• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বাধীনতা দিৱস উপলক্ষে ব্যক্তিৰ চলাচলত বিশেষ অনুমতি

এন ই নাও নিউজ by এন ই নাও নিউজ
August 13, 2020 11:11 pm
Independence Day 2020: Movement of individuals allowed between 6am to 5pm in Assam
708
VIEWS
Share on FacebookShare on Twitter

দেশৰ স্বাধীনতা দিৱস উপলক্ষে ১৫ আগষ্টত অসমত পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৫ বজালৈকে ব্যক্তিৰ চলাচলত অনুমতি প্ৰদান কৰা হৈছে।

অসমৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই বৃহস্পতিবাৰে এই সন্দৰ্ভত নিৰ্দেশ জাৰি কৰিছে।

অৱশ্যে এইক্ষেত্ৰত সামাজিক দূৰত্ব, হাতৰ পৰিচ্ছন্নতা, ৰাজহুৱা স্থানত মাস্ক পৰিধান আদি ক’ভিড১৯ৰ সকলো প্ৰ’টকল বজাই চলিব লাগিব।

আনহাতে, অসমত স্বাধীনতা দিৱস উদযাপনৰ কেন্দ্ৰীয় কাৰ্য্যসূচী এইবাৰ খানাপাৰাৰ খেলপথাৰৰ সলনি জজ ফিল্ডত অনুষ্ঠিত হ’ব।

এই সন্দৰ্ভত অসম চৰকাৰে পূৰ্বেই নিৰ্দেশনা জাৰি কৰিছিল।

Relaxation for #IndependenceDay celebration in #Assam pic.twitter.com/q0bJxq0l9n

— sushmita goswami (@sushmitagoswami) August 13, 2020

ক’ৰ’না মহামাৰীৰ প্ৰেক্ষাপটত স্বাধীনতা দিৱস পালনৰ ক্ষেত্ৰত জিলা, মহকুমা প্ৰশাসন তথা জনসাধাৰণৰ বাবে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে।

জন সংযোগ বিভাগে জাৰি কৰা এক জাননীত উল্লেখ থকা অনুসৰি এইবাৰ স্বাধীনতা দিৱসৰ কাৰ্য্যসূচী সীমিত কৰাৰ লগতে ব্যাপক জন-সমাগমৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে।

এইবাৰ স্কুল-কলেজৰ শিক্ষাৰ্থী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু স্কাউট এণ্ড গাইডৰ অংশগ্ৰহণ বাৰণ কৰা হৈছে।

আনহাতে, স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত অংশগ্ৰহণকাৰীসকলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে জাৰি কৰা স্বাস্থ্য বিধিৰ নীতি-নিয়ম সম্পূৰ্ণৰূপে পালন কৰি সামাজিক ব্যৱধান মানি চলা আৰু মাস্ক পৰিধান কৰাটো সম্পূৰ্ণৰূপে বাধ্যতামূলক কৰা হৈছে বুলি জাননীত উল্লেখ কৰা হৈছে।

ইয়াৰোপৰি, দিৱস উদযাপনৰ ক্ষেত্ৰ সম্পূৰ্ণৰূপে চেনিটাইজ কৰাৰ উপৰিও মঞ্চ, বক্তৃতা মঞ্চ, পতাকাৰ দণ্ড, চকী আৰু অন্যান্য সামগ্ৰীসমূহো চেনিটাইজ কৰা হ’ব।

উদযাপনস্থলীৰ প্ৰৱেশদ্বাৰত হাত ধোৱাৰ ব্যৱস্থা কৰাৰ উপৰিও চেনিটাইজ আৰু ‘থাৰ্মেল স্ক্ৰীনিং’ কৰাটো বাধ্যতামূলক কৰিছে।

ইপিনে, স্বাধীনতা দিৱসৰ সৈতে জৰিত কৰিবলগীয়া শ্ৰমিক অথবা অন্যান্য লোক আৰু কাৰ্য্যসূচী চোৱা-চিতাৰ কামত নিয়োজিত নিৰাপত্তাৰক্ষী, চৰকাৰী নিৰীক্ষকক আগতীয়াকৈ কোভিদ-১৯ পৰীক্ষা কৰি লোৱা হ’ব।

স্বাধীনতা দিৱসৰ আনুষ্ঠানিক কাৰ্য্যসূচী অথবা কোনো সাংস্কৃতিক অথবা ক্ৰীড়া অনুষ্ঠান অনুষ্ঠিত কৰা নহ’ব।

বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত নহ’ব যদিও বঁটাপ্ৰাপকসকলৰ নাম স্বাধীনতা দিৱস কাৰ্য্যসূচীত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব আৰু বঁটাপ্ৰাপকসকলৰ বঁটাসমূহ জিলা উপায়ুক্তৰ জৰিয়তে স্ব-গৃহতে প্ৰদান কৰা হ’ব।

কোনোধৰণৰ দুপৰীয়াৰ আহাৰ অথবা চাহ-জলপান বিতৰণ ইত্যাদি কাৰ্য্যসূচী স্বাধীনতা দিৱসত পৰিহাৰ কৰা হৈছে।

ইয়াৰোপৰি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ দ্বাৰা জাৰি কৰা স্বাস্থ্য বিধি অনুসৰি গৰ্ভৱতী মহিলা, একাধিক ৰোগ বা উপসৰ্গত আক্ৰান্ত লোক আৰু ১০ বছৰৰ তলৰ শিশুক স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত অংশগ্ৰহণ নকৰাটোৱেই উচিত বুলি কোৱা হৈছে।

Recent News

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd