স্বাধীনতাৰ অম্ল-মধুৰ কথাঃ ৰাউলাট আইন- বাতৰি কাকতৰ মুখ বন্ধ কৰাৰ চেষ্টা ব্ৰিটিছৰ

ব্ৰিটিছে এই কথা ভালদৰে জানিছিল যে ভাৰতত লাহে লাহে স্বাধীনতাৰ মহা জাগৰণৰ সৃষ্টি হৈ আহিছে। এই মহাজাগৰণত বহুকেইখন বাতৰি কাকত আৰু বিভিন্ন গ্ৰন্থই মানুহক সহায় কৰি আহিছে। সেয়ে বাতৰি কাকতসমূহৰ প্রকাশ বন্ধ কৰাৰ বাবে ব্ৰিটিছে উঠি পৰি লাগিছিল। ব্ৰিটিছে চলে বলে কৌশলে ব্ৰিটিছ বিৰোধী বাতৰি কাকতবোৰ বন্ধ কৰাৰ লক্ষ্যৰে নানান কূট কৌশল ৰচনা কৰিছিল।

তেনে কূট কৌশলেৰে এক বিশেষ অংশ আছিল ৰাউলাট আইন ৷ এই আইনৰ জৰিয়তে ব্ৰিটিছে বাতৰি কাকত আৰু গ্ৰন্থ প্ৰকাশৰ বাবে প্রয়োজন হোৱা পঞ্জীয়ন ব্যৱস্থা বন্ধ কৰাৰ পোষকতা কৰিছিল। ব্ৰিটিছে যেতিয়া ৰাউলাট বিধেয়ক গ্রহণ কৰাৰ বাবে তৎপৰ হৈ পৰিছিল সেই সময়ত মহাত্মা গান্ধী আছিল আহমেদাবাদত। ব্ৰিটিছৰ কুট কৌশলৰ বিষয়ে জানিব পাৰি বল্লভ ভাই পেটেলে মহাত্মা গান্ধীলৈ চিঠি লিখি এই বুলি সুধিছিল-_ ‘এতিয়া আমি কি কৰিম বাৰু? মহাত্মা গান্ধীয়ে লগে লগে এইবুলি উত্তৰ দিছিল যে যদি কিছুসংখ্যক লোকেও এই বিধেয়কখনত স্বাক্ষৰ কৰে তেন্তে বিধেয়কখন আইনলৈ পৰিণত হ’ব । আমি যিকোনো প্ৰকাৰে বিধেয়কখন গৃহীত হোৱাত বাধা দিব লাগিব। ইয়াৰ বাবে আমি এক বিশেষ পন্থা গ্ৰহণ কৰিব লাগিব। সেয়া হৈছে সত্যাগ্ৰহ । সত্যাগ্ৰহৰ জৰিয়তে আমি ব্ৰিটিছক এনে হঠকাৰী সিদ্ধান্তৰ পৰা আঁতৰাই আনিব লাগিব।

যদি কোনো লোকে এই বিধেয়কৰ বিৰোধিতা কৰিবলৈ আগবাঢ়ি নাহে তেন্তে মহাত্মা গান্ধীয়ে অকলেই বিধেয়কখনৰ বিৰোধিতা কৰিব বুলি বল্লভ ভাই পেটেলক আশ্বাস দিছিল৷ মহাত্মা গান্ধীয়ে ১৯১৯ চনৰ ২৪ ফেব্ৰুৱাৰী সত্যাগ্ৰহৰ এক ৰূপৰেখা প্ৰস্তুত কৰিছিল আৰু তাত স্বাক্ষৰ কৰিছিল। সেয়া আছিল ভাৰতীয় স্বাধীনতা সংগামৰ এক উল্লেখযোগ্য ঘটনা। ১৯১৯ চনৰ মাৰ্চ মাহত মহাত্মা গান্ধীয়ে বাতৰি কাকত আৰু গ্রন্থৰ বিৰুদ্ধে ব্ৰিটিছে গ্ৰহণ কৰা পদক্ষেপক প্ৰত্যাহ্বান জনাবলৈ সত্যাগ্ৰহ সম্পৰ্কীয় এক বিবৃতি প্রকাশ কৰিছিল।

দৰাচলতে ব্ৰিটিছে মহাত্মা গান্ধীৰ এই কেইবাখনো গ্ৰন্থ নিষিদ্ধ কৰিছিল। সেইগ্ৰন্থসমূহ আছিল ক্ৰমে হিন্দ স্বৰাজ, সৰ্বোদয়, ষ্ট’ৰী অফ এ সত্যাগ্ৰহী আদি। গান্ধীয়ে সত্যাগ্ৰহ নামৰ এখন সাপ্তাহিক কাকত প্রকাশ কৰিবলৈ আৰম্ভ কৰিছিল।উল্লেখনীয় কথাটো হ’ল ব্ৰিটিছে বাতৰি কাকতৰ পঞ্জীয়ন বন্ধ কৰিবলৈ ৰাউলাট আইন প্ৰৱৰ্তন কৰিব বিচাৰিছিল। এই আইনৰ বিৰোধিতা কৰিয়েই মহাত্মা গান্ধীয়ে সত্যাগ্ৰহ নামৰ সাপ্তাহিক কাকতখন কোনো চৰকাৰী পঞ্জীয়ন নোহোৱাকৈয়ে প্রকাশ কৰিবলৈ আৰম্ভ কৰিছিল। ১৯১৯ চনৰ ৭ এপ্ৰিলৰ দিনা মহাত্মা গান্ধীয়ে এই কথা ঘোষণা কৰিছিল যে সত্যাগ্ৰহ কাকত আৰু এই জাতীয় কাকত চৰকাৰী পঞ্জীয়ন নকৰাকৈয়েই প্রকাশ কৰি চৰকাৰৰ ৰাউলাট বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হ’ব। ব্ৰিটিছেও মহাত্মা গান্ধীৰ এনে কাৰ্যক ফেপেৰি পাতি ধৰিছিল।

বহু সত্যাগ্ৰহীক ব্ৰিটিছে আটক কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু মহাত্মা গান্ধীৰ নেতৃত্বত সত্যাগ্ৰহীয়ে স্বেচ্ছাই কাৰাবৰণ কৰিছিল৷ ১৯১৯ চনৰ ৬ ফেব্ৰুৱাৰীৰ দিনা ব্ৰিটিছে ৰাউলাট বিধেয়কখন উত্থাপন কৰিছিল। এই বিধেয়কৰ বিৰুদ্ধে মহাত্মা গান্ধীৰ আহ্বানত ১৯১৯ চনৰ ৬ এপ্ৰিলৰ দিনা সমগ্ৰ ভাৰতবৰ্ষতে হৰতাল কাৰ্যসূচী পালন কৰা হৈছিল। সেই সময়তে ১৯১৯ চনৰ ৯ এপ্ৰিলৰ দিনা স্বাধীনতা আন্দোলনৰ নেতা সত্যপাল আৰু কিশলেক ব্ৰিটিছে আটক কৰিছিল। ব্ৰিটিছৰ এনে কাৰ্যৰ বিৰুদ্ধে পাঞ্জাৱৰ অমৃতসৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।