NORTHEAST NOW (Assamese)

আমগুৰিত বেলট পেপাৰৰ বিসংগতি : দুটাকৈ কেন্দ্ৰত বাতিল হ’ল ভোট গ্ৰহণ প্ৰক্ৰিয়া

December 5, 2018 9:45 pm · এন ই নাও নিউজ
Updated: December 5, 2018 9:48 pm

আজি অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ সময়ত ৰাজ্যখনৰ বিভিন্ন ঠাইত দেখা দিয়া বিসংগতিৰ সময়তে আমগুৰিতো দুটাকৈ ভোট গ্ৰহণ কেন্দ্ৰত ভোট গ্ৰহণ বাতিল কৰে।

উল্লেখযোগ্য যে নামতি আলি গাঁও পঞ্চায়তৰ কুকুৰচোৱা প্ৰাথমিক বিদ্যালয়ৰ ৮৪ নং ভোট গ্ৰহণ কেন্দ্ৰৰ ৪ নং ৱাৰ্ড আৰু লোণপুৰীয়া প্ৰাথমিক বিদ্যালয়ৰ ৮৯ নং কেন্দ্ৰৰ ৯ নং ৱাৰ্ডত বেলট পেপাৰৰ বিসংগিতৰ বাবেই ভোট গ্ৰহণ বাতিল কৰা হয়।

মন কৰিব লগীয়া যে দুয়োটা কেন্দ্ৰৰ মাজত সালসলনি হোৱা বেলট পেপাৰেই পুৱাৰ পৰা আৰম্ভ হোৱা ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছিল যদিও বেলট পেপাৰৰ বিসংগতি ধৰা পৰা নাছিল। পিছত প্ৰায় আধা অংশ ভোট গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতহে বেলট পেপাৰৰ বিসংগতি ধৰা পৰে।

ফলত তাৎক্ষণিকভাৱে নামতি কুকুৰাছোৱা প্ৰাথমিক বিদ্যালয়স্থিত ভোট গ্ৰহণ কেন্দ্ৰত আধাতে ভোট গ্ৰহণ প্ৰক্ৰিয়া বন্ধ কৰি দিয়া হয়।

একেই অৱস্থা লোণপুৰীয়া প্ৰাথমিক বিদ্যালয়স্থিত ভোটগ্ৰহণ কেন্দ্ৰটো। বেলট পেপাৰৰ বিসংগিতৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰটোত আধাতে প্ৰশাসন আৰু নিৰ্বাচনী বিষয়াৰ উপস্থিতিত ভোট গ্ৰহণ বন্ধ কৰি দিয়া হয়।

Related News