। কাৰণ এইবাৰ নিৰ্বাচনত ৰাইজৰ দলে থাওৰা সমষ্টিৰ পৰা শক্তিশালী প্ৰাৰ্থী ধৈৰ্য কোঁৱৰক প্ৰক্ষেপ কৰিছে।

Latest News:সাক্ষী হওঁক বিৰল মহাজাগতিক পৰিঘটনাৰ:আজি আৰু কাইলৈ আকাশত খালি চকুৰেই দেখিবলৈ পাব বৃহস্পতি আৰু শনি গ্ৰহক

ধৈৰ্য কোঁৱৰৰ  হৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে থাওৰাৰ প্ৰতিখন গাঁৱলৈ গৈ নিৰ্বাচনী প্ৰচাৰ চলাই থকা দেখা গৈছে।

আজি পালেঙ্গীত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী সভাত অংশ লোৱাৰ অন্তত নৰ্থইষ্ট নাওৰ সাংবাদিকৰ আগত অখিল গগৈয়ে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

তেওঁ কয়, আগন্তুক উপ নিৰ্বাচনত সুশান্ত বৰগোঁহাই পৰাজিত হোৱাটো নিশ্চিত। থাওৰাবাসীয়ে সুশান্ত বৰগোঁহাইক প্ৰতাৰক,  বিশ্বাসঘাটক বুলি ধৰি লৈছে আৰু সুশান্ত বৰগোঁহাইক বিদায় দিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে।   নিৰ্বাচনৰ পিছত তেওঁক থাওৰাবাসীয়ে প্ৰাক্তন বিধায়ক হিচাপেহে চিনি পাব। এই মন্তব্য কৰে অখিল গগৈয়ে।

আনহাতে কংগ্ৰেছ দলক সমালোচনা কৰি অখিল গগৈয়ে কয়,  পাঁচটা সমষ্টি আমি কংগ্ৰেছ দলক এৰি দিছো,  মাত্ৰ থাওৰাত আমি প্ৰাৰ্থী দিছো। ইয়াৰ পিছতো যদি কংগ্ৰেছ দলে ৰাইজৰ দলক সমৰ্থন নকৰে,  ধৈৰ্য কোঁৱৰক সমৰ্থন নকৰি থাওৰাত প্ৰাৰ্থী দিয়ে তেন্তে বুজিব লাগিব সুশান্ত বৰগোঁহাইক জিকাবলৈ কংগ্ৰেছে সহায় কৰিছে।

তেওঁ লগতে কয়,  কংগ্ৰেছ দলত বহুত বিজেপিৰ মানুহ আছে, এতিয়াও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত লাইন পোনাই থকা মানুহ আছে। সেইবাবে কংগ্ৰেছ হাইকামাণ্ডে সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই বুলি মন্তব্য কৰে অখিল গগৈয়ে।