কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আজি অনুষ্ঠিত হৈ যায়। ইয়াৰ জৰিয়তে ৰাজ্যৰ জনসাধাৰণে ২২৪টা সমষ্টিত নিজৰ নতুন প্ৰতিনিধি নিৰ্বাচন কৰিব। ৰাইজে কাক নিৰ্বাচন কৰিছে ১৩ মে’ত গম পোৱা যাব। ইয়াৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰতিটো ৰাজনৈতিক দলে ধুমুহাৰ সৃষ্টি কৰিছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আছিল ৰাজ্যৰ শাসকীয় বিজেপিৰ আটাইতকৈ ডাঙৰ তাৰকা প্ৰচাৰক। ইয়াত ৰেলী, জনসভা, ৰোড শ্ব’কে ধৰি মুঠ ২৫টা নিৰ্বাচনী কাৰ্যসূচী অনুষ্ঠিত কৰিছিল মোদীয়ে। আনহাতে, ছোনিয়া গান্ধীয়ে অসুস্থ হৈও কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাইছিল, যাক নৰেন্দ্ৰ মোদীয়ে নিজেও উপহাস কৰাৰ পৰা বিৰত নাথাকিল।
লগতে পঢ়ক: Karnataka Exit Poll: দক্ষিণৰ একমাত্ৰ গেৰুৱা দুৰ্গত পতন! প্ৰচণ্ড চাপত মোডী-শ্বাহ
২২৪ আসনৰ কৰ্ণাটক বিধানসভাত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা ১১৩ জন। বিগত বিধান সভা নিৰ্বাচনত এই যাদুকৰী সংখ্যা পাৰ হওঁতে বিজেপি, কংগ্ৰেছ দুয়োটা দলেই হাবাথুৰি খাইছিল। সংখ্যাৰ খেল এখনত ইজনে সিজনক পৰাস্ত কৰিবলৈ তৎপৰ আছিল দুয়োটা দল।
এইবাৰ কংগ্ৰেছে স্থানীয় সমস্যা উত্থাপন কৰিছিল আৰু প্ৰথম অৱস্থাত নিৰ্বাচনী প্ৰচাৰৰ বাঘজৰী স্থানীয় নেতাৰ হাতত আছিল। অৱশ্যে পৰৱৰ্তী সময়ত ইয়াৰ শীৰ্ষ নেতা যেনে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী, দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভদ্ৰাও নিৰ্বাচনী প্ৰচাৰত যোগদান কৰে।
ৰিপাব্লিক টিভিয়ে এতিয়ালৈকে প্ৰকাশ কৰা এগজিট প’লৰ মতে আসনৰ অংশীদাৰিত্বৰ ক্ষেত্ৰত কংগ্ৰেছে আগবাঢ়ি আছে। হাত শিৱিৰে ৯৪ৰ পৰা ১০৮খন আসন পাব পাৰে। আনহাতে, শাসকীয় বিজেপিয়ে হয়তো ৮৫-১০০ আসন পাব পাৰে। তেনে ক্ষেত্ৰত চৰকাৰ গঠনৰ বাবে কিং মেকাৰ হ’বলৈ আগবঢ়া জেডিএছৰ প্ৰয়োজন হ’ব পাৰে। জেডিএছে পাব পাৰে ২৪ৰ পৰা ৩২খন আসন। আনসকলে ২-৬খন আসন পাব বুলি সমীক্ষাত প্ৰকাশ পাইছে।
লগতে পঢ়ক: Avenger 220 Street: বাইক বিলাসীৰ বাবে সুখবৰ! পুনৰ মুকলি কৰা হৈছে এভেঞ্জাৰ ২২০ ষ্ট্ৰীট; দাম কিমান?
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি কৰ্ণাটকত ৫.২১ কোটি ভোটাৰ আছে। ইয়াৰ ভিতৰত ৯ লাখ ১৭ হাজাৰ ভোটাৰে প্ৰথমবাৰৰ বাবে ভোটদান কৰিব। ২০২৩ চনৰ ১ এপ্ৰিলত ১৮ বছৰ সম্পূৰ্ণ কৰাসকলেও ভোটদান কৰিব পাৰিব। নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পিছত সকলোৰে দৃষ্টি বৰ্তমানৰ ৰাজনৈতিক সমীকৰণৰ ওপৰত নিবদ্ধ।