• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আদৰণি ভাষণৰ উত্তৰত ‘জয় ভীম’ শ্লোগান মুখ্য ন্যায়াধীশ বিআৰ গাভাইৰঃ দেশৰ দ্বিতীয়জন দলিত মুখ্য ন্যায়মূৰ্তি হিচাপে দায়িত্ব গ্ৰহণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 14, 2025 4:37 pm
282
VIEWS
Share on FacebookShare on Twitter

আজি বিআৰ গাভাই মুখ্য ন্যায়াধীশ হোৱা দ্বিতীয়জন দলিত হিচাপে পৰিগণিত হয়। বুধবাৰে তেওঁ শপত গ্ৰহণ কৰে। ইয়াৰ পাছতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে তেওঁক অভিনন্দন জনায়। তেওঁলোকৰ ভাষণৰ প্ৰত্যুত্তৰত মুখ্য ন্যায়াধীশ গাভাইয়ে ‘জয় ভীম’ শ্লোগান প্ৰদান কৰে। মন কৰিবলগীয়া যে ‘জয় ভীম’ দলিত অধিকাৰ আন্দোলনৰ এক ব্যাপক শ্লোগান। মুখ্য ন্যায়াধীশ হৈ গাভাইয়ে নিজৰ দলিত পৰিচয়ৰ ওপৰত আলোকপাত কৰে।

বুধবাৰে দেশৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে ন্যায়াধীশ বি আৰ গাভাইয়ে। বুধবাৰে ৰাষ্ট্ৰপতি ভৱনত শপত গ্ৰহণ কৰে। গাভাই ভাৰতৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম বৌদ্ধ ধৰ্মাৱলম্বী হিচাপে পৰিগণিত হয়। শপত গ্ৰহণৰ অন্তত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বহুতে তেওঁক অভিনন্দন জনায়। নতুনকৈ শপত গ্ৰহণ কৰা মুখ্য ন্যায়াধীশগৰাকী ৰাষ্ট্ৰপতি ভৱনৰ পৰা উচ্চতম ন্যায়ালয়লৈ যায়। বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তিলৈ ফুলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাতে গাভাইক অধিবক্তা আদিয়ে আদৰণি জনায়।

পৰম্পৰা অনুসৰি আইন মন্ত্ৰালয়ে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাক তেওঁৰ উত্তৰাধিকাৰীৰ নাম প্ৰস্তাৱ কৰিবলৈ আমন্ত্ৰণ জনাইছিল। একেদৰে ন্যায়াধীশ খান্নাই বি আৰ গাভাইৰ নাম প্ৰস্তাৱ কৰে। আগন্তুক ছমাহৰ বাবে দেশৰ মুখ্য ন্যায়াধীশ হিচাপে থাকিব গাভাই। চলিত বৰ্ষৰ নৱেম্বৰ মাহত তেওঁ অৱসৰ ল’ব। ন্যায়াধীশ বালকৃষ্ণনৰ পাছতে দেশৰ দ্বিতীয়জন দলিত মুখ্য ন্যায়াধীশ হ’ব বি আৰ গাভাই।

২০০৩ চনত বম্বে উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা গাভাই ২০০৫ চনত স্থায়ী পদ লাভ কৰে।২০১৯ চনৰ পৰা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা গাভাই বিমুদ্ৰাকৰণৰ পৰা আৰম্ভ কৰি নিৰ্বাচনী বণ্ডলৈকে কমেও ৩০০টা গোচৰৰ সৈতে জড়িত আছিল। এতিয়া তেওঁ অহা ছমাহ দেশৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিব।

Recent News

শিক্ষাই দেখুৱাব জীৱনৰ বাট! প্ৰেৰণা এনজিঅ’ আৰু দিল্লীৰ কালিবাৰীৰ উদ্যোগত পথৰ শিশুসকলক শিক্ষামূলক সামগ্ৰী বিতৰণ

শিক্ষাই দেখুৱাব জীৱনৰ বাট! প্ৰেৰণা এনজিঅ’ আৰু দিল্লীৰ কালিবাৰীৰ উদ্যোগত পথৰ শিশুসকলক শিক্ষামূলক সামগ্ৰী বিতৰণ

নগাঁৱৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা কিশোৰী গুৱাহাটীত উদ্ধাৰ

নগাঁৱৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা কিশোৰী গুৱাহাটীত উদ্ধাৰ

‘Yellow Glow Water’ ট্ৰেণ্ডক লৈ সকলো উদ্বাউল হৈ পৰিছে, কথাটো কি জানেনে? আঁৰত কি আছে?

‘Yellow Glow Water’ ট্ৰেণ্ডক লৈ সকলো উদ্বাউল হৈ পৰিছে, কথাটো কি জানেনে? আঁৰত কি আছে?

অসম কংগ্ৰেছৰ প্ৰচাৰত ৫ হাজাৰ ইছলামিক দেশৰ ছ’চিয়েল মিডিয়া একাউণ্ট জড়িত থকাৰ অভিযোগ! তুংগত উঠিছে হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছৰ মাজৰ বাক-বিতণ্ডা

অসম কংগ্ৰেছৰ প্ৰচাৰত ৫ হাজাৰ ইছলামিক দেশৰ ছ’চিয়েল মিডিয়া একাউণ্ট জড়িত থকাৰ অভিযোগ! তুংগত উঠিছে হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছৰ মাজৰ বাক-বিতণ্ডা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd