NORTHEAST NOW (Assamese)

স্বাধীনতা দিৱস উপলক্ষে ব্যক্তিৰ চলাচলত বিশেষ অনুমতি

August 13, 2020 11:11 pm · এন ই নাও নিউজ

দেশৰ স্বাধীনতা দিৱস উপলক্ষে ১৫ আগষ্টত অসমত পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৫ বজালৈকে ব্যক্তিৰ চলাচলত অনুমতি প্ৰদান কৰা হৈছে।

অসমৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই বৃহস্পতিবাৰে এই সন্দৰ্ভত নিৰ্দেশ জাৰি কৰিছে।

অৱশ্যে এইক্ষেত্ৰত সামাজিক দূৰত্ব, হাতৰ পৰিচ্ছন্নতা, ৰাজহুৱা স্থানত মাস্ক পৰিধান আদি ক’ভিড১৯ৰ সকলো প্ৰ’টকল বজাই চলিব লাগিব।

আনহাতে, অসমত স্বাধীনতা দিৱস উদযাপনৰ কেন্দ্ৰীয় কাৰ্য্যসূচী এইবাৰ খানাপাৰাৰ খেলপথাৰৰ সলনি জজ ফিল্ডত অনুষ্ঠিত হ’ব।

এই সন্দৰ্ভত অসম চৰকাৰে পূৰ্বেই নিৰ্দেশনা জাৰি কৰিছিল।

ক’ৰ’না মহামাৰীৰ প্ৰেক্ষাপটত স্বাধীনতা দিৱস পালনৰ ক্ষেত্ৰত জিলা, মহকুমা প্ৰশাসন তথা জনসাধাৰণৰ বাবে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে।

জন সংযোগ বিভাগে জাৰি কৰা এক জাননীত উল্লেখ থকা অনুসৰি এইবাৰ স্বাধীনতা দিৱসৰ কাৰ্য্যসূচী সীমিত কৰাৰ লগতে ব্যাপক জন-সমাগমৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে।

এইবাৰ স্কুল-কলেজৰ শিক্ষাৰ্থী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু স্কাউট এণ্ড গাইডৰ অংশগ্ৰহণ বাৰণ কৰা হৈছে।

আনহাতে, স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত অংশগ্ৰহণকাৰীসকলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে জাৰি কৰা স্বাস্থ্য বিধিৰ নীতি-নিয়ম সম্পূৰ্ণৰূপে পালন কৰি সামাজিক ব্যৱধান মানি চলা আৰু মাস্ক পৰিধান কৰাটো সম্পূৰ্ণৰূপে বাধ্যতামূলক কৰা হৈছে বুলি জাননীত উল্লেখ কৰা হৈছে।

ইয়াৰোপৰি, দিৱস উদযাপনৰ ক্ষেত্ৰ সম্পূৰ্ণৰূপে চেনিটাইজ কৰাৰ উপৰিও মঞ্চ, বক্তৃতা মঞ্চ, পতাকাৰ দণ্ড, চকী আৰু অন্যান্য সামগ্ৰীসমূহো চেনিটাইজ কৰা হ’ব।

উদযাপনস্থলীৰ প্ৰৱেশদ্বাৰত হাত ধোৱাৰ ব্যৱস্থা কৰাৰ উপৰিও চেনিটাইজ আৰু ‘থাৰ্মেল স্ক্ৰীনিং’ কৰাটো বাধ্যতামূলক কৰিছে।

ইপিনে, স্বাধীনতা দিৱসৰ সৈতে জৰিত কৰিবলগীয়া শ্ৰমিক অথবা অন্যান্য লোক আৰু কাৰ্য্যসূচী চোৱা-চিতাৰ কামত নিয়োজিত নিৰাপত্তাৰক্ষী, চৰকাৰী নিৰীক্ষকক আগতীয়াকৈ কোভিদ-১৯ পৰীক্ষা কৰি লোৱা হ’ব।

স্বাধীনতা দিৱসৰ আনুষ্ঠানিক কাৰ্য্যসূচী অথবা কোনো সাংস্কৃতিক অথবা ক্ৰীড়া অনুষ্ঠান অনুষ্ঠিত কৰা নহ’ব।

বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত নহ’ব যদিও বঁটাপ্ৰাপকসকলৰ নাম স্বাধীনতা দিৱস কাৰ্য্যসূচীত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব আৰু বঁটাপ্ৰাপকসকলৰ বঁটাসমূহ জিলা উপায়ুক্তৰ জৰিয়তে স্ব-গৃহতে প্ৰদান কৰা হ’ব।

কোনোধৰণৰ দুপৰীয়াৰ আহাৰ অথবা চাহ-জলপান বিতৰণ ইত্যাদি কাৰ্য্যসূচী স্বাধীনতা দিৱসত পৰিহাৰ কৰা হৈছে।

ইয়াৰোপৰি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ দ্বাৰা জাৰি কৰা স্বাস্থ্য বিধি অনুসৰি গৰ্ভৱতী মহিলা, একাধিক ৰোগ বা উপসৰ্গত আক্ৰান্ত লোক আৰু ১০ বছৰৰ তলৰ শিশুক স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত অংশগ্ৰহণ নকৰাটোৱেই উচিত বুলি কোৱা হৈছে।

Related News