লামডিং-শিলচৰ ব্ৰডগজ ৰে’ল লাইনৰ বাবে ডিমা হাচাও জিলাৰ পাঁচ শতাধিক পৰিয়াল ক্ষতিগ্ৰস্ত হ’ব লগীয়া হৈছিল। ৰে’লপথ নিৰ্মাণৰ বাবে ক্ষতিগ্ৰস্ত হোৱা সেই সকল লোকক প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষই আজিও ক্ষতিপূৰণ প্ৰদান নকৰাত ইণ্ডিজেনাছ স্টুডেন্টছ ফ’ৰামে ৰে’ল অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে।
ৰে’ল অৱৰোধৰ ফলত বৃহস্পতিবাৰৰ দিনৰ বাৰ বজাৰ পৰা জিলাখনৰ পৰিস্থিতি জটিল হৈ পৰে। ঘন্টাৰ পাছত ঘন্টা ধৰি যাত্ৰী সকল নিউ হাফলং ষ্টেশ্যনত আবদ্ধ হৈ পৰাত এক হাহাকাৰ পৰিস্থিতিতিৰ সৃষ্টি হয়।
এই পৰিস্থিতিৰ বুজ ল’বলৈ সহকাৰী দণ্ডাধীশ হেমাংগ নবিছ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকক প্ৰশান্ত দত্ত হাৰাংগাজাওত উপস্থিত হয়। লগে লগে আই এছ এফ নেতা ডেভিদ কেইভমৰ লগতে প্ৰতিবাদকাৰী সকলে জিলা প্ৰশাসনৰ বিষয়ববীয়া সকলৰ সৈতে তৰ্ক যুদ্ধত নামি পৰে।
সংগঠনটোৰ অভিযোগ ৰে’ল কৰ্ত্তৃপক্ষই পাহাৰীয়া ৰাইজক অবজ্ঞাৰ চকুৰে চায়। যাৰ কাৰণে বাৰে বাৰে প্ৰতিশ্ৰুতি দিও ক্ষতিপূৰণ মোকলাই দিয়াত গুৰুত্ব নিদিয়ে। এনেবোৰ কাৰ্যত ক্ষুন্ন হৈয়ে সংগঠনটোৰ নেতা ডেভিদে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা লিখিত প্ৰতিশ্ৰুতি নোপোৱা লৈকে অনিৰ্দিষ্টকালীন ৰে’ল অৱৰোধ চলি থাকিব বুলি কয়।
উল্লেখ্য যে নৰ্থ কাছাৰ হিলছ্ ইণ্ডিজেনাছ স্টুডেন্টছ ফ’ৰামে দীৰ্ঘ প্ৰায় এক দশক ধৰি ব্ৰডগজ ৰে’লপথে ক্ষতি কৰা ৰাইজৰ ক্ষতিপূৰণ আদায় দিয়াৰ দাবি জনাই আহিছে। অবশ্যে আজিৰ পৰা দুই বছৰ আগতে ৰে’লৱেৰ ফালৰ পৰা ক্ষতি পূৰণৰ এটা অংশ মোকলাই দিয়ে যদিও বাকি থকা খিনি আদায় দিয়া নাই। যাৰ কাৰণে জিলাখনত দীৰ্ঘ দিনীয়া আন্দোলন চলি আছে।