ৰাজ্যখনত নতুনকৈ আৰু ১২০২ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ। ইয়াৰে ৭৭৭ গৰাকী মহানগৰী গুৱাহাটীৰ।
ৰাজ্যখনত বৰ্তমান কোভিড-১৯ত আক্ৰান্ত ৰোগীৰ মুঠ সংখ্যা হৈছে ১১০০১ গৰাকী।
বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৪২৪১ গৰাকী।
ৰাজ্যখনত বৰ্তমানলৈ ৬৭৪৩ গৰাকী আক্ৰান্ত ৰোগীয়ে আৰোগ্য লাভ কৰিছে।
সেইদৰে, অসমত এতিয়ালৈকে কোভিড-১৯ত আক্ৰান্ত হৈ ১৪গৰাকী ৰোগীৰ মৃত্যু হৈছে।
শনিবাৰে নিশা এটা টুইটৰ জৰিয়তে ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰিছে।
📌Alert ~ In the biggest spike ever, Assam on 4th July reported 1202 cases, 777 of these from Guwahati City alone. Time for all of us to be extra vigilant.
↗️Total cases 11001
↗️Recovered 6327
↗️Active cases 4657
↗️Deaths 14#AssamCovidCount pic.twitter.com/NMsgLD0Pnl— Himanta Biswa Sarma (@himantabiswa) July 4, 2020
গুৱাহাটীত শুক্ৰবাৰৰ দিনটোত একেলগে ১৩৪ গৰাকী আক্ৰান্ত হোৱাৰ লগতে ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ২৩৮ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছিল।
বুধবাৰে নিশাৰ ভাগত ৩৮০ গৰাকী আৰু পুৱাৰ ভাগতো গুৱাহাটীতে ১২২ গৰাকী লোকৰ কোভিড-১৯ পজিটিভ আহিছিল ।
মঙ্গলবাৰৰ নিশা ১২ বজাত ৩৮০ গৰাকী আক্ৰান্ত হোৱাৰ খবৰ দিছিল মন্ত্ৰীগৰাকীয়ে।
মঙ্গলবাৰৰ দিনটোত ৰাজ্যত মুঠ ৬১৩ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছিল।
গুৱাহাটীত ভয়ংকৰ ৰূপত গণ সংক্ৰমণ হোৱাৰ ফলত যোৱা ১৫ জুনৰ পৰা এতিয়ালৈকে প্ৰায় ২৫০০ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছে।
উল্লেখযোগ্য যে, গুৱাহাটী মহানগৰীত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে সামাজিক (গণ) সংক্ৰমণ। যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰৰ পৰা ১৪ দিনৰ বাবে সমগ্ৰ কামৰূপ মেট্ৰোত দিয়া হৈছে লকডাউন।
ইয়াৰোপৰি, ৰাজ্যৰ অন্য টাউন এলেকাত প্ৰত্যেক সপ্তাহৰ শনিবাৰ দেওবাৰে ঘোষণা কৰা হৈছে লকডাউন।
লগতে সমগ্ৰ ৰাজ্যত সন্ধ্যা ৭ বজাৰ পৰা পুৱা ৭ বজালৈকে জাৰি কৰা হৈছে সান্ধ্য আইন।
কালিৰ দিনটোত ৰাজ্যত ৪১৬ গৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিছিল।