কৰ’নাৰ কৰাল গ্ৰাসত এতিয়ালৈ উত্তৰ প্ৰদেশত প্ৰাণ গ’ল ১৩জন নেতা-বিধায়কৰ

Coronavirus in UP

প্ৰতিনিধিত্বমূলক ফটো।

দেশত মাৰাত্মক কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত প্ৰতিদিনে ৰেকৰ্ডসংখ্যক লোক আক্ৰান্ত হৈছে। কৰ’নাৰ কবলত পৰি হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে।

এনে উদ্বেগজনক পৰিস্থিতিৰ মাজতে কৰ’নাৰ কবলত পৰি উত্তৰ প্ৰদেশত এক বিপৰ্যয়ৰ সৃষ্টি হৈছে। এটাৰ পাছত এটা মৰ্মান্তিক ঘটনাৰ সাক্ষী হৈছে ৰাজ্যখন।

ৰাজ্যখনত কৰ’নাৰ গ্ৰাসত পৰি প্ৰথম ঢৌৰ পৰা এতিয়ালৈকে ১৩জন বিধায়ক তথা প্ৰাক্তন বিধায়কে প্ৰাণ হেৰুৱাইছে।

ভয়ংকৰ ৰূপ ধাৰণ কৰা কৰ’নাৰ দ্বিতীয়টো ঢৌত ৰাজ্যখনত মাত্ৰ ১৫দিনৰ ভিতৰতে চাৰিজনকৈ বিজেপি বিধায়কৰ মৃত্যু হৈছে। এদিনতে দুজনকৈ বিধায়কৰ মৃত্যুৰ ঘটনাই ৰাজ্যখনৰ ৰাজনৈতিক মহলক শংকিত কৰি তুলিছিল।

শেহতীয়া কৰ’নাত প্ৰাণ হেৰুওৱা চাৰিজন বিধায়ক ভিতৰত দুজন হ’ল ক্ৰমে সুৰেশ শ্ৰীবাস্তৱ আৰু ৰমেশ চন্দ্ৰ দিবাকৰ।

যোৱা ২৮ এপ্ৰিলত বৰেলিৰ বিধায়ক কসৰ সিং গাংগোৱাৰৰ মৃত্যু হৈছিল আৰু ৰায়বেৰেলিৰ ছালন বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক বাহাদূল কৰ’না আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছিল।

বিজেপিৰ উপৰিও যোৱাবছৰৰ পৰা কৰ’নাত প্ৰাণ হেৰুওৱা নেতাসকলৰ ভিতৰত আছে কানপুৰ দেহতৰ ঘাটামপুৰৰ বিধায়ক কমলা ৰাণী বৰুণ, আমৰোহৰ ছাদাতৰ বিধায়ক তথা মন্ত্ৰী চেতন সিং।

ইয়াৰ উপৰি মালহ্নীৰ পৰশনাথ যাদব, দেওৰিয়াৰ সদৰ বিধায়ক জনময় সিঙো কৰ’নাত প্ৰাণ হেৰুৱায়।

কৰ’নাত প্ৰাণ হেৰুওৱা উত্তৰ প্ৰদেশৰ আন নেতাসকল হ’ল আগ্ৰা সদৰৰ প্ৰাক্তন বিধায়ক জগান, কানপুৰ দেহাতৰ পৰা প্ৰাক্তন বিধায়ক মথুৰা প্ৰসাদ পাল, লক্ষীমপুৰ খেৰিৰ প্ৰাক্তন বিধায়ক ৰাজকুমাৰ ভাৰ্মা নিঘাছন, নূৰপুৰ বিজন’ৰৰ প্ৰাক্তন বিধায়ক লোকেন্দ্ৰ সিং আৰু বুলন্দচহৰ সদৰৰ প্ৰাক্তন বিধায়ক বীৰেন্দ্ৰ সিং ছিৰোহি।

উত্তৰ প্ৰদেশত কৰ’নাৰ গ্ৰাসত এনেদৰে নেতাসকলৰ মৃত্যুৱে ৰাজনৈতিক মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে।